ৰাষ্ট্ৰপতি সচিবালয়
শিক্ষক দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
04 SEP 2026 5:38PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে শিক্ষক দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ দেশৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্ভাষণ জনাইছে।
এটি বাৰ্তা যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “শিক্ষক দিৱস উপলক্ষে সমগ্ৰ দেশৰ আমাৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে শিক্ষক দিৱস পালন কৰা হয়। তেওঁ এগৰাকী মহান লেখক আৰু দাৰ্শনিক আছিল। তেওঁ এগৰাকী অসাধাৰণ শিক্ষকো আছিল। তদুপলক্ষে মই তেওঁলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
শিক্ষকসকলে তেওঁলোকৰ পথ-প্ৰদৰ্শন আৰু তত্ত্বাৱধানৰ জৰিয়তে প্ৰতিভা সমূহক লালন-পালন আৰু তেওঁলোকৰ চৰিত্ৰ শক্তিশালী কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হ’বলৈ পথ প্ৰদৰ্শন কৰাটো তেওঁলোকৰ কৰ্তব্য। এগৰাকী নিষ্ঠাৱান আৰু যত্নশীল শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ অনন্য সম্ভাৱনাক চিনি পাব পাৰে, প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব পাৰে আৰু তেওঁলোকক উৎকৃষ্টতা প্ৰদৰ্শনৰ বাবে চেষ্টা কৰিবলৈ উৎসাহিত কৰিব পাৰে।
শিক্ষকসকলে স্বকীয় জ্ঞানক নিৰন্তৰ গভীৰ কৰিব লাগে, প্ৰযুক্তিক আকোৱালি ল’ব লাগে আৰু উদ্ভাৱনীমূলক পাঠদান পদ্ধতি গ্ৰহণ কৰিব লাগে। তেওঁলোকে স্বতন্ত্ৰ চিন্তাধাৰাৰ প্ৰসাৰ ঘটাব লাগে আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুসন্ধানৰ মনোভাৱ গঢ়ি তুলিব লাগে।
মই সমূহ নিষ্ঠাবান শিক্ষক-শিক্ষয়িত্ৰীলৈ তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সকলো শিক্ষকে ৰাষ্ট্ৰখনক অধিক শিখৰত উপনীত কৰোৱা প্ৰজন্মক লালন-পালন কৰক, মই তাৰেই কামনা কৰিলোঁ।”
****
MJPS/SS/PRK/SB
(ৰিলিজ আই ডি : 2306896)
অতিথি কক্ষ : 8