গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত পশ্চিমবংগৰ পাহাৰীয়া অঞ্চলৰ বিভিন্ন অংশীদাৰ আৰু প্ৰতিনিধিৰে শিলিগুৰিত বৈঠক
বৈঠকত পশ্চিমবংগৰ পাহাৰীয়া জনসংখ্যা সংক্ৰান্তীয় সকলো বিষয় বিস্তাৰিতভাৱে আলোচনা কৰাৰ লগতে তেওঁলোকৰ পৰিচয়, এক স্থায়ী ৰাজনৈতিক সমাধান আৰু ভাৰতীয় সংবিধানৰ অধীনত স্বীকৃতি সম্পৰ্কীয় দাবীবোৰ গ্ৰহণ কৰা হয়
ভাৰতীয় সংবিধানৰ অধীনত অতি সোনকালে এক স্থায়ী ৰাজনৈতিক সমাধানৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সম্প্ৰদায়টোৰ অন্যান্য সকলো দাবী সহানুভূতিৰে চোৱাৰ প্ৰতিশ্ৰুতি দি কয় যে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি যোগানে সকলো বাকী থকা বিষয়ৰ সমাধান সুনিশ্চিত কৰিব
কাৰ্যপদ্ধতিসমূহ চূড়ান্ত কৰিবলৈ প্ৰাক্তন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা বৰ্তমানৰ মধ্যস্থতাকাৰী শ্ৰী পংকজ কুমাৰ সিঙৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়
বৈঠকত সৌহাৰ্দ্যপূৰ্ণ আৰু মহানুভৱ দৃষ্টিভংগীৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীক ধন্যবাদ জনালে বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে
পোষ্ট কৰা হৈছে:
22 AUG 2026 4:15PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত আজি শিলিগুৰিত বিভিন্ন অংশীদাৰ আৰু পশ্চিমবংগৰ পাহাৰীয়া অঞ্চলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকলো উপস্থিত থাকে।

বৈঠকত ৰাজনৈতিক প্ৰতিনিধি, সাংসদ ৰাজু বিষ্ট, সাংসদ হৰ্ষবৰ্ধন শিংলা, পাহাৰীয়া মন্ত্ৰী বিশাল লামা, জি জে এম নেতা বিমল গুৰুং, জিএনএলএফ নেতা মান ঘিছিং, বিধায়ক ভাৰত ছেত্ৰী, বিধায়ক সোণাম লামা, বিধায়ক নোমান ৰায়, চিপিআৰএম নেতা জে বি ৰায়, গোৰানিমো নেতা দাৱা পাক্ৰিন, সুমিতি নেতা বিকাশ ৰায় আৰু অন্যান্যসকল উপস্থিত থাকে।

পশ্চিমবংগৰ পাহাৰীয়া জনসংখ্যাৰ সৈতে জড়িত সকলো বিষয় বিশদভাৱে আলোচনা কৰা হয়। এক সুকীয়া পৰিচয়, এক স্থায়ী ৰাজনৈতিক সমাধান আৰু ভাৰতীয় সংবিধানৰ অধীনত স্বীকৃতি সম্পৰ্কীয় তেওঁলোকৰ দাবীবোৰ গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ অধীনত অতি সোনকালে এক স্থায়ী ৰাজনৈতিক সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ সম্প্ৰদায়টোৰ অন্যান্য সকলো দাবী সহানুভূতিৰে চোৱাৰো প্ৰতিশ্ৰুতি দি কয় যে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি যোগানে সকলো বাকী থকা বিষয়ৰ সমাধান সুনিশ্চিত কৰিব। কাৰ্যপদ্ধতিসমূহ চূড়ান্ত কৰিবলৈ, ভাৰতীয় সংবিধানৰ অধীনত পশ্চিমবংগৰ পাহাৰীয়া অঞ্চলৰ ৰাইজৰ বাবে এক স্থায়ী ৰাজনৈতিক সমাধানৰ দিশত খচৰা প্ৰস্তুত হ’বলগীয়া চূড়ান্ত চুক্তি সংক্ৰান্তীয় সবিশেষ বিষয় চূড়ান্ত কৰিবলৈ প্ৰাক্তন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু বৰ্তমানৰ মধ্যস্থতাকাৰী শ্ৰী পংকজ কুমাৰ সিঙৰ অধীনত এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।

এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত বৈঠকৰ সামৰণি পৰে, য’ত বিভিন্ন সংগঠনৰ প্ৰতিনিধিত্ব কৰা সকলো নেতাই তেওঁলোকৰ সৌহাৰ্দ্যপূৰ্ণ আৰু মহানুভৱ দৃষ্টিভংগীৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীক ধন্যবাদ জনায়।
******
RK / RR / PR / PS/DB
(ৰিলিজ আই ডি : 2302349)
অতিথি কক্ষ : 67