প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শিক্ষক দিৱসৰ দিনটোত শিক্ষকৰ বলিষ্ঠ অৱদানৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে

ড° এছ ৰাধাকৃষ্ণণলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 05 SEP 2026 10:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইবুলি আলোকপাত কৰে যে শিক্ষক দিৱস হৈছে সমাজলৈ শিক্ষকৰ বলিষ্ঠ অৱদানৰ শলাগ লোৱাৰ দিন । তেওঁ লগতে কয় যে এই দিনটো ড° এছ ৰাধাকৃষ্ণণলৈও শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন।

প্ৰধানমন্ত্ৰীয়ে লগতে কালি ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে  ৭, লোক কল্যাণ মাৰ্গ (এল কে এম)ত যি মত-বিনিময় হৈছিল তাৰো আভাস  দাঙি ধৰে ।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

"#শিক্ষক দিৱস হৈছে আমাৰ সমাজলৈ শিক্ষকৰ বলিষ্ঠ অৱদানৰ শলাগ লোৱাৰ দিন। ইয়াৰ উপৰি ড° এছ ৰাধাকৃষ্ণণলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন।"

কালি ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলক ৭, এল কে এমলৈ আমন্ত্ৰণ জনোৱাৰ পিছত কি হৈছিল সেয়া ইয়াত দাঙি ধৰিলো...."

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2306894) অতিথি কক্ষ : 8