যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ইণ্ডিয়া পোষ্টে উন্নীতকৃত ডাক মিত্ৰ আৰু ডাক সেৱা এপৰ জৰিয়তে ডিজিটেল তথা আন্তঃগাঁথনিৰ ৰূপান্তৰক ত্বৰান্বিত কৰিছে

“বুটামৰ এটা ক্লিকতে ডাক সেৱা: ইণ্ডিয়া পোষ্টে প্ৰযুক্তি সক্ষম জন সেৱাৰ নতুন যুগত প্ৰৱেশ কৰিছে” - কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্দিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ইণ্ডিয়া পোষ্ট আধুনিক, বিশ্বাসযোগ্য আৰু প্ৰযুক্তি সক্ষম প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে

পোষ্ট কৰা হৈছে: 24 AUG 2026 8:38PM by PIB Guwahati

ডাক বিভাগে উন্নীতকৃত ডাক মিত্ৰ আৰু ডাক সেৱা মোবাইল এপ্লিকেচনৰ প্ৰচলনৰ লগতে  সমগ্ৰ দেশতে ১৪টা সংস্কাৰ সাধন কৰা  ডাকঘৰ ভৱন উদ্বোধন কৰি ডাক সেৱা প্ৰদানৰ আধুনিকীকৰণৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।   কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্দিয়া , কেন্দ্ৰীয় যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ চন্দ্ৰ শেখৰ পেম্মাছানিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি  সবল, নাগৰিককেন্দ্ৰিক আৰু সৰ্বাংগীন ভাৰতৰ বাবে উন্নীতকৃত এপ্লিকেচনসমূহ ডিজিটেলভাৱে মুকলি কৰাৰ লগতে সংস্কাৰ সাধন  কৰা ডাকঘৰৰ ভৱনসমূহো উদ্বোধন কৰে।

এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে সমাজৰ শেষ মাইললৈ  সেৱা প্ৰদান ব্যৱস্থাক  শক্তিশালী কৰি তোলা , নাগৰিকৰ অভিজ্ঞতা বৃদ্ধি কৰা আৰু ইণ্ডিয়া পোষ্টৰ ডিজিটেল ৰূপান্তৰক ত্বৰান্বিত কৰা।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0017PQO.jpg

উন্নীতকৃত ডাক মিত্ৰ আৰু ডাক সেৱা এপ্লিকেচন তথা  ১৪টা সংস্কাৰ সাধন কৰা ডাকঘৰ ভৱন মুকলি কৰাৰ অনুষ্ঠানত  উপস্থিত থাকে ক্ৰমে কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়া, যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° চন্দ্ৰ শেখৰ পেম্মাছানি, ডাক বিভাগৰ সচিব শ্ৰী সুব্ৰত দাস, ডাক বিভাগৰ সঞ্চালক প্ৰধান শ্ৰীযুত জিতেন্দ্ৰ গুপ্তা আৰু শ্ৰীমতী প্ৰতিমা নাথ, সদস্য (ইষ্টেটছ)  ।

.

কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ  মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াই কয় যে প্ৰযুক্তি, নীতিৰ সংস্কাৰ, সাংগঠনিক পৰিৱৰ্তন আৰু আধুনিক আন্তঃগাঁথনিৰ দ্বাৰা পৰিচালিত ডাক বিভাগে এক ব্যাপক পৰিৱৰ্তনৰ সাক্ষী হৈছে। ডাক সেৱা আৰু ডাক মিত্ৰ মুকলি কৰাৰ প্ৰসংগত আলোকপাত কৰি তেওঁ কয় যে এই পদক্ষেপসমূহে ডাক সেৱাসমূহ  সহজলভ্য , এইবোৰ ব্যৱহাৰ কৰাত সহজ আৰু ভাৰতীয় প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰাসংগিক কৰি তোলাৰ বাবে বিভাগটোৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। এই মঞ্চসমূহৰ বিকাশ তথা ডাক নেটৱৰ্কৰ আধুনিকীকৰণৰ লগত জড়িত দলসমূহক অভিনন্দন জনাই সমগ্ৰ ইণ্ডিয়া পোষ্টতে  এই চিন্তাধাৰা নাগৰিকসকলক সেৱা আগবঢ়োৱাৰ ধৰণৰ  পৰিৱৰ্তনৰ সাক্ষী হ'ব লাগে বুলি তেওঁ তেওঁ গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ চন্দ্ৰ শেখৰ পেম্মাছানিয়ে কয় যে ডাক সেৱা আৰু ডাক মিত্ৰৰ আৰম্ভণিৰ লগতে ডাকঘৰৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ ইণ্ডিয়া পোষ্টক অধিক নাগৰিককেন্দ্ৰিক আৰু প্ৰযুক্তি-সক্ষম কৰি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। কেনেকৈ ডাক মিত্ৰই দুৱাৰমুখত সেৱা প্ৰদানৰ বাবে ডিজিটেল সঁজুলিৰে ডাক কৰ্মশক্তিক শক্তিশালী কৰে, আনহাতে ডাক সেৱাই ২৩টা ভাৰতীয় ভাষাত উপলব্ধ একক, সুলভ মঞ্চৰ জৰিয়তে একাধিক ডাক সেৱাক একত্ৰিত কৰে সেই বিষয়ে তেওঁ আলোকপাত কৰে। তেওঁ কয় যে এই পদক্ষেপসমূহে ইণ্ডিয়া পোষ্টৰ প্ৰতি থকা পৰম্পৰাগত আস্থা আৰু সেৱাৰ নীতিক আধুনিক প্ৰযুক্তি, অধিক গতি আৰু সহজে প্ৰৱেশৰ সৈতে সংযুক্ত কৰাৰ বাবে বিভাগটোৰ  থকা দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।

ড’প আইটি ২.০ আধুনিকীকৰণৰ অংশ হিচাপে এডভান্সড ডাক প্ৰযুক্তি (এপিটি) প্লেটফৰ্মৰ অধীনত চেণ্টাৰ ফৰ এক্সেলেন্স ইন ডাক টেকন’লজি (চিইপিটি)ৰ দ্বাৰা থলুৱাভাৱে বিকশিত কৰা উন্নীতকৃত ডাক মিত্ৰ (মোবাইল ইন্টাৰফেচ ফৰ ট্ৰেনজেকছন এণ্ড ৰুৰেল এছিষ্টেণ্ট) এপ্লিকেচনে ১.৪ লাখতকৈ অধিক শাখা ডাকঘৰৰ বাবে এক ঐক্যবদ্ধ কাৰ্য্যকৰী মঞ্চ হিচাপে কাম কৰিব ।

এণ্ড্ৰইড ভিত্তিক  ডিভাইচত উপলব্ধ  এই সেৱাই পোষ্টমাষ্টাৰসকলক মেইল ​​বুকিং, অ’টিপি ভিত্তিক দুৱাৰমুখতে দিব পৰা  সেৱা, কোৰ বেংকিং সেৱা, বীমা সেৱা, আধাৰ ভিত্তিক বায়’মেট্ৰিক ই-কেৱাইচি, নগদ  জমা ধন উলিওৱা আৰু দুৱাৰমুখতে পিএলআই/আৰপিএলআই প্ৰিমিয়াম সংগ্ৰহকে ধৰি কাগজবিহীন তথা বাস্তৱ সময়ৰ ডাক আৰু বিত্তীয় লেনদেন কৰিবলৈ সক্ষম কৰি তুলিব ।

 

ডাক সেৱা এপৰ জৰিয়তে নাগৰিকসকলক ট্ৰেকিং, বুকিং, অভিযোগ দাখিল, ডাকঘৰ আৰু পিন ক’ড  ল’কেটৰ  আৰু বিত্তীয় কেলকুলেটৰকে ধৰি ডাক সেৱাৰ ২৪x৭ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে।  লগতে ভাষিনীৰ জৰিয়তে ২৩টা ভাৰতীয় ভাষাও এই ব্যৱস্থাই সমৰ্থন কৰে। একে সময়তে ডাক বিভাগে নতুন দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ (এছ পি এ)ৰ সহযোগত কাৰ্য্যক্ষমতা, সুলভতা, কাৰ্য্যকৰী দক্ষতা আৰু বৰ্ধিত গ্ৰাহকৰ অভিজ্ঞতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা ডিজাইন মেনুৱেলৰ জৰিয়তে ডাকঘৰৰ সুবিধাসমূহ আধুনিকীকৰণ কৰি আছে।

ডিজাইন মেনুৱেলখন চাৰিটা মূল নীতিৰ দ্বাৰা পৰিচালিত হৈছে- ৰাজহুৱা সেৱা হিচাপে , নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান, প্ৰযুক্তি তথা  উদ্ভাৱনৰ জৰিয়তে ভৱিষ্যতৰ বাবে প্ৰস্তুতি, আৰু স্থানীয় অভিযোজনৰ বাবে নমনীয়তাৰ সৈতে প্ৰামাণিককৰণৰ সুবিধা। ইয়াৰ উপৰি ই নগৰীয়া আন্তঃপৃষ্ঠ মণ্ডল, মুক্ত প্ৰৱেশৰ সুবিধা , মুক্ত প্ৰৱেশৰ সেৱা, সেৱা আৰু লেনদেন মণ্ডল আৰু কৰ্মচাৰী মণ্ডলক সামৰি পাঁচটা মণ্ডলৰ স্থানীয় কাঠামো গ্ৰহণ কৰিছে। এই সকলোবোৰ অভিগম্যতা, গতিবিধি, কাৰ্য্যকৰী দক্ষতা আৰু সামগ্ৰিক গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিবলৈ ডিজাইন কৰা হৈছে।

 এছ পি এ ডিজাইন মেনুৱেল অনুসৰি ১৭খন ৰাজ্যৰ ৪০টা ডাকঘৰ ৰূপান্তৰৰ বাবে চিনাক্ত কৰা হৈছিল। ইতিমধ্যে ২৭টা ডাকঘৰৰ ৰূপান্তৰ  সম্পূৰ্ণ হৈছে, ইতিমধ্যে চাৰিটা উদ্বোধন কৰা হৈছে আৰু ১৪টা অতিৰিক্ত সংস্কাৰ সাধন কৰা ডাকঘৰ ২০২৬ চনৰ ২৪ আগষ্টত উদ্বোধন কৰা হৈছে।৪০টা ডাকঘৰৰ ভিতৰত  বাকী থকা ডাকঘৰসমূহৰ ৰূপান্তৰ সাধন  ২০২৬ চনৰ ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ  কৰাৰ  লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।এই পদক্ষেপৰ পৰা লাভ কৰা অভিজ্ঞতা তথা শিক্ষণৰ ভিত্তিত বিভাগে চলিত বিত্তীয় বৰ্ষত অতিৰিক্ত ৬০টা ডাকঘৰলৈ এই কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

আজি উদ্বোধন কৰা ১৪টা ডাকঘৰ হৈছে পাটলীপুত্ৰ (বিহাৰ), বসন্ত কুঞ্জ (দিল্লী), ছেক্টৰ-৫৬ গুৰুগ্ৰাম (হাৰিয়ানা), কাকুৰগাছি (কলকাতা), বিদিশা আৰু সাঁচি (মধ্যপ্ৰদেশ), শ্বিলং (মেঘালয়), কান্দিৱলী পশ্চিম (মুম্বাই), শংকৰ নগৰ আৰু অযোধ্যা নগৰ (নাগপুৰ), নিৰালা নগৰ, গোমতি নগৰ আৰু ইন্দিৰা নগৰ (লক্ষ্ণৌ) আৰু প্ৰয়াগৰাজ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002VUO5.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image003VEFC.jpg

আধুনিকীকৃত তথা নতুনকৈ উদ্বোধন কৰা ডাকঘৰ এটাৰ আভ্যন্তৰীণ অংশৰ আভাস, য’ত নাগৰিককেন্দ্ৰিক সেৱা কাউণ্টাৰ, উন্নত আসনৰ ব্যৱস্থা তথা  সমসাময়িক ইণ্ডিয়া পোষ্ট ডিজাইনৰ বৈশিষ্ট্য বিৰাজমান ।

 

সংস্কাৰ সাধন কৰা ডাকঘৰসমূহত এক সুকীয়া ইণ্ডিয়া পোষ্টৰ  পৰিচয়, নাগৰিককেন্দ্ৰিক বিন্যাস, নিবেদিত সেৱা এলেকা আৰু প্ৰযুক্তি সক্ষম সুবিধাসমূহৰ বৈশিষ্ট্য আছে, য’ত ২৪x৭ সেৱাৰ সুবিধা, এটিএম, আফটাৰ-আৱাৰ বুকিং আৰু স্মাৰ্ট পাৰ্চেল সেৱাৰ দৰে ব্যৱস্থা আদি আছে।ডাক মিত্ৰ  আৰু ডাক সেৱাৰ সৈতে মিলি আধুনিকীকৃত আন্তঃগাঁথনিয়ে শেষ মাইললৈ সেৱা  প্ৰদানক   শক্তিশালী কৰিব, সুলভতা আৰু দক্ষতা উন্নত কৰিব আৰু ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত তথা বিকশিত ভাৰতৰ  সপোন পূৰণ কৰিবলৈ নতুন প্ৰযুক্তিৰ সৈতে ইয়াৰ বিশ্বাসযোগ্যতাক  সংযুক্ত কৰি ইয়াক অধিক নাগৰিককেন্দ্ৰিক কৰি তোলাৰ ইণ্ডিয়া পোষ্টৰ দৃষ্টিভংগীক আগুৱাই লৈ যাব।

***

NJ/ ARJ/DM


(ৰিলিজ আই ডি : 2303402) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati