প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য
পোষ্ট কৰা হৈছে:
29 AUG 2026 8:45AM by PIB Guwahati
মই ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰ, ২০২৬লৈকে উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছোঁ।
ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে মই এক চৰকাৰী ভ্ৰমণসূচীৰে ২৯-৩০ আগষ্টত তাছখণ্ড ভ্ৰমণ কৰিম। শেহতীয়া বছৰসমূহত ভাৰত-উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্বই বিশেষ গতি লাভ কৰিছে। ব্যৱসায় আৰু বিনিয়োগ, ডিজিটেল সংযোগ, প্ৰতিৰক্ষা, শক্তি খণ্ডত আমাৰ সহযোগিতা অধিক সুদৃঢ় কৰা আৰু আমাৰ 'বিকাশিত ভাৰত' তথা 'য়াংগী উজবেকিস্তান'ৰ যৌথ দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মিৰ্জিয়য়েভৰ সৈতে আলোচনা কৰিবলৈ মই উৎসুক হৈ আছোঁ। মই তাছখণ্ড ৰাজ্যিক প্ৰাচ্য অধ্যয়ন বিশ্ববিদ্যালয়ত থকা শাস্ত্ৰী স্মাৰক আৰু মহাত্মা গান্ধী কেন্দ্ৰও দৰ্শন কৰিম, যি আমাৰ দুয়োখন দেশক বান্ধি ৰখা ঘনিষ্ঠ সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ প্ৰতি এক বিশেষ শ্ৰদ্ধাঞ্জলি।
তাছখণ্ডৰ পৰা কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি শাদ্যৰ জাপাৰভৰ আমন্ত্ৰণ ক্ৰমে মই এই গুৰুত্বপূৰ্ণ সংগঠনটোৰ ২৫ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত হ’বলগীয়া ২৬সংখ্যক 'এছচিঅ' (চাংহাই সহযোগিতা সংস্থা) শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিছককলৈ যাত্ৰা কৰিম। ২০১৭ চনৰ পৰা ভাৰত এছচিঅৰ এজন সক্ৰিয় আৰু গঠনমূলক সদস্য হৈ আহিছে। 'সুৰক্ষা, সংযোগ আৰু সুযোগ'ৰ ওপৰত প্ৰতিষ্ঠিত এই অঞ্চলটোৰ বাবে ভাৰতৰ দৃষ্টিভংগীক আগবঢ়াই নিয়াত মই আশাবাদী। লগতে আমাৰ চুবুৰীয়া অঞ্চল আৰু ইয়াৰ বাহিৰতো শান্তি আৰু সুস্থিৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ অভিশাপৰ পৰা মুক্ত এটা অঞ্চল গঢ়ি তুলিবলৈ সহযোগী সদস্যসকলৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।
মই ৰাষ্ট্ৰপতি জাপাৰভ আৰু অন্যান্য এছচিঅ নেতাসকলক সাক্ষাৎ কৰিবলৈ আৰু 'ষষ্ঠ ৱৰ্ল্ড নমেড গেমছ'ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছোঁ, যিটো মধ্য এছিয়াৰ চহকী জীৱন্ত ঐতিহ্যৰ এক উদযাপন আৰু যাক ভাৰতে গভীৰ শ্ৰদ্ধা কৰে।
মই বিশ্বাস কৰো যে এই ভ্ৰমণে মধ্য এছিয়াত ভাৰতৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব, অঞ্চলটোৰ সৈতে আমাৰ সভ্যতাগত সম্পৰ্ক গভীৰ কৰাৰ লগতে শান্তি, সুস্থিৰতা তথা সমৃদ্ধিৰ যৌথ প্ৰচেষ্টাক আগবঢ়াই নিব, যিবোৰ মূল্যবোধ বিশ্বৰ সৈতে ভাৰতৰ সম্পৰ্কৰ মূল ভেটি।
.
****
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2304485)
অতিথি কক্ষ : 6