ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ৰক্ষা বন্ধনৰ প্ৰাকক্ষণত শুভেচ্ছা জ্ঞাপন কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 27 AUG 2026 8:00PM by PIB Guwahati

ৰক্ষাবন্ধনৰ প্ৰাকক্ষণত শুভেচ্ছা জ্ঞাপন কৰি দিয়া বাৰ্তাত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয়: -

‘ৰক্ষা বন্ধন উপলক্ষ্যে ভাৰত আৰু বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰাচীন কালৰে পৰা আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে ৰক্ষা বন্ধন উৎসৱ। বিশ্বাসেৰে হাতত বন্ধা ৰাখীৰ সূতাডাল ‘ৰক্ষা বন্ধন’ নামেৰে জনাজাত, ইয়াক  সুৰক্ষাৰ পৱিত্ৰ বান্ধোন হিচাপে গণ্য কৰা হয়। বহুতো শ্লোক আৰু মন্ত্ৰত আমি “ৰক্ষে, মা চলা, মা চলা” শব্দ পাওঁ। এই শব্দবোৰে “এই সুৰক্ষাৰ বান্ধোন চিৰদিনৰ বাবে চলি থাকক” কথাষাৰেই  প্ৰতিফলিত কৰে।

সামাজিক উৎসৱ হিচাপে জনপ্ৰিয় হৈ পৰিছে ৰক্ষা বন্ধন,য'ত ভনীয়েকে ভাই আৰু আনসকলৰ হাতৰ  ৰাখী বান্ধে।

 

ই কেৱল ভাই-ভনীৰ মাজত নহয়, ভাই-ভনী, পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমাজৰ মাজতো মৰমৰ উষ্ণতা, সন্মান তথা পাৰস্পৰিক দায়বদ্ধতাৰ প্ৰতীক। এই উৎসৱে আমাক সোঁৱৰাই দিয়ে যে প্ৰতিটো সম্পৰ্ক বিশ্বাস, সংবেদনশীলতা আৰু পাৰস্পৰিক সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।

এই শুভ অনুষ্ঠানত আহক আমি আমাৰ পৰিয়াল আৰু আমাৰ সম্প্ৰদায়ৰ মাজত বন্ধন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰো । আহক আমি এই মনোভাৱেৰে এখন বিকশিত ভাৰতৰ দিশে আগবাঢ়ি যাওঁ”।

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2304554) অতিথি কক্ষ : 36