কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

আইচিএআৰৰ ৯৭ সংখ্যক এজিএমত পৰিৱৰ্তনশীল পৰিবেশৰ কৃষিৰ বাবে পৰিকল্পনা গ্ৰহণ

‘চাহিদা-চালিত গৱেষণা’ই কৃষক, বজাৰ আৰু গ্ৰাহকক কেন্দ্ৰত ৰাখিব লাগিব: কেন্দ্ৰীয় কৃষি মন্ত্ৰী
ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ আয়ৰ বৈচিত্ৰ্যৰ মূল চাবিকাঠি: শ্ৰী শিৱৰাজ সিং চৌহান
পৰীক্ষাগাৰৰ পৰা পথাৰলৈ: দ্ৰুত প্ৰযুক্তি হস্তান্তৰৰ বাবে শক্তিশালী আইচিএআৰ–উদ্যোগ অংশীদাৰিত্ব: শ্ৰী শিৱৰাজ সিং চৌহান
আইচিএআৰৰ বাবে এটা নতুন দৃষ্টিভংগী: অধিক সংকল্প , স্পষ্ট অগ্ৰাধিকাৰ আৰু শক্তিশালী ফলাফল: শ্ৰী চৌহান
‘বীজেই মূল কথা, বীজকলৈয়েই গঢ় দিয়া হৈছে সকলো ধাৰণা ’: শ্ৰী শিৱৰাজ সিং চৌহানে উদ্ভাৱনক কাৰ্য্য আৰু প্ৰভাৱলৈ ৰূপান্তৰিত কৰাৰ আহ্বান

পোষ্ট কৰা হৈছে: 18 AUG 2026 5:20PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৯৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001C8B2.jpg

সভাত ভাষণ দি শ্ৰী শিৱৰাজ সিং চৌহানে কয়, “উন্নত কৃষি অবিহনে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব নোৱাৰে।” তেওঁ জোৰ দি কয় যে ভাৰতে কেৱল উৎপাদন বৃদ্ধিৰ বাহিৰেও আগবাঢ়ি যাব লাগিব আৰু “খেতিৰ পৰা বিশ্বব্যাপী বজাৰলৈ” এক শক্তিশালী পৰিচয় গঢ়ি তুলিব লাগিব। তেওঁ কৃষকৰ প্ৰয়োজন, বজাৰৰ চাহিদা আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সৈতে মিল থকা চাহিদা-চালিত গৱেষণা পৰিৱেশ তন্ত্ৰৰ আহ্বান জনায়, য’ত গৱেষণাৰ ফলাফলে কৃষকসকলক প্ৰত্যক্ষ আৰু জুখিব পৰা সুবিধা প্ৰদান কৰিব।

.

https://static.pib.gov.in/WriteReadData/userfiles/image/image002JFTH.jpg

তেওঁ কয় যে কৃষি পৰিৱৰ্তনৰ পৰৱৰ্তী পৰ্যায়ত কৃষিৰ আয়ৰ উন্নতি আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ স্থিতিস্থাপকতা শক্তিশালী কৰাত গুৰুত্ব দিব লাগিব। এই প্ৰেক্ষাপটত তেওঁ সংহত কৃষি ব্যৱস্থাৰ লগতে গুণগত বীজ আৰু ৰোপণ সামগ্ৰীৰ সময়মতে লাভ, সুষম সাৰ ব্যৱহাৰ, মাটিৰ স্বাস্থ্যৰ উন্নতি আৰু বহনক্ষম কৃষি পদ্ধতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

শ্ৰী চৌহানে গুণগত মান, পুষ্টি, প্ৰক্ৰিয়াকৰণ, পেকেজিং, শেল্ফ লাইফ আৰু বিশ্ব মানদণ্ড মানি চলাৰ জৰিয়তে ভাৰতৰ ৰপ্তানিৰ কাৰ্য্যক্ষমতা শক্তিশালী কৰাৰ গুৰুত্বৰ  বিষয়তো আলোকপাত কৰে। গৱেষণাৰ জৰিয়তে বিকশিত কৰা প্ৰযুক্তিসমূহ যাতে কৃষকসকললৈ অধিক দ্ৰুত আৰু ফলপ্ৰসূভাৱে হস্তান্তৰ কৰা হয়, তাৰ বাবে তেওঁ আইচিএআৰ–উদ্যোগৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ আহ্বান জনায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003DZYB.jpg

“কেৱল গৱেষণাই যথেষ্ট নহয়; সঠিক গৱেষণাই, সঠিক সময়ত, সঠিক সমস্যাটো সমাধান কৰিব লাগিব আৰু কৃষকৰ ওচৰলৈ সোনকালে উপনীত হ’ব লাগিব যিটোৱেই সফলতাৰ প্ৰকৃত পৰিমাপ,” তেওঁ কয়।

অধিক ফলাফলমুখী গৱেষণা পৰিৱেশ তন্ত্ৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী চৌহানে বিজ্ঞানী, নীতি নিৰ্ধাৰক, কৃষক, উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলৰ মাজত অধিক আলোচনাৰ লগতে গৱেষণাৰ লক্ষ্যসমূহক অধিক স্পষ্ট অগ্ৰাধিকাৰ দিয়াৰ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে উদ্ভাৱনী ধাৰণাসমূহ পৰীক্ষাগাৰৰ বাহিৰলৈ গৈ ব্যৱহাৰিক সমাধান আৰু ভূমিত জুখিব পৰা প্ৰভাৱলৈ ৰূপান্তৰিত কৰিব লাগিব।

তেওঁ লগতে কয়, ‘আমাৰ কঠোৰ পৰিশ্ৰম, আমাৰ গৱেষণা আৰু আমাৰ প্ৰচেষ্টাই ভাৰতৰ ভাবমূৰ্তি ৰূপান্তৰিত কৰিব পাৰে আৰু আমাৰ কৃষকৰ ভাগ্য সলনি কৰিব পাৰে।

কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী শ্ৰী ভাগীৰথ চৌধাৰীয়ে কয় যে ২০১৪ চনৰ পৰা ভাৰতে কৃষি আৰু সংশ্লিষ্ট খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, আৰু পৰৱৰ্তী অগ্ৰাধিকাৰ হৈছে কৃষিক্ষেত্ৰত স্বাৱলম্বীতা অৰ্জন কৰা।

তেওঁ দালি, তৈলবীজ, বীজ, পশুধন আৰু মূল্য সংযোজিত প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত স্বাৱলম্বীতা শক্তিশালী কৰাৰ লগতে জলবায়ু স্থিতিস্থাপক কৃষি, মাটিৰ স্বাস্থ্য আৰু বহনক্ষম সম্পদ ব্যৱস্থাপনাক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃষকৰ আয় বৃদ্ধিৰ বাবে শক্তিশালী এফ পি অ’ আৰু বজাৰ সংযোগৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

শ্ৰী চৌধাৰীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনক কৃষকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আইচিএআৰ আৰু কেভিকেৰ ভূমিকাক আলোকপাত কৰি কয় যে ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰত আৰু বিক্ষিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে আত্মনিৰ্ভৰশীল কৃষি অতি প্ৰয়োজনীয়।

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী এছ পি সিং বাঘেলে খাদ্যশস্য, উদ্যান শস্য, দুগ্ধ, মীন, মাংস আৰু কণীকে ধৰি সমগ্ৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। তেওঁ এই ৰূপান্তৰৰ কাৰণ বৈজ্ঞানিক গৱেষণা, প্ৰযুক্তি আৰু বিজ্ঞানী, কৃষক আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সামূহিক প্ৰচেষ্টা বুলি কয়।

সেউজ আৰু শ্বেত বিপ্লৱৰ বিষয়ত আলোকপাত কৰি শ্ৰী বাঘেলে বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী দেশ হিচাপে ভাৰতৰ স্থান আৰু মীন উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধিৰ কথা উল্লেখ কৰে। তেওঁ কৃষকৰ আয় বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে কৃষি, পশুধন, দুগ্ধ, মীন আৰু হাঁহ-কুকুৰাৰ অধিক সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

বৈঠকত কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰে।  বৈঠকত । উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা, উদ্যান আৰু মীন মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডানৱাং ৱাংছু; অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা আৰু মীন মন্ত্ৰী নিলীমা দেৱী; বিহাৰ চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰী বিজয় কুমাৰ সিনহা; হাৰিয়ানা চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ, পশুপালন আৰু দুগ্ধ, মীন আৰু উদ্যান শস্য মন্ত্ৰী শ্ৰী শ্যাম সিং ৰানা; জম্মু-কাশ্মীৰ চৰকাৰৰ কৃষি উৎপাদন মন্ত্ৰী শ্ৰীযুত জাবিদ আহমদ দাৰ; মধ্যপ্ৰদেশ চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰী শ্ৰী নাৰায়ণ সিং কুশৱাহা; নাগালেণ্ড চৰকাৰৰ কৃষি বিভাগৰ বিধায়ক তথা উপদেষ্টা শ্ৰী মেথুং য়ান্থন; পঞ্জাৱ চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ, পশুপালন, মীন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী শ্ৰী গুৰমীত সিং খুদিয়ান; ছিকিম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা সেৱা, উদ্যান আৰু মীন মন্ত্ৰী শ্ৰীযুত পুৰণ কুমাৰ গুৰুং; উত্তৰাখণ্ড চৰকাৰৰ কৃষি আৰু উদ্যান শস্য মন্ত্ৰী শ্ৰী গণেশ যোশী; উত্তৰ প্ৰদেশ চৰকাৰৰ কৃষি, কৃষি শিক্ষা আৰু কৃষি গৱেষণা মন্ত্ৰী শ্ৰী সূৰ্য্য প্ৰতাপ শ্বাহী; উত্তৰ প্ৰদেশ চৰকাৰৰ পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী শ্ৰী ধৰম্পল সিং; উত্তৰ প্ৰদেশ চৰকাৰৰ মীন মন্ত্ৰী শ্ৰী সঞ্জয় নিছাদ; আৰু পশ্চিম বংগ চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী শ্ৰী দুধ কুমাৰ মণ্ডল।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005U8NX.jpg

ডাঃ এম.এল. আইচিএআৰৰ ডেয়াৰৰ সচিব আৰু সঞ্চালক প্ৰধান জাটে আইচিএআৰৰ মূল কৃতিত্বসমূহ উপস্থাপন কৰাৰ সময়তে বিগত এটা বছৰত বিজ্ঞান-নেতৃত্বাধীন, কৃষককেন্দ্ৰিক কৃষি পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰিষদৰ ত্বৰান্বিত অগ্ৰগতিৰ  বিষয়ত আলোকপাত কৰে।

খাদ্যশস্যৰ উৎপাদন প্ৰায় ১৯ মিলিয়ন টন বৃদ্ধি পোৱাৰ বিপৰীতে উদ্যান শস্য, গাখীৰ আৰু মীন পালনতো যথেষ্ট বৃদ্ধি পোৱা গৈছে।  এই বৈঠকতে মুঠ ৩৮৬টা নতুন শস্যৰ জাত মুকলি কৰা হয়, য’ত ৯৪% জলবায়ু স্থিতিস্থাপক আৰু ২৯টা জৈৱশক্তিশালী জাতকে ধৰি উৎপাদনশীলতা, জলবায়ুৰ স্থিতিস্থাপকতা আৰু পুষ্টিৰ সুৰক্ষা শক্তিশালী হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006VWD1.jpg

ড০ জাটে জিন’মিক্স, জিন’ম পদ্ধতি , পশুধন স্বাস্থ্য, মীন, মাটিৰ স্বাস্থ্য আৰু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত হোৱা বৃহৎ অগ্ৰগতিৰ বিষয়ত  আলোকপাত কৰে,  যিয়ে ভাৰতৰ কৃষি স্থিতিস্থাপকতাক আৰু অধিক শক্তিশালী কৰিছে। থলুৱা আফ্ৰিকান ছোৱাইন ফিভাৰ ভেকচিন গাহৰিৰ স্বাস্থ্য আৰু কৃষকৰ জীৱিকাৰ বাবে এক উল্লেখযোগ্য বৈজ্ঞানিক অগ্ৰগতি হিচাপে আত্মপ্ৰকাশ কৰে।

আইচিআৰে গৱেষণাৰ লগতে সেইবোৰৰ ক্ষেত্ৰভিত্তিক প্ৰয়োগ আৰু বজাৰৰ সুযোগলৈও ত্বৰান্বিত কৰিছে। যোৱা এটা বছৰত প্ৰায় ৮০৫টা আই পি আবেদন দাখিল কৰা হৈছে, আনহাতে ৩৬টা প্ৰতিষ্ঠানত প্ৰযুক্তিৰ বাণিজ্যিকীকৰণ শক্তিশালী কৰা হৈছে। কৃষি খাদ্য ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় লিংগ মঞ্চই এতিয়া ৯,০০০+ প্ৰতিষ্ঠানক সংযোগ কৰিছে, যিয়ে কৃষিত মহিলাৰ অংশগ্ৰহণক শক্তিশালী কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image007GMYX.jpg

ড° জাটে আইচিএআৰৰ বাৰ্ষিক প্ৰতিবেদন ২০২৫–২৬ও দাখিল কৰে ।আইচিএআৰৰ বিত্তীয় উপদেষ্টা শ্ৰী সন্দীপ সৰকাৰে ২০২৪–২৫ চনৰ নিৰীক্ষকৰ প্ৰতিবেদনৰ সৈতে বাৰ্ষিক হিচাপসমূহ দাখিল কৰে আৰু সেয়া গ্ৰহণৰ বাবে প্ৰস্তাৱ আগবঢ়ায়।

ইয়াৰ পূৰ্বে বৈঠকৰ আৰম্ভণিতে যোৱা বাৰ্ষিক সাধাৰণ সভাৰ পিছত আইচিএআৰে কৰা গৱেষণাৰ অগ্ৰগতিৰ বিষয়ত উপস্থাপন কৰা হৈছিল, য’ত কৃষি গৱেষণা, উদ্ভাৱন আৰু উন্নয়নৰ ক্ষেত্ৰত পৰিষদৰ অৱদানৰ বিষয়ত আলোকপাত কৰা হৈছিল।

বৈঠকত আইচিএআৰৰ চাৰিটা প্ৰকাশন মুকলি কৰা হয়। বৈঠকত আইচিএআৰ ছ’চাইটিৰ নিয়ম আৰু উপ-বিধিসমূহৰ উন্নীতকৰণ/সংশোধনীৰ বিষয়েও বিবেচনা কৰা হয়, তাৰ পিছত সেইবোৰ গ্ৰহণৰ প্ৰস্তাৱ দিয়া হয়।

সদস্যসকলে কৃষি গৱেষণাৰ ক্ষেত্ৰত আইচিএআৰৰ কৃতিত্ব আৰু আশাৰ সন্দৰ্ভত তেওঁলোকৰ পৰামৰ্শসমূহ ভাগ-বতৰা কৰে, পৰিষদৰ গৱেষণা আৰু উন্নয়নৰ এজেণ্ডাক অধিক শক্তিশালী কৰাৰ বাবে মূল্যৱান তথ্য  প্ৰদান কৰে।

অংশগ্ৰহণকাৰী কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকলে খাদ্যশস্যৰ উৎপাদন বৃদ্ধি আৰু কৃষি খণ্ডত সামগ্ৰিক অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে কেন্দ্ৰ–ৰাজ্যৰ সহযোগিতা শক্তিশালী কৰাৰ লগতে কৃষকৰ সমৃদ্ধি আৰু কৃষিৰ উন্নতিৰ দিশত সামূহিকভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

সভাৰ সামৰণিত অতিৰিক্ত সচিব  শ্ৰী সন্দীপ সৰকাৰে সকলোকে আনুষ্ঠানিক ধন্যবাদ জ্ঞাপন কৰে আৰু শেষত  ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

উল্লেখ্য এই বাৰ্ষিক সাধাৰণ সভাই কৃষকৰ কল্যাণ, খাদ্য আৰু পুষ্টি সুৰক্ষা, আৰু এটা স্থিতিস্থাপক, বহনক্ষম আৰু আত্মনিৰ্ভৰশীল কৃষি খণ্ডৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কৃষি গৱেষণা, উদ্ভাৱন আৰু প্ৰযুক্তি-নেতৃত্বাধীন উন্নয়নক আগুৱাই নিয়াৰ বাবে আইচিএআৰৰ অবিৰত প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।

***

RC/MS/DM


(ৰিলিজ আই ডি : 2301507) অতিথি কক্ষ : 40
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Kannada