প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি

পোষ্ট কৰা হৈছে: 30 AUG 2026 5:56PM by PIB Guwahati

উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ উজবেকিস্তানলৈ চৰকাৰী ভ্ৰমণ কৰে। আন্তৰিক, বন্ধুত্বপূৰ্ণ পৰিৱেশৰ মাজত  ৰাষ্ট্ৰপতি শাভকট মিৰ্জিঅ’য়েভ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উজবেকিস্তান-ভাৰত দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্তমানৰ  স্থিতি আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে বিস্তৃত পৰ্যালোচনা কৰে। পাৰস্পৰিক স্বাৰ্থ জড়িত হৈ থকা  আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ বিষয়ত তেওঁলোকে  মত বিনিময় কৰে আৰু অধিক  সহযোগিতাৰ বাবে অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰে। উজবেকিস্তান আৰু ভাৰতৰ বলিষ্ঠ সহযোগিতাৰ বিষয়ত  দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে এই সম্পৰ্ক দীৰ্ঘদিনীয়া বন্ধুত্বৰ বান্ধোনৰ লগতে দুয়োখন দেশৰ মাজত গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত।  ভাগ-বাটোৱাৰা কৰা সংকল্পক পুনৰ দৃঢ় কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মূল স্বাৰ্থক আগুৱাই নিব পৰা এক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তৰত সহযোগিতাক উন্নীত কৰাৰ  বিষয়ত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই মধ্য এছিয়াৰ ক্ৰমবৰ্ধমান গুৰুত্বক আদৰণি জনায়। জটিল ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজত তেওঁলোকে মুক্ত আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ  বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বহুপক্ষীয় সহযোগিতা, ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু দ্বিপাক্ষিক চুক্তিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত দীৰ্ঘম্যাদী, পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ় কৰে। তেওঁলোকে বাণিজ্য, অৰ্থনীতি আৰু বিনিয়োগ, পৰিবহণ সংযোগ, ডিজিটেল ৰূপান্তৰ (আই টি, এআই, মহাকাশ, চাইবাৰ সুৰক্ষা), শক্তি পৰিৱৰ্তন, জটিল খনিজ পদাৰ্থ, খাদ্য সুৰক্ষা, স্বাস্থ্যসেৱা, ঔষধ, আৰু শিক্ষাৰ দৰে খণ্ডসমূহৰ ক্ষেত্ৰত ৰাজনৈতিক আলোচনা আৰু ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সন্মত হয়।

ৰাজনৈতিক, সংসদীয়, আৰু নিৰাপত্তা সহযোগিতা

নেতাদ্বয়ে নেতৃত্ব আৰু প্ৰতিষ্ঠানিক উভয় পৰ্যায়তে নিয়মীয়া, বিশ্বাসভিত্তিক আলোচনা বজাই ৰখাৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰে আৰু ভ্ৰমণ তথা দ্বিপাক্ষিক আৰ্হিৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সময়ত যোগাযোগৰ আদান-প্ৰদান অব্যাহত ৰাখিবলৈ সন্মত হয়।

দুয়োখন দেশৰ মাজত হোৱা চুক্তি আৰু ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ সমন্বয় তথা  নিৰীক্ষণ নিশ্চিত কৰাৰ লগতে অগ্ৰাধিকাৰভিত্তিক  দ্বিপাক্ষিক পদক্ষেপ তথা  প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাত সহায়ক হোৱাকৈ নিজ নিজ বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত এক ব্যৱস্থা স্থাপন কৰিবলৈ সন্মত হয়। নেতাদ্বয়ে সংসদীয় কূটনীতিৰ ক্ৰমবৰ্ধমান ভূমিকাৰ কথা  স্বীকাৰ কৰি উজবেকিস্তানৰ অলিয় মজলিছ আৰু ভাৰতীয় সংসদৰ সদনৰ মাজত সম্পৰ্ক গভীৰ হোৱাৰ কথাক  আদৰণি জনায়, য’ত সংসদীয় বন্ধুত্বপূৰ্ণ গোটসমূহৰ মাজত সহযোগিতা তথা আন্তঃৰাষ্ট্ৰীয় আন্তঃসংসদীয় সংগঠনসমূহৰ ভিতৰত পাৰস্পৰিক ক্ৰিয়া-কলাপ আদিও অন্তৰ্ভুক্ত হৈ আছে।

দুয়োগৰাকী নেতাই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ আইনী কাঠামো আৰু অধিক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে দ্বিপাক্ষিক আইনী যন্ত্ৰসমূহৰ বিস্তৃত পৰ্যালোচনাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে,  যাতে দ্বিপাক্ষিক সংযোগত বৰ্তমানৰ অগ্ৰাধিকাৰসমূহ সম্পূৰ্ণৰূপে প্ৰতিফলিত হয় । সমসাময়িক বাস্তৱতাৰ সৈতে মিল থকাকৈ সন্ধিৰ কাঠামো আধুনিকীকৰণৰ  বিষয়ত  যৌথভাৱে কাম কৰিবলৈ  তেওঁলোক সন্মত হয়।

নেতা দুগৰাকীয়ে সীমা অতিক্ৰম কৰি হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ আৰু সন্ত্ৰাসবাদক নিৰ্দ্বিধায় নিন্দা কৰে ; সন্ত্ৰাসবাদৰ প্ৰতি তেওঁলোকৰ শূন্য সহনশীলতাৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে আৰু যিকোনো পৰিস্থিতিতে সন্ত্ৰাসবাদৰ  ন্যায্যতা সম্পূৰ্ণৰূপে নাকচ কৰিছিল। নেতাদ্বয়ে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় নেটৱৰ্ক, নিৰাপদ আশ্ৰয়স্থল, আৰু ইয়াৰ আন্তঃগাঁথনি ভাঙি পেলোৱাৰ আহ্বান জনায়। তেওঁলোকে  কয় যে সন্ত্ৰাসবাদৰ বাবে দায়ীসকলক জবাবদিহি কৰিব লাগিব আৰু অপৰাধী, সমৰ্থক, প্ৰৰোচক, সহযোগীসকলক ন্যায়ৰ কাঠগড়ালৈ আনিব লাগিব। নেতাদ্বয়ে  আইন প্ৰয়োগ, চোৰাংচোৱাৰ তথ্য বিনিময় আৰু হিংসাত্মক উগ্ৰবাদ, অবৈধ ড্ৰাগছ সৰবৰাহ, সংগঠিত অপৰাধ, আৰু চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে সন্ত্ৰাসবাদ বিৰোধী যুটীয়া কাৰ্য্যগোষ্ঠীৰ অধীনত সহযোগিতা অব্যাহত ৰখাৰ গুৰুত্ব পুনৰ দৃঢ়তাৰে  উল্লেখ কৰে।

তেওঁলোকে উজবেকিস্তান আৰু ভাৰতৰ প্ৰতিৰক্ষা তথা নিৰাপত্তা সংস্থাসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সহযোগিতা আৰু ঘনিষ্ঠ সমন্বয়ক প্ৰশংসা কৰে-নিয়মীয়া আদান-প্ৰদান, প্ৰতিষ্ঠানিক ব্যৱস্থা, সামৰ্থ্য বিকাশ, আৰু যৌথ কাৰ্যকলাপৰ জৰিয়তে—আৰু ভাগ-বাটোৱাৰা কৰা নিৰাপত্তা প্ৰত্যাহ্বানসমূহৰ মোকাবিলাত এই সহযোগিতাক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দৃঢ়  কৰে। প্ৰতিৰক্ষা-ঔদ্যোগিক খণ্ডত সহযোগিতাৰ নতুন পথ বিচাৰি উলিওৱাকে ধৰি  সামৰিক সহযোগিতাৰ যুটীয়া কৰ্মগোটৰ কাৰ্যকলাপৰ বিষয়ত  নেতাদ্বয়ে  সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে উজবেকিস্তান-ভাৰত যৌথ সামৰিক অনুশীলন "ডাষ্টলিক"ৰ সফল পৰিচালনাক আদৰণি জনায়, যাৰ শেহতীয়া সংস্কৰণ ২০২৬ চনৰ এপ্ৰিল মাহত উজবেকিস্তানৰ নামংগান অঞ্চলত অনুষ্ঠিত হৈছিল।

আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ শলাগ লৈ নেতাদ্বয়ে  মধ্য এছিয়া-ভাৰত ফৰ্মেটৰ অধীনত ৰাষ্ট্ৰপতি আৰু অন্যান্য পৰ্যায়ত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। আঞ্চলিক বিষয়ত নিয়মীয়াকৈ আলোচনা অব্যাহত ৰখাৰ বিষয়তো তেওঁলোকে  গুৰুত্ব আৰোপ কৰে।

 

বাণিজ্য, অৰ্থনৈতিক, আৰু বিনিয়োগ সহযোগিতা

নেতাদ্বয়ে  উজবেকিস্তান আৰু ভাৰতৰ মাজত শক্তিশালী অৰ্থনৈতিক অংশীদাৰিত্বক আদৰণি জনাই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনাৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী  নেতাই নতুন সুযোগ চিনাক্ত কৰা আৰু ইয়াক মূলধন হিচাপে লৈ দ্বিপাক্ষিক বাণিজ্যক উন্নীত আৰু বৈচিত্ৰ্যময় কৰাৰ বিষয়ত একমত প্ৰকাশ কৰে। তেওঁলোকে কয় যে উজবেকিস্তানত কাম কৰা ভাৰতীয় কোম্পানীসমূহৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সংখ্যাই অৰ্থনৈতিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ অপৰিসীম সম্ভাৱনাকে প্ৰতিফলিত কৰিছে।

দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্যক অধিক উন্নীত কৰাৰ লক্ষ্যৰে বাণিজ্যিক সামগ্ৰীৰ পৰিসৰ বৃদ্ধি, অশুল্ক বাধা আঁতৰোৱা আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ বাবে যৌথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  সন্মত হয়। তেওঁলোকে বিশেষভাৱে দ্বিপাক্ষিক বাণিজ্যৰ মূল খণ্ডসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰি অশুল্ক সমস্যা আৰু বিনিয়োগৰ বাধাসমূহৰ সমাধানৰ বাবে এক যৌথ কৰ্মগোট গঠন কৰাৰ সিদ্ধান্ত লয়।

দুয়োপক্ষই ই-কমাৰ্চ, বাণিজ্যিক প্ৰক্ৰিয়াৰ ডিজিটেলাইজেচন, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই)ৰ প্ৰতি সমৰ্থন আৰু দ্বিপাক্ষিক বাণিজ্যৰ সুবিধাৰ বাবে ডিজিটেল প্লেটফৰ্ম মুকলি কৰাৰ দৰে ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

উজবেকিস্তানৰ পক্ষই উজবেকিস্তানক বিশ্ব বাণিজ্য সংস্থা (WTO)ত যোগদানৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থনৰ শলাগ লয়। উন্নয়নশীল দেশসমূহৰ স্বাৰ্থৰ কথা  মনত ৰাখি বিশ্ব ব্যৱসায় সংস্থাক কেন্দ্ৰত ৰাখি  বহুপক্ষীয় বাণিজ্য ব্যৱস্থাটো সংৰক্ষণ তথা সুৰক্ষাৰ বাবে দুয়োপক্ষই একেলগে কাম কৰিবলৈ সন্মত হয়।

দুয়োপক্ষই উৎপাদন আৰু ৰপ্তানিৰ ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে ইয়াৰ বাবে  সকলো প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সন্মত হয়, নিয়ন্ত্ৰকসকলৰ মাজত আলোচনাক লাভাৱান্বিত কৰা আৰু ইখন দেশে  সিখন দেশৰ  বজাৰত দ্ৰুত তথা বজাৰৰ প্ৰৱেশৰ সুবিধাৰ বাবে পাৰস্পৰিক স্বীকৃতিৰ ব্যৱস্থাৰ অন্বেষণ কৰিবলৈ সন্মত হয়।

নেতাদ্বয়ে বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, আৰু কাৰিকৰী সহযোগিতা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চৰকাৰী আয়োগ আৰু উজবেকিস্তান-ভাৰত ব্যৱসায়িক মঞ্চৰ বৈঠক—২০২৬ চনৰ জুন মাহত আৰু ২০২৬ চনৰ আগষ্ট মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা তাছখন্দ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ মঞ্চৰ বৈঠকৰ ফলাফলৰ অতিশয় শলাগ লয় আৰু দুয়োখন দেশৰ  মাজত বাণিজ্য, অৰ্থনৈতিক আৰু বিনিয়োগৰ সহযোগিতাৰ অধিক সম্প্ৰসাৰণত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

নেতাদ্বয়ে  উজবেকিস্তান আৰু ভাৰতীয় কোম্পানীসমূহৰ মাজত সহযোগিতা গঢ়ি তোলা, দুয়োখন দেশৰ অৰ্থনীতিৰ মাজৰ পৰিপূৰকতাক লাভাৱান্বিত  কৰা আৰু তেওঁলোকৰ মূল্য সংযোজিত যোগান শৃংখলৰ  সংযোগ শক্তিশালী কৰিবলৈ  সন্মত হয়।

দুয়োপক্ষই বৈদ্যুতিক সামগ্ৰী, অভিযান্ত্ৰিক সামগ্ৰী, অটোম’বাইল, আৰু ঔষধৰ দৰে খণ্ডত দ্বিপাক্ষিক বাণিজ্যৰ অপৰিসীম সম্ভাৱনাৰ কথা  স্বীকাৰ কৰে আৰু এই ক্ষেত্ৰসমূহত বাণিজ্য সম্পৰ্কীয় ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়। নেতাদ্বয়ে  পাৰস্পৰিকভাৱে লাভজনক বিনিয়োগৰ সুযোগ চিনাক্ত কৰা আৰু ইয়াৰ প্ৰসাৰ কৰিবলৈ,  বিনিয়োগকাৰীৰ উদ্বেগক মোকাবিলা কৰিবলৈ আৰু ব্যৱসায় কৰাত সহজতা প্ৰদান কৰিবলৈ এক প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰিবলৈ সন্মত হয়।

দুয়োপক্ষই উজবেকিস্তানৰ বিনিয়োগ প্ৰসাৰ সংস্থা আৰু ইনভেষ্ট ইণ্ডিয়াৰ মাজত সহযোগিতা বৃদ্ধি কৰি পাৰস্পৰিকভাৱে লাভজনক বিনিয়োগৰ সুযোগ চিনাক্ত আৰু প্ৰসাৰিত কৰিবলৈ  সন্মত হয়—যৌথ ব্যৱসায়িক মঞ্চ, ৰোডশ্ব’, বিনিয়োগ আলোচনা চক্ৰ আৰু অংশীদাৰসকলৰ পাৰস্পৰিক ক্ৰিয়া-কলাপকে ধৰি—দ্বিপাক্ষিক বিনিয়োগৰ প্ৰবাহ বৃদ্ধি তথা  ব্যৱসায়ৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্যৰ ধাৰাবাহিক বৃদ্ধিৰ বিষয়ত  সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সুদৃঢ় বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ বাণিজ্যৰ অধিক সম্প্ৰসাৰণ তথা বৈচিত্ৰ্যৰ সংকল্পৰ কথা  পুনৰ দৃঢ় কৰে। উজবেকিস্তান-ভাৰত অগ্ৰাধিকাৰ বাণিজ্য চুক্তিৰ যৌথ সম্ভাৱনীয়তা অধ্যয়নৰ তথ্য স্মৰণ কৰি নেতাদ্বয়ে নিজ নিজ মন্ত্ৰালয়সমূহক সময়সীমাৰ ভিত্তিত অধিক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

শক্তি, প্ৰাকৃতিক সম্পদ, আৰু যোগান শৃংখল

নবীকৰণযোগ্য শক্তি, শক্তিৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, সম্ভাৱ্য বিনিয়োগ প্ৰকল্প ৰূপায়ণৰ দৰে ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ বিষয়ত  অনুষ্ঠিত হোৱা আলোচনাক নেতাদ্বয়ে  আদৰণি জনায়।

দুয়োগৰাকী  নেতাই ভূতত্ত্ব, খনন, পাৰমাণৱিক শক্তি, ঔদ্যোগিক সহযোগিতা, আৰু জটিল আৰু কৌশলগত খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সন্মত হয়—য’ত খনিজ সম্পদৰ প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজিত সামগ্ৰীৰ উৎপাদন আৰু পুনঃব্যৱহাৰৰ সৈতে জড়িত প্ৰকল্পসমূহো অন্তৰ্ভুক্ত হৈ আছে। উজবেকিস্তানত সম্ভাৱ্য খনিজ আৱৰ্জনাৰ বিকাশৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানীসমূহৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ লগতে উজবেকিস্তানৰ উদ্যোগসমূহক ভাৰতত যৌথ সহযোগিতাত জড়িত হ’বলৈ উৎসাহিত কৰাৰ বাবেও তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে। পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ সন্দৰ্ভতো সহযোগিতা বৃদ্ধিৰ বাবে  নেতাদ্বয়ে  আগ্ৰহ প্ৰকাশ কৰে।

নেতাদ্বয়ে  ভূতাত্ত্বিক অন্বেষণ, খনন, খনিজ প্ৰক্ৰিয়াকৰণ, আৰু সংহত মূল্য শৃংখলৰ বিকাশৰ সৈতে জড়িত যৌথ প্ৰকল্প ৰূপায়ণৰ জৰিয়তে জটিল খনিজ খণ্ডত সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ সন্মত হয়।

কৃষি

নেতাদ্বয়ে  কৃষি মূল্য শৃংখল গঢ়ি তোলা, ৰপ্তানি সামৰ্থ্য শক্তিশালী কৰা, কৃষি আৰু পশুপালন খণ্ডৰ কাৰিকৰী ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়।

নেতাদ্বয়ে  কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে, উদ্ভাৱন আৰু সম্পদ-দক্ষ প্ৰযুক্তিৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰে। কৃষি বিজ্ঞানৰ ক্ষেত্ৰত আদান-প্ৰদান অব্যাহত ৰখাৰ লগতে সমগ্ৰ অঞ্চলটোত আধুনিক আৰু বহনক্ষম কৃষিৰ বিকাশৰ বাবে বহুপক্ষীয় আৰু আঞ্চলিক মঞ্চসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সন্মত হয়। কৃষিজাত সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্যৰ সুবিধাৰ বাবেও নেতাদ্বয়ে  সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে  কৃষি উৎপাদনশীলতা বৃদ্ধিৰ লগতে উদ্ভিদৰ জিনীয় সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ ক্ষেত্ৰত গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ মাজত সহযোগিতা সম্প্ৰসাৰণ কৰাত সমৰ্থন আগবঢ়ায়।

পৰিবহণ, লজিষ্টিক আৰু সংযোগ

নেতাদ্বয়ে বহু-মডাল পৰিবহণ পথ আৰু লজিষ্টিক কৰিডৰৰ উন্নয়নৰ জৰিয়তে উজবেকিস্তান আৰু ভাৰতৰ মাজত পৰিবহণ আৰু লজিষ্টিক সংযোগ বৃদ্ধিৰ বাবে যৌথ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। যাৰ ফলত সামগ্ৰীৰ নিৰৱচ্ছিন্ন গতিবিধিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব ।

পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে মাল পৰিবহণ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখাৰ উদ্দেশ্য নেতাদ্বয়ে  নিশ্চিত কৰে।

উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ বিশেষজ্ঞতাৰ আদান-প্ৰদানৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজত সহযোগিতা সম্প্ৰসাৰণ কৰাৰ লগতে পথৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ ওপৰত যৌথ প্ৰকল্প ৰূপায়ণৰ সুযোগ বিচাৰি উলিওৱাৰ উদ্দেশ্য নেতাদ্বয়ে প্ৰকাশ কৰে ।

নেতাদ্বয়ে  উজবেকিস্তানৰ ৰাজহুৱা পৰিবহণ খণ্ডৰ বাবে পৰিৱেশ-বন্ধুত্বপূৰ্ণ আৰু শক্তি-দক্ষ সমাধান বিকশিত কৰাৰ গুৰুত্ব স্বীকাৰ কৰে আৰু এই ক্ষেত্ৰত যৌথ প্ৰকল্প ৰূপায়ণৰ সুযোগ বিচাৰি উলিয়াবলৈ সন্মত হয়।

ডিজিটেল প্ৰযুক্তি, উদ্ভাৱন, আৰু মহাকাশ সহযোগিতা

নেতাদ্বয়ে তাছখন্দত প্ৰথমখন আই টি পাৰ্কৰ সফল পৰিচালনাক আদৰণি জনায়—ভাৰতীয় চফটৱেৰ টেকন’লজি পাৰ্ক (এছ টি পি আই)ৰ সক্ৰিয় সহযোগত ভাৰতীয় মডেলৰ ওপৰত ভিত্তি কৰি ২০১৯ চনত প্ৰতিষ্ঠা কৰা—আৰু দুয়োখন দেশৰ টেকন’লজি পাৰ্ক, কোম্পানী, ষ্টাৰ্ট-আপ, আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত অংশীদাৰিত্ব আৰু অধিক বৃদ্ধিৰ বাবে সন্মত হয়।

নেতাদ্বয়ে  উচ্চ প্ৰযুক্তি আৰু ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লগতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট সন্মিলনৰ সময়ত হোৱা চুক্তিসমূহ ৰূপায়ণক আদৰণি জনায়।

নেতাদ্বয়ে  বহনক্ষম অৰ্থনৈতিক বৃদ্ধি, উদ্ভাৱন-নেতৃত্বাধীন উন্নয়ন, আৰু সমাজৰ প্ৰত্যাহ্বানৰ ফলপ্ৰসূ সমাধানৰ বাবে এআইৰ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ নিৰাপদ, নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য কৃত্ৰিম বুদ্ধিমত্তা (এআই) ব্যৱস্থাৰ বিকাশ আৰু উন্নতিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়—য’ত অভিজ্ঞতা আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদান আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈ আছে। মহাকাশ প্ৰয়োগ, বৈজ্ঞানিক তথ্যৰ বিনিময়, আৰু যৌথ কৰ্মশালা আৰু প্ৰশিক্ষণৰ জৰিয়তে সামৰ্থ্য বিকাশকে ধৰি মহাকাশ অন্বেষণ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱহাৰিক সহযোগিতা আৰু অধিক বৃদ্ধিৰ বাবে নেতাদ্বয়ে  আগ্ৰহ পুনৰ প্ৰকাশ  কৰে।

শিক্ষা, মানৱ সম্পদ উন্নয়ন, স্বাস্থ্যসেৱা, সংস্কৃতি, ক্ৰীড়া, আৰু পৰ্যটন

উজবেকিস্তান আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া অৱদানক নেতাদ্বয়ে  স্বীকাৰ কৰে।

উজবেকিস্তানত ভাৰত সম্পৰ্কীয় অধ্যয়নৰ অবিৰত সম্প্ৰসাৰণক নেতাদ্বয়ে  আদৰণি জনায় আৰু ভাৰতত উজবেকিস্তান সম্পৰ্কীয় অধ্যয়নৰ সম্প্ৰসাৰণত সমৰ্থন আগবঢ়ায়।

নেতাদ্বয়ে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ দৃষ্টিভংগী প্ৰকাশ কৰে—যিটোৱে উজবেকিস্তান আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰে—যৌথ গৱেষণা কাৰ্যসূচী আৰু শৈক্ষিক সহযোগিতাৰ পদক্ষেপ ৰূপায়ণৰ জৰিয়তেও এয়া সম্ভৱ হৈছে।

দুয়োগৰাকী নেতাই বিশেষকৈ চিকিৎসা, ঔষধ, ৰসায়ন, নেন’ প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ আৰু মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী আৰু পাৰস্পৰিকভাৱে উপকাৰী অংশীদাৰিত্বৰ শলাগ লয়। বিগত কেইবছৰমানৰ পৰা ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীত ২৭০০ৰো অধিক উজবেকিস্তান নাগৰিকে অংশগ্ৰহণ কৰাৰ বিপৰীতে আয়ুষ আঁচনিৰ অধীনত থকা ছাত্ৰ-ছাত্ৰীকে ধৰি ৪০০ৰো অধিক উজবেকিস্তান ছাত্ৰ-ছাত্ৰীক আইচিচিআৰৰ বৃত্তিৰ বাবে নিৰ্বাচিত কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত উজবেকিস্তানত হিন্দী ভাষাৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী বৃত্তিৰ ঘোষণাক উজবেকিস্তানৰ পক্ষই আদৰণি জনায়। দুয়োগৰাকী নেতাই আইটিইচি কাৰ্যসূচীৰ অধীনত মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক বৃদ্ধিৰ বাবে তেওঁলোকৰ সাজু বুলি পুনৰবাৰ উল্লেখ কৰে।

উজবেকিস্তান আৰু ভাৰতে ভৱিষ্যত প্ৰজন্মৰ বাবে এক সেউজ আৰু সুস্থ গ্ৰহ সৃষ্টি কৰাৰ আকাংক্ষা কৰিছে, যি কথাই উজবেকিস্তানৰ "যাচিল মাকন" আৰু ভাৰতৰ "এক পেড় মা কে নাম" পদক্ষেপত প্ৰতিফলিত কৰিছে। এই ভাগ-বাটোৱাৰা কৰা প্ৰতিশ্ৰুতিক আগুৱাই লৈ গৈ ভাৰত আৰু উজবেকিস্তানে আৰল সাগৰ অঞ্চলৰ সেউজকৰণ আৰু পৰিৱেশ পুনৰ্বাসনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি সন্মত হয়। ইয়াত ১০ লাখ মাৰ্কিন ডলাৰ ব্যয়  কৰাৰ লগতে প্ৰয়োজনীয় কাৰিকৰী সাহায্য প্ৰদানকে ধৰি এই পুনৰ্বাসন প্ৰচেষ্টাসমূহ ভাৰতৰ অনুদান-সাহায্যৰ কাঠামোৰ অধীনত গ্ৰহণ কৰা হ’ব। নেতাদ্বয়ে  উন্নত বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে নতুন চিকিৎসা আৰু চিকিৎসা পদ্ধতি বিকশিত কৰিবলৈ ইজনে সিজনৰ শক্তিৰ সহায় লৈ জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাত সন্মত হয়—জৈৱ চিকিৎসা গৱেষণা আৰু চিকিৎসা উদ্ভাৱনকে ধৰি।

দুয়োগৰাকী নেতাই ঔষধ খণ্ডত ক্ৰমবৰ্ধমান সহযোগিতাৰ শলাগ লৈ তাছখন্দ ফাৰ্মা পাৰ্ক ইনোভেটিভ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ফাৰ্মাচিউটিকেল ক্লাষ্টাৰৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ইয়াক যৌথ প্ৰকল্প ৰূপায়ণৰ বাবে, আধুনিক ঔষধ উৎপাদনত বিনিয়োগ আকৰ্ষণ কৰা, উৎপাদনক স্থানীয়কৰণ কৰা, প্ৰযুক্তি হস্তান্তৰৰ সুবিধা প্ৰদান কৰা, আৰু এক উচ্চ দক্ষ কৰ্মশক্তি গঢ়ি তোলাৰ বাবে এক ফলপ্ৰসূ মঞ্চ হিচাপে অভিহিত কৰে।নেতাদ্বয়ে  দুয়োখন দেশৰ নিজ নিজ প্ৰতিষ্ঠান আৰু ঔষধ কোম্পানীসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে ।

ভাৰতীয় কোম্পানীসমূহৰ সহযোগত উজবেকিস্তানত নতুন চিকিৎসা কেন্দ্ৰ, পৰীক্ষাগাৰ, গৱেষণা প্ৰতিষ্ঠান, আৰু যৌথ ঔষধ উৎপাদন উদ্যোগ স্থাপনৰ বাবে নেতাদ্বয়ে  সমৰ্থন প্ৰকাশ কৰে।

যুগ যুগ ধৰি চলি অহা ঐতিহাসিক সম্পৰ্ক, ভাগ-বাটোৱাৰা  কৰা সাংস্কৃতিক আৰু সভ্যতামূলক ঐতিহ্য,  উজবেকিস্তান আৰু ভাৰতৰ জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সন্মানৰ দীৰ্ঘদিনীয়া পৰম্পৰাক স্বীকৃতি দি দুয়োগৰাকী  নেতাই সাংস্কৃতিক আৰু মানৱীয় সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। কলা দলসমূহে সাংস্কৃতিক দিৱস, উৎসৱ, প্ৰদৰ্শনী, ভ্ৰমণৰ আয়োজন কৰাৰ লগতে দুয়োখন দেশৰ সাংস্কৃতিক প্ৰতিষ্ঠানৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক শক্তিশালী কৰাৰ জৰিয়তে এই কাম সম্ভৱ হ’ব। দুয়োগৰাকী নেতাই ২০২৬–২০৩০ বৰ্ষৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচী স্বাক্ষৰ আৰু আৰ্কাইভৰ ক্ষেত্ৰত উজবেকিস্তান-ভাৰতৰ সহযোগিতাৰ চুক্তিক আদৰণি জনায়।

দুয়োগৰাকী  নেতাই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণ, অধ্যয়ন, পুনৰুদ্ধাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু প্ৰাসংগিক গৱেষণা প্ৰতিষ্ঠান, সংগ্ৰহালয়, আৰু পুনৰুদ্ধাৰ কেন্দ্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰসমূহৰ ডিজিটেলাইজেচন, প্ৰত্নতাত্ত্বিক শিল্পকৰ্মৰ ত্ৰিমাত্ৰিক আৰ্হি নিৰ্মাণ, আৰু ইয়াৰ সংৰক্ষণৰ বাবে উন্নত প্ৰযুক্তিৰ প্ৰয়োগ আদি অন্তৰ্ভুক্ত। এই সন্দৰ্ভত নেতাদ্বয়ে   প্ৰাচীন বৌদ্ধ স্থান ফায়াজ-টেপা আৰু কাৰা-টেপাৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ সম্পৰ্কীয় স্বাক্ষৰিত উদ্দেশ্য পত্ৰখনক আদৰণি জনায়।

নেতাদ্বয়ে  বেডমিণ্টন, ধনুৰ্বিদ, দবা আদি খেলৰ খেলুৱৈ আৰু প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ সন্দৰ্ভত অভিজ্ঞতা বিনিময়কে ধৰি ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে  সুস্থ জীৱনশৈলীৰ প্ৰসাৰ আৰু মানুহৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত যোগৰ ভূমিকাক লৈ সন্তুষ্টি প্ৰকাশ কৰে আৰু ২১ জুনত পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।প্ৰশিক্ষক প্ৰশিক্ষণৰ সন্দৰ্ভত উজবেকিস্তানৰ যোগ ফেডাৰেচন আৰু ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ মাজত হোৱা সহযোগিতাক আদৰণি জনায় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উজবেকিস্তানৰ অংশগ্ৰহণকো স্বীকৃতি দিয়ে যোগাসন প্ৰতিযোগিতা। নেতাসকলে উজবেকিস্তানত যোগৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত আগশাৰীৰ ভাৰতীয় বিশেষজ্ঞসকলৰ জড়িততাৰে সহযোগিতা অব্যাহত ৰাখিবলৈ সাজু হোৱা বুলি পুনৰ উল্লেখ কৰে। পৰম্পৰাগত চিকিৎসা বিজ্ঞানত সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাক তেওঁলোকে আদৰণি জনায়।

 

আন্তঃৰাষ্ট্ৰীয় সহযোগিতা

দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰসংঘই বিশ্ব শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰা উচিত। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংস্থাসমূহৰ ভিতৰত পাৰস্পৰিক সহযোগিতাকে ধৰি তেওঁলোকৰ সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।নেতাদ্বয়ে  নিৰাপত্তা পৰিষদকে ধৰি ৰাষ্ট্ৰসংঘৰ সমসাময়িক বিশ্ব বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ সমস্যাসমূহ মোকাবিলা কৰাত ইয়াক অধিক প্ৰতিনিধিত্বমূলক, ফলপ্ৰসূ আৰু দক্ষ কৰি তুলিবলৈ নিৰাপত্তা পৰিষদকে ধৰি ৰাষ্ট্ৰসংঘৰ ব্যাপক সংস্কাৰৰ আহ্বান জনায়। উজবেকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি পুনৰ সমৰ্থন জনাইছে।নেতাদ্বয়ে  গ্ল’বেল চাউথ ৰাষ্ট্ৰসমূহৰ ভাগ-বাটোৱাৰা কৰা স্বাৰ্থ আগুৱাই নিয়াৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত সমন্বয়ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে ।নেতাদ্বয়ে   চাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ ভিতৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে, ইয়াক পাৰস্পৰিক আস্থা বৃদ্ধি, আঞ্চলিক শান্তি, নিৰাপত্তা, আৰু স্থিতিশীলতাক প্ৰসাৰিত কৰাৰ বাবে, আৰু বাণিজ্য, অৰ্থনৈতিক বিষয়, বিনিয়োগ, আৰু সাংস্কৃতিক আৰু মানৱীয় বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে স্বীকৃতি দিয়ে।

২০২৬ চনত ভাৰতৰ ব্ৰিকছৰ ৰাষ্ট্ৰপতিত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱাৰ লগতে ব্ৰিকছ সন্মিলনৰ আয়োজনত সফলতা কামনা কৰে ৰাষ্ট্ৰপতি শাভকট মিৰ্জিঅ’য়েভে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৭-২০৩০ বৰ্ষৰ বাবে নন এলাইন মুভমেণ্টৰ সফল অধ্যক্ষ পদৰ বাবে উজবেকিস্তানৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰতিষ্ঠাপক সদস্য হিচাপে আন্দোলনক সমৰ্থন কৰি যাবলৈ ভাৰতৰ প্ৰস্তুতি পুনৰ দৃঢ় কৰে।দুয়োগৰাকী  নেতাই আন্তঃৰাষ্ট্ৰীয় বিগ কেট মিত্ৰজোঁট (আই বি চি এ) আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ (আই এছ এ) নিজ নিজ ক্ষেত্ৰত বিশ্বজুৰি  সহযোগিতা গঢ়ি তোলাৰ মঞ্চ হিচাপে উল্লেখযোগ্য ভূমিকাক আলোকপাত কৰে। ভাৰতীয় পক্ষই এই কাঠামোসমূহত যোগদানৰ বাবে উজবেকিস্তান পক্ষৰ আগ্ৰহক আদৰণি জনায় আৰু ইয়াৰ বাবে প্ৰয়োজনীয় আলোচনা তথা পদ্ধতিসমূহ সক্ৰিয়ভাৱে সহজ কৰি তুলিবলৈ সন্মতি  প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শাভকট  মিৰ্জিঅ’য়েভ ডাঙৰীয়াৰ লগতে উজবেকিস্তানৰ চৰকাৰ আৰু জনসাধাৰণক এই ভ্ৰমণৰ সময়ত তেওঁক জনোৱা উষ্ম আদৰণি আৰু আন্তৰিক আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। কূটনৈতিক মাধ্যমেৰে এই ভ্ৰমণৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।

 

****

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2304815) অতিথি কক্ষ : 12