প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
খেলো ইণ্ডিয়া ডাইলগৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 AUG 2026 9:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খেলো ইণ্ডিয়া ডাইলগৰ আভাস দাঙি ধৰে । এনে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আয়োজক, কেন্দ্ৰীয় কেবিনেট সদস্য, মুখ্যমন্ত্ৰী আৰু লাখ লাখ মাই ভাৰতৰ স্বেচ্ছাসেৱকক উষ্ম অভিনন্দন জ্ঞাপন কৰে। ২৯ আগষ্টৰ আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসক লক্ষ্য কৰি তেওঁ সমগ্ৰ দেশৰ যুৱ প্ৰজন্ম আৰু সমগ্ৰ ক্ৰীড়া সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কয় যে এই দিনটো ভাৰত মাতাৰ এজন মহান সন্তান মেজৰ ধ্যান চান্দ জীক স্মৰণ কৰাৰ এটি দিন।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
ভাৰতৰ অলিম্পিক যাত্ৰাৰ কিছু তথ্যই আপোনালোক সকলোকে আচৰিত কৰি তুলিব।
'এতিয়া হৈছে উৎকৃষ্টতাৰ বিষয়ত গুৰুত্ব দিয়াৰ সময় আৰু আমি সেয়াই কৰি আছো...
ক্ৰীড়াৰ ক্ষেত্ৰত মনোভাৱৰ পৰিৱৰ্তন দেখা পোৱা নাইনে?
*******
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2304050)
অতিথি কক্ষ : 7