পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ মৰিছাছ ভ্ৰমণ

মৰিছাছৰ শক্তি নিৰাপত্তা সুদৃঢ় কৰিবলৈ চুক্তি স্বাক্ষৰ

प्रविष्टि तिथि: 22 AUG 2026 10:11AM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে ২০-২১ আগষ্ট, ২০২৬ তাৰিখে মৰিছাছ গণৰাজ্য ভ্ৰমণ কৰে।

 

২০ আগষ্টত মন্ত্ৰীগৰাকীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। তেওঁলোকৰ উপস্থিতিত ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ খণ্ডত সহযোগিতাৰ বাবে চৰকাৰী পৰ্যায়ৰ (জি২জি) এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। তদুপৰি পেট্ৰ’লিয়াম প্ৰজাত সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যে 'ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড' আৰু মৰিছাছৰ 'ষ্টেট ট্ৰেডিং কৰ্প’ৰেচনৰ মাজত এক দীৰ্ঘম্যাদী ক্ৰয়-বিক্ৰয় চুক্তি সম্পন্ন হয়। এই চুক্তি অনুসৰি, আইঅচিএলে মৰিছাছক প্ৰয়োজনীয় সমগ্ৰ মটৰ স্পিৰিট, হাইস্পীড ডিজেল আৰু এভিয়েচন টাৰ্বাইন ইন্ধন যোগান ধৰিব।

 

তেল আৰু গেছ খণ্ডৰ সহযোগিতাসম্পৰ্কীয় এই বুজাবুজিৰ চুক্তিয়ে দুয়োখন দেশৰ মাজত চলি অহা দীৰ্ঘদিনীয়া শক্তি অংশীদাৰিত্বক প্রাতিষ্ঠানিক ৰূপ দিয়ে। ইয়াৰ ভিতৰত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ যোগান, মৰিছাছৰ বিষয়া-কৰ্মচাৰীসকলৰ প্রশিক্ষণ তথা সক্ষমতা বৃদ্ধি আৰু জৈৱ-ইন্ধন খণ্ডৰ সহযোগিতা অন্তৰ্ভুক্ত আছে। আইঅচিএল আৰু এছটিচিৰ মাজত হোৱা এই পাঁচবছৰীয়া চুক্তিয়ে মৰিছাছক এক সুনিশ্চিত দীৰ্ঘম্যাদী ইন্ধন যোগানৰ প্রতিশ্রুতি প্ৰদান কৰিছে, যিয়ে দেশখনৰ শক্তি নিৰাপত্তা সুৰক্ষিত কৰাৰ লগতে মূল্যৰ উঠা-নমাৰ পৰাও ৰক্ষা কৰিব। অলপতে দক্ষিণ এছিয়াৰ বাহিৰত ভাৰতৰ কোনো ৰাজহুৱা খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠানে সম্পন্ন কৰা এইখন প্ৰথমটো দীৰ্ঘম্যাদী যোগান চুক্তি।

 

ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে মৰিছাছৰ শক্তি আৰু ৰাজহুৱা উপযোগিতা মন্ত্ৰী পেট্ৰিক জৰ্ভেইছ আছিৰভাডেন, বাণিজ্য আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী জন মাইকেল চুন চাও ইয়ুং চিক ইয়েন আৰু বৈদেশিক পৰিক্ৰমা, আঞ্চলিক সংহতি আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী ধনঞ্জয় ৰামফুলৰ সৈতে এক ফলপ্ৰসূ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তাৰ সমান্তৰালকৈ তেওঁ পোৰ্ট লুইছৰ মেৰ ৰুজত 'ইণ্ডিয়া অইল (মৰিছাছ) লিমিটেড'ৰ ২৭.৫ টিএমটি ক্ষমতাসম্পন্ন বাংকাৰ মেৰিন ফিউৱেল সংৰক্ষণ ব্যৱস্থাৰ ভূমিপূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

 

এক নিৰ্ভৰযোগ্য শক্তি অংশীদাৰ হিচাপে ভাৰতৰ বৰ্ধিত ভূমিকা

 

২৩টা শোধনাগাৰৰ জৰিয়তে বাৰ্ষিক ২৬৭ এমএমটি পৰিশোধিত পেট্ৰ’লিয়াম প্ৰজাত সামগ্ৰী উৎপাদন কৰি ভাৰত বিশ্বৰ এক প্ৰধান শোধন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে আৰু এক আটাইতকৈ ডাঙৰ ৰপ্তানিকাৰক দেশত পৰিণত হৈছে। ভাৰতে ইতিমধ্যে নেপাল আৰু ভূটানৰ পেট্ৰ’লিয়ামৰ চাহিদা পূৰণ কৰাৰ উপৰি এই অঞ্চলৰ অন্যান্য দেশ আৰু তাৰ বাহিৰতো বৃহৎ পৰিমাণৰ ইন্ধন যোগান ধৰি আহিছে। আনকি মধ্যপ্ৰাচ্যত চলি থকা সাম্প্ৰতিক সংকটৰ মাজতো ভাৰতে নেপাল আৰু ভূটানলৈ ইন্ধন যোগানৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি এই অঞ্চলৰ বাবে এক নিৰ্ভৰযোগ্য শক্তি নিৰাপত্তা প্ৰদানকাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। মৰিছাছৰ সৈতে হোৱা এই চুক্তিয়ে ভাৰতক দেশখনৰ মূল ইন্ধন যোগানকাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক প্ৰভাৱ অধিক সুদৃঢ় কৰি তুলিব।

 

জৈৱ-ইন্ধন খণ্ডতো বুজাবুজিৰ চুক্তিৰ সম্প্ৰসাৰণ

 

এই বুজাবুজিৰ চুক্তিয়ে জ্ঞানৰ আদান-প্ৰদান, গৱেষণা আৰু প্ৰশিক্ষণৰ জৰিয়তে জৈৱ-ইন্ধন খণ্ডতো সহযোগিতাৰ সুযোগ প্ৰদান কৰে। মৰিছাছ হৈছে 'গ্ল’বেল বায়’ফিউৱেলছ এলায়েন্স' (GBA) ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, যিটো ভাৰতৰ জি-২০ সভাপতিত্বৰ সময়ত ভাৰতৰ উদ্যোগত আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীৰ অংশ হিচাপে জিবিএ সচিবালয়ে মৰিছাছৰ শক্তি আৰু ৰাজহুৱা উপযোগিতা মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে দেশখনৰ বাবে "জৈৱ-ইন্ধন নীতি ভিত্তিক খচৰা" তৈয়াৰ কৰিছে।

 

২১ আগষ্টত মন্ত্ৰী পুৰী আৰু পেট্ৰিক জৰ্ভেইছ আছিৰভাডেনে যৌথভাৱে এই নীতি-নিৰ্দেশনা উন্মোচন কাৰ্যসূচীৰ প্ৰত্যক্ষ কৰে, যিয়ে জৈৱ-ইন্ধনৰ জৰিয়তে শক্তিৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰিবলৈ মৰিছাছৰ বাবে এক নতুন যাত্ৰাৰ আৰম্ভণিৰ সূচনা কৰে।

 

***

SJ/DB


(रिलीज़ आईडी: 2302350) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Telugu , Malayalam