গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আহমেদাবাদত নিজৰ সংসদীয় সমষ্টিৰ টাইপ-১ ডায়েবেটিছ ৰোগত আক্ৰান্ত কন্যাসকলৰ সৈতে ৰক্ষাবন্ধন (ৰাখী বন্ধন)ৰ শুভ উৎসৱ উদযাপন কৰে

টাইপ-১ ডায়েবেটিছত আক্ৰান্ত শিশুসকলক আজীৱন ইনচুলিন বেজীৰ প্ৰয়োজন হয়, যাৰ ফলত তেওঁলোকৰ পৰিয়ালৰ ওপৰত যথেষ্ট আৰ্থিক বোজা পৰে

মোদীজীৰ নেতৃত্বত আমাৰ চৰকাৰে এনে সকলো শিশুকে আজীৱন বিনামূলীয়া ইনচুলিন প্ৰদান কৰি আছে

বৰ্তমান বহু উন্নত ৰাষ্ট্ৰয়েো কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰি থকা এই দূৰদৰ্শী পদক্ষেপটো মোদী চৰকাৰৰ ‘সেৱা, কৰুণা আৰু সুৰক্ষা’ৰ নীতিৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ

পোষ্ট কৰা হৈছে: 28 AUG 2026 4:53PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আহমেদাবাদত তেওঁৰ সংসদীয় সমষ্টিৰ টাইপ-১ ডায়েবেটিছ ৰোগত আক্ৰান্ত কন্যাসকলৰ সৈতে ৰক্ষা বন্ধনৰ শুভ উৎসৱ উদযাপন কৰে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে ‘এক্স’ৰ এটা পোষ্টত তেওঁ কয়, "আজি আহমেদাবাদত মোৰ সংসদীয় সমষ্টিৰ টাইপ-১ ডায়েবেটিছ ৰোগত আক্ৰান্ত কন্যাসকলৰ সৈতে ৰক্ষা বন্ধনৰ শুভ উৎসৱ উদযাপন কৰিলোঁ। টাইপ-১ ডায়েবেটিছত আক্ৰান্ত শিশুসকলক আজীৱন ইনচুলিন বেজীৰ প্ৰয়োজন হয়, যাৰ ফলত তেওঁলোকৰ পৰিয়ালৰ ওপৰত যথেষ্ট আৰ্থিক বোজা পৰে। মোদীজীৰ নেতৃত্বত আমাৰ চৰকাৰে এনে সকলো শিশুকে আজীৱন বিনামূলীয়া ইনচুলিন প্ৰদান কৰি আছে। বৰ্তমান বহু উন্নত ৰাষ্ট্ৰয়ো কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰি থকা এই দূৰদৰ্শী পদক্ষেপটো মোদী চৰকাৰৰ ‘সেৱা, কৰণা  আৰু সুৰক্ষা’ নীতিৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।"

এই উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে সকলো কন্যাশিশুক ৰক্ষা বন্ধন উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰে।

শ্ৰী অমিত শ্বাহৰ নেতৃত্ব আৰু নিৰ্দেশনাত গান্ধীনগৰ সংসদীয় সমষ্টিৰ টাইপ-১ জুভেনাইল ডায়েবেটিছত আক্ৰান্ত ০ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক মোদী চৰকাৰৰ এই দূৰদৰ্শী পদক্ষেপৰ সুফল নিশ্চিত কৰা হৈছে। এইক্ষেত্ৰত গান্ধীনগৰ লোকসভা সমষ্টিৰ টাইপ-১ ডায়েবেটিছত আক্ৰান্ত শিশুসকলক আজীৱন প্ৰয়োজনীয় ইনচুলিন প্ৰদানৰ বাবে "স্ক্ৰীনিং– ডায়েগন'ছিছ– ইনচুলিন/চিকিৎসা– নিৰীক্ষণ-ফ'ল'আপ"কে ধৰি এক সংহত ব্যৱস্থা স্থাপন কৰা হৈছে।

এই উপলক্ষে ভাষণ দি শ্ৰী অমিত শ্বাহে কয়, “মোদী চৰকাৰৰ বাবে জনসেৱা কেৱল এক দায়িত্ব নহয় বৰঞ্চ দয়ালু প্ৰশাসনৰ মৌলিক মন্ত্ৰহে।” যেতিয়া কন্যা সন্তানৰ স্বাস্থ্য সুৰক্ষিত হ’ব তেতিয়াহে পৰিয়াল আৰু সমাজৰ ভৱিষ্যত সুৰক্ষিত হ’ব। ৰক্ষাবন্ধনৰ শুভ দিন উপলক্ষে কন্যা সন্তানক বিনামূলীয়া ইনচুলিন প্ৰদানৰ এই পদক্ষেপ কন্যাৰ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতীকো।

*****

 

RK/RR/PR/PS/KD


(ৰিলিজ আই ডি : 2304454) অতিথি কক্ষ : 7