প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জাম্বিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ৰাষ্ট্ৰপতি হাকাইণ্ডে হিচিলেমাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

পোষ্ট কৰা হৈছে: 20 AUG 2026 9:50PM by PIB Guwahati

জাম্বিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ৰাষ্ট্ৰপতি হাকাইণ্ডে হিচিলেমাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে জাম্বিয়াৰ সৈতে থকা বহুমুখী অংশীদাৰিত্বক অতিশয় মূল্য দিয়ে।

শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি হাকাইণ্ডে  হিচিলেমাৰ সৈতে একেলগে কাম কৰি ভাৰত আৰু জাম্বিয়াৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া এটা  পোষ্টত কয়;

“জাম্বিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ৰাষ্ট্ৰপতি হাকাইণ্ডে হিচিলেমালৈ আন্তৰিক অভিনন্দন।

ভাৰতে জাম্বিয়াৰ সৈতে বহুমুখী অংশীদাৰিত্বক অতিশয় মূল্য দিয়ে আৰু তেওঁৰ নেতৃত্বত আমাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ মই আগ্ৰহী।

@HHichilema”

 

***

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2301854) অতিথি কক্ষ : 48