গ্ৰামোন্নয়ণ মন্ত্ৰালয়
পঞ্চ সন্মিলনৰ জৰিয়তে সমগ্ৰ দেশতে ভিবি-জি ৰাম জি আইন সম্পৰ্কে সজাগতা বৃদ্ধি
৫.২৬ লাখৰো অধিক পঞ্চায়তীৰাজ প্ৰতিনিধি, কাৰ্য্যকৰ্তা আৰু বিষয়াই ১,৩৩৮ খন পঞ্চ সন্মিলনত অংশগ্ৰহণ কৰিছে
পোষ্ট কৰা হৈছে:
31 AUG 2026 4:10PM by PIB Guwahati
বিকশিত ভাৰত-ৰোজগাৰ আৰু আজীৱিকা অভিযান (গ্ৰামীণ): ভিবি-জি ৰাম জি (Viksit Bharat-G RAM G) আইন, ২০২৫-ৰ ফলপ্ৰসূ ৰূপায়ণ তথা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ (PRI) নিৰ্বাচিত প্ৰতিনিধি আৰু কৰ্মকৰ্তাসকলক অভিমুখী কৰাৰ বাবে আয়োজিত জিলা-পৰ্য্যায়ৰ পঞ্চ সন্মিলনৰ ৰাষ্ট্ৰজোৰা অভিযানে উল্লেখযোগ্য সফলতা লাভ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ তিনিওটা স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি আৰু কাৰ্য্যকৰ্তাসকলক আইনখনৰ ব্যৱস্থাসমূহৰ সৈতে পৰিচয় কৰাই দিবলৈ তথা তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে অৱগত কৰাবলৈ পঞ্চ সন্মিলন আয়োজনৰ আহ্বান জনাইছিল।

সমগ্ৰ দেশতে এই পৰ্য্যন্ত মুঠ ১,৩৩৮ খন পঞ্চ সন্মিলনৰ সফল আয়োজন কৰা হৈছে। এই কৃতিত্বই ভিবি-জি ৰাম জি আইনৰ ফলপ্ৰসূ ৰূপায়ণৰ দিশত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰা সক্ৰিয় অংশগ্ৰহণ, প্ৰদৰ্শন কৰা অংগীকাৰ আৰু শক্তিশালী মালিকীস্বত্বৰ মনোভাৱকে প্ৰতিফলিত কৰে।

এই পঞ্চ সন্মিলনৰ জৰিয়তে ৫.২৬ লাখৰো অধিক পঞ্চায়তীৰাজ প্ৰতিনিধি, কৰ্মকৰ্তা আৰু বিষয়া/কৰ্মচাৰীৰ অংশগ্ৰহণ নিশ্চিত হয়। অংশগ্ৰহণৰ ব্যাপকতাই অংশগ্ৰহণমূলক পৰিকল্পনা, গ্ৰামোন্নয়ন আৰু তৃণমূল-পৰ্য্যায়ৰ শাসন ব্যৱস্থাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ ভূমিকা সম্পৰ্কে স্থানীয় প্ৰতিনিধিসকলৰ মাজত ক্ৰমবৰ্ধমান সজাগতা আৰু উৎসাহক উজ্জ্বল কৰি তুলিছে।
এই পৰ্য্যন্ত ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্ধাৰিত পঞ্চ সন্মিলন সম্পন্ন হৈছে। ইয়াত অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰলম্, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ, জম্মু আৰু কাশ্মীৰ তথা পুডুচেৰী অন্তৰ্ভুক্ত হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সময়মতে আৰু ফলপ্ৰসূ ৰূপায়ণৰ এক উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে।
এই পঞ্চ সন্মিলনসমূহৰ প্ৰসাৰক অধিক সম্প্ৰসাৰণৰ বাবে কেইবাখনো ৰাজ্যই উদ্ভাৱনীমূলক আৰু বহু-স্তৰীয় পন্থা গ্ৰহণ কৰিছে। গুজৰাট, জম্মু-কাশ্মীৰ আৰু পশ্চিম বংগৰ দৰে ৰাজ্যই কেৱল জিলা পৰ্য্যায়তে নহয়, অন্যান্য প্ৰশাসনিক পৰ্য্যায়তো সন্মিলনৰ আয়োজন কৰিছে। ইয়াৰ ফলশ্ৰুতিত পঞ্চায়তীৰাজ প্ৰতিনিধি আৰু কৰ্মীসকলৰ মাজত ব্যাপক প্ৰচাৰ নিশ্চিত হৈছে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্য্যায়ত সজাগতা সৃষ্টি আৰু সামৰ্থ্য বিকাশৰ প্ৰচেষ্টা যথেষ্ট ব্যাপক হৈ উঠিছে।
ভিবি-জি ৰাম জি আইন, ২০২৫-এ গাঁও পঞ্চায়তসমূহক গ্ৰামোন্নয়ন প্ৰক্ৰিয়াৰ কেন্দ্ৰবিন্দুত ৰাখি পৰিকল্পনা, ৰূপায়ণ, নিৰীক্ষণ, স্বচ্ছতা আৰু সামাজিক জবাবদিহিতাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। পঞ্চ সন্মিলনসমূহে বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনা (VGPP), গ্ৰামীণ ৰোজগাৰ নিশ্চয়তা কাৰ্ড, সম্পত্তি সৃষ্টি, অভিসৰণ, সামাজিক নিৰীক্ষণ আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাকে প্ৰমুখ্য কৰি আইনখনৰ ভিন্ন বিধানৰ সৈতে নিৰ্বাচিত প্ৰতিনিধি আৰু কাৰ্য্যকৰ্তাসকলক পৰিচিত কৰাৰ এক ফলপ্ৰসূ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে।
সামগ্ৰিকভাৱে সমগ্ৰ দেশতে উৎসাহজনক গতিৰে পঞ্চ সন্মিলন অভিযানে অগ্ৰগতি লাভ কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সক্ৰিয় অংশগ্ৰহণ আৰু অংশীদাৰসকলক ব্যাপক সংযোগৰ জৰিয়তে গ্ৰামোন্নয়ন, সুশাসন, অংশগ্ৰহণমূলক পৰিকল্পনা আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক সুদৃঢ়কৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন হৈছে।
***
RC/PU/SB
(ৰিলিজ আই ডি : 2305794)
অতিথি কক্ষ : 7