বিত্ত মন্ত্ৰালয়
অপাৰেশ্যন বজ্ৰ ২.০-ৰ অধীনত এক বৃহৎ আন্তঃৰাজ্যিক ঔষধৰ অবৈধ সৰবৰাহৰ গোচৰত চি বি এনে (CBN) ৬৬.৮০ লাখ চাইকোট্ৰপিক টেবলেট জব্দ কৰিছে; এজনক গ্ৰেপ্তাৰ
পোষ্ট কৰা হৈছে:
29 AUG 2026 5:40PM by PIB Guwahati
চাইকোট্ৰপিক ঔষধৰ বেআইনী সৰবৰাহ আৰু চোৰাং বেহাৰ বিৰুদ্ধে এক বৃহৎ সাফল্যত, চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কোটিক্স (চি বি এন), নীমচ, মধ্যপ্ৰদেশ গোটে সংগ্ৰহ কৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত চি বি এনৰ মধ্যপ্ৰদেশ গোটে ব্যৱস্থা গ্ৰহণ কৰে।
পঞ্জাৱ-হিমাচল প্ৰদেশ কৰিডৰৰে চাইকোট্ৰপিক ঔষধৰ এক বৃহৎ অবৈধ চালান সৰবৰাহ হোৱাৰ নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত, চি বি এনৰ মধ্যপ্ৰদেশ গোটৰ এক বিশেষ প্ৰতিৰোধী দলে ২০২৬ চনৰ ২৭-২৮ আগষ্টত 'অপাৰেশ্যন বজ্ৰ ২.০'-ৰ অধীনত ধাৰাবাহিক নিৰীক্ষণ চলায় আৰু চণ্ডীগড়-বাড্ডি আন্তঃৰাজ্যিক পথত কৌশলগতভাৱে অৱস্থান গ্ৰহণ কৰে।
এই অভিযানৰ ফলস্বৰূপে প্ৰয়োজনীয় আইনী নথি-পত্ৰ অবিহনে সৰবৰাহ কৰা ৬৬,৭৯,৯৮০ টা চাইক'ট্ৰপিক (নিচাজাতীয়) টেবলেটৰ এক বৃহৎ চালান জব্দ কৰা হয়, যাৰ ভিতৰত আলপ্ৰাজোলাম, ট্ৰামাডল, নাইট্ৰাজেপাম আৰু ক্লোনাজেপাম আছিল। এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এখন SML Isuzu Sartaj ট্ৰাক জব্দ কৰা হৈছে।
ওৰে নিশা তীক্ষ্ণ নজৰ ৰখাৰ পিছত, ২৭.০৮.২০২৬ তাৰিখে দলটোৱে উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰযুক্ত এখন সন্দেহজনক SML Isuzu Sartaj ট্ৰাক ৰখাবলৈ সক্ষম হয় আৰু বিতং তালাচীৰ বাবে সেইসমূহ এটা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।
সামগ্ৰীখিনিৰ প্ৰতিটো কাৰ্টন পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ ফলত নিয়ন্ত্ৰিত চাইক'ট্ৰপিক দ্ৰব্য থকা ১২০ টা মাষ্টাৰ কাৰ্টন উদ্ধাৰ হয়। এই চালানটোত আলপ্ৰাজোলাম, ট্ৰামাডল, নাইট্ৰাজেপাম আৰু ক্লোনাজেপাম টেবলেট আছিল, যাৰ সৰ্বমুঠ পৰিমাণ ৬৬,৭৯,৯৮০ টা টেবলেট।
প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে অবৈধ যোগান শৃংখল গোপন কৰিবলৈ আৰু নিয়ন্ত্ৰণকাৰী নিৰীক্ষণৰ পৰা হাত সাৰিবলৈ কেইবাটাও ইচ্ছাকৃত পদক্ষেপ গ্ৰহণ কৰা হৈছিল। বুজন পৰিমাণৰ ঔষধৰ ষ্ট্ৰীপ আৰু বাকচৰ পৰা বেটচ নম্বৰ, উৎপাদনৰ তাৰিখ আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ মচি পেলোৱা হৈছিল।
ইয়াৰ উপৰিও, "পঞ্জাৱ হাৰিয়ানা ৰাজ্যত বিক্ৰীৰ বাবে নহয়" (Not to be sold in Punjab Haryana State) বুলি লিখা থকা বুজন পৰিমাণৰ ঔষধ ইনভইচ, বিল্টি বা ই-ৱে বিলৰ দৰে কোনো বৈধ নথি-পত্ৰ অবিহনে এই অঞ্চললৈ সৰবৰাহ কৰা অৱস্থাত ধৰা পৰিছে।



বিতং তালিকা প্ৰস্তুতকৰণ, পৰীক্ষা আৰু ছীল কৰাৰ প্ৰক্ৰিয়া সমগ্ৰ নিশা ধৰি ১৪ ঘণ্টাতকৈয়ো অধিক সময় চলিছিল। সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এছ এম এল ইজুজু চৰতাজ (SML Isuzu Sartaj) ট্ৰাকখনৰ সৈতে ৬৬,৭৯,৯৮০ টা চাইক'ট্ৰপিক টেবলেটৰ সমগ্ৰ চালানটো নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেন্সেছ (এন ডি পি এছ) আইন, ১৯৮৫ ৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত জব্দ কৰা হৈছে।
এন ডি পি এছ আইন, ১৯৮৫ ৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত এজন সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
এই বৃহৎ আন্তঃৰাজ্যিক ঔষধৰ অবৈধ সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত উৰ্ধতন উৎপাদন আৰু যোগান শৃংখলসমূহৰ লগতে নিম্নগামী বিতৰণ নেটৱৰ্ক চিনাক্ত আৰু উৎখাত কৰিবলৈ ব্যাপক পৰৱৰ্তী তদন্ত অব্যাহত আছে। এই চাইক'ট্ৰপিক ঔষধসমূহৰ অবৈধ সৰবৰাহ আৰু চোৰাং বেহাৰ সৈতে জড়িত আন ব্যক্তি আৰু সংস্থাসমূহকো চিনাক্ত কৰিবলৈ এই তদন্তই প্ৰয়াস কৰিব।
চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কোটিক্স (চি বি এন) "ড্ৰাগছ বা ঔষধৰ নিৰাপদ ব্যৱহাৰ" আৰু "নিচামুক্ত ভাৰত অভিযান (NMBA)"-ৰ লক্ষ্যৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ আৰু নিচাজাতীয় ড্ৰাগছ আৰু চাইক'ট্ৰপিক দ্ৰব্যৰ অবৈধ চোৰাং বেহা আৰু সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱা তথ্যভিত্তিক বলৱৎকৰণ ব্যৱস্থা গ্ৰহণ অব্যাহত ৰাখিছে।
চলিত বৰ্ষ ২০২৬-ত চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কোটিক্স (চি বি এন)-এ সফলতাৰে ১৯৭ টা গোচৰ ৰুজু কৰি আৰু অবৈধ ড্ৰাগছ চক্ৰৰ সৈতে জড়িত ২৭২ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ব্যতিক্ৰমী চোৰাংবেহা-বিৰোধী পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। কৃত্ৰিম ড্ৰাগছ উৎপাদন কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ব্যুৰোৱে ৬ টা গোপন পৰীক্ষাগাৰ সফলতাৰে উৎখাত কৰে। ইয়াৰ উপৰিও, সংস্থাটোৰ ব্যাপক অভিযানৰ জৰিয়তে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়, যাৰ ফলস্বৰূপে প্ৰায় ৫১,০০০ কিলোগ্ৰাম বিভিন্ন এন ডি পি এছ (NDPS) ড্ৰাগছৰ লগতে অতিৰিক্তভাৱে ১২,৭২,০০,০০০ চাইক'ট্ৰপিক ঔষধৰ টেবলেট আৰু কেপচুলৰ এক বৃহৎ চালান জব্দ কৰা হয়।
****
SR/KMN/RD
(ৰিলিজ আই ডি : 2305420)
অতিথি কক্ষ : 10