পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
সংবাদ বিজ্ঞপ্তিঃ ঘৰুৱা পি এন জি সংযোগৰ প্ৰচাৰৰ বাবে প্ৰোৎসাহন আঁচনি
प्रविष्टि तिथि:
18 AUG 2026 9:13PM by PIB Guwahati
সমগ্ৰ দেশৰ পৰিয়ালসমূহলৈ পৰিষ্কাৰ, সুৰক্ষিত আৰু সুলভ পাইপযুক্ত ৰন্ধন গেছ যোগানৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ভাৰত চৰকাৰে আজি ঘৰুৱা পি এন জি সংযোগৰ প্ৰচাৰৰ বাবে এক প্ৰোৎসাহন আঁচনিত অনুমোদন জনাইছে। ২০২৬ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই আঁচনিখন সক্ৰিয় পি এন জি সংযোগৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে যাতে অধিক সংখ্যক পৰিয়ালে অতি সোনকালে তেওঁলোকৰ পাকঘৰত পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ আৰম্ভ কৰিব পাৰে।
জনসাধাৰণক ই কেনেদৰে উপকৃত কৰিব
বৰ্তমান সমগ্ৰ দেশতে ১.৭৪ কোটি ঘৰুৱা পিএনজি সংযোগ আছে। নতুন আঁচনিখনে চিটি গেছ ডিষ্ট্ৰিবিউচন (চি জি ডি) কোম্পানীসমূহক সক্ৰিয়ভাৱে বিল অনাদায় হৈ থকা সংযোগসমূহক কাৰ্যকৰী গেছ সংযোগলৈ ৰূপান্তৰিত কৰিবলৈ আৰু নতুন অঞ্চললৈ পি এন জি নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ পোনপটীয়াকৈ উৎসাহিত কৰিব।
পৰিয়ালৰ বাবে পাইপযুক্ত প্ৰাকৃতিক গেছৰ (পি এন জি) লাভালাভ
পাইপযুক্ত প্ৰাকৃতিক গেছে পৰিয়ালসমূহক এলপিজি চিলিণ্ডাৰ আৰু পৰম্পৰাগত ৰন্ধন ইন্ধনৰ পৰিৱৰ্তে এক নিৰাপদ, পৰিষ্কাৰ আৰু অধিক সুবিধাজনক বিকল্প প্ৰদান কৰেঃ
- সুৰক্ষাঃ পি এন জি নিম্ন চাপত ভূগৰ্ভস্থ পাইপলাইনৰ জৰিয়তে যোগান ধৰা হয়, ফলত চিলিণ্ডাৰ সংৰক্ষণ আৰু পৰিচালনাৰ সৈতে জড়িত বিপদৰ আশংকা আঁতৰ হয় আৰু বতাহতকৈ পাতল হোৱাৰ বাবে, কোনো প্ৰকাৰে নিৰ্গমণ হ’লে ই দ্ৰুত আৰু সুৰক্ষিতভাৱে বিয়পি পৰে।
- সুবিধাঃ চিলিণ্ডাৰ বুক কৰা, জমা ৰখা বা সলনি কৰাৰ কোনো প্ৰয়োজন নাই-বিদ্যুৎ বা পানীৰ দৰে মিটাৰযুক্ত প্ৰকৃত ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বিলৰ সৈতে পোনপটীয়াকৈ ঘৰতে দিনটোৰ ২৪ ঘণ্টাই গেছ উপলব্ধ।
- কম খৰচীঃ পৰিয়ালসমূহে কেৱল তেওঁলোকে প্ৰকৃততে ব্যৱহাৰ কৰা গেছৰ বাবে পৰিশোধ কৰে আৰু পি এন জি সাধাৰণতে প্ৰতি একক শক্তিৰ ভিত্তিত এল পি জি তকৈ সস্তা। ফলত সময়ৰ লগে লগে মাহিলি ঘৰুৱা ইন্ধনৰ ব্যয় হ্ৰাস পায়।
- পৰিৱেশ অনুকূলঃ পৰিষ্কাৰ-জ্বলন ইন্ধন হোৱাৰ বাবে পিএনজিয়ে পৰম্পৰাগত ৰন্ধন ইন্ধনতকৈ কম প্ৰদূষক উৎপন্ন কৰে, যাৰ ফলত ঘৰৰ ভিতৰৰ বায়ুৰ মান উন্নত হয় আৰু কাৰ্বন নিৰ্গমন হ্ৰাস পায়।
- অবিৰত যোগানঃ অবিৰতভাবে পাইপলাইন যোগে যোগানৰ ফলত চিলিণ্ডাৰ যোগান ধৰা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীলতা দূৰ হয়, বিশেষকৈ ওখ অট্টালিকা আৰু নগৰীয়া ঘন জনবসতিপূৰ্ণ ঠাইৰ পৰিয়ালবোৰক ই উপকৃত কৰে।
পি এন জি সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা
পি এন জি সম্প্ৰসাৰণ ত্বৰান্বিত কৰিবলৈ আৰু পৰিয়ালৰ বাবে অধিক পৰিষ্কাৰ ৰন্ধন ইন্ধনলৈ পৰিৱৰ্তন সূচল কৰি তুলিবলৈ যোৱা কেইমাহমানত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ওপৰত ভিত্তি কৰি এই আঁচনিখন প্ৰস্তুত কৰা হৈছেঃ
- সুবিন্যস্ত নিয়ামক অনুমোদনঃ প্ৰাকৃতিক গেছ আৰু পেট্ৰ’লিয়াম বিতৰণ নিৰ্দেশনা, ২০২৬-ৰ অধীনত ত্বৰান্বিত অনুমোদনৰ পৰিকাঠামো আৰু মাননিৰ্ধাৰিত আইনী মাচুল জাৰি কৰা হৈছে, যিয়ে মাননিৰ্ধাৰিত মাচুলৰ লগতে পি এন জি আন্তঃগাঁথনিৰ বাবে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদনসমূহৰ অগ্ৰাধিকাৰমূলক নিষ্পত্তি কৰাত সহায় কৰিব।
- ভেট শৃংখলাবদ্ধকৰণঃ ৰাজ্যসমূহক প্ৰাকৃতিক গেছৰ ওপৰত ভেট ৫ শতাংশলৈ হ্ৰাস কৰিবলৈ উৎসাহিত কৰা হৈছে, যাৰ ফলত পৰিয়ালৰ বাবে পিএনজি অধিক সুলভ হৈ পৰিছে; কেইবাখনো ৰাজ্যই ইতিমধ্যে ভেট হ্ৰাস কৰিছে।
- ৰাষ্ট্ৰীয় পি এন জি অভিযান ২.০: এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰা অধিক সংখ্যক পৰিয়ালে পাইপযুক্ত গেছলৈ সংযোগ সলনি কৰাত সহায় কৰিবলৈ, প'ৰ্টেলকে ধৰি ঘৰুৱা জাননী, সজাগতা শিবিৰ আৰু এল পি জি ব্যৱহাৰ কৰা আবাসন ছ’চাইটিসমূহক পি এন জি-লৈ সলনি কৰাৰ বাবে দেশব্যাপী অভিযান।
- ইউনিফাইড পি এন জি পঞ্জীয়ন প'ৰ্টেলঃ নতুন পি এন জি সংযোগৰ বাবে আবেদন কৰা আৰু সংযোগৰ প্ৰক্ৰিয়াটো অনুসৰণ ব্যৱস্থাটো সৰল আৰু দ্ৰুত কৰাৰ বাবে একক খিৰিকীৰ ডিজিটেল প্লেটফৰ্ম বিকশিত কৰা হৈছে।
ঘৰুৱা পিএনজি সংযোগৰ প্ৰচাৰৰ বাবে এপিএম/এনএপিএম প্ৰোৎসাহন আঁচনি এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে সমগ্ৰ দেশতে পৰিষ্কাৰ, সুৰক্ষিত আৰু সুলভ পাইপযুক্ত ৰন্ধন গেছৰ ঘৰুৱা প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাক অধিক শক্তিশালী কৰে।
আঁচনিৰ গাঁথনি
আঁচনিখনৰ অধীনত, যোগ্য চি জি ডি সংস্থাসমূহক সংশ্লিষ্ট ভৌগোলিক এলেকা (জি এ) ৰ বাবে নিৰ্ধাৰিত সীমা স্তৰৰ ওপৰত প্ৰদৰ্শনৰ সময়ছোৱাত লাভ কৰা প্ৰতিটো বৃদ্ধিশীল বিলযুক্ত ঘৰুৱা পি এন জি সংযোগৰ বাবে অতিৰিক্তকৈ ২০০ এছ চি এম ঘৰুৱাভাৱে উৎপাদিত, কম মূল্যৰ (এ পি এম) গেছ আবণ্টন দিয়া হ'ব। এই আঁচনিখন ছমাহৰ বাবে দুটা ভাগত ৰূপায়ণ কৰা হ’ব। অতিৰিক্তকৈ আৱণ্টিত গেছ চিজিডি সংস্থাসমূহে বৰ্তমান তেওঁলোকৰ সংকুচিত প্ৰাকৃতিক গেছ (পৰিবহণ) খণ্ডৰ বাবে ক্ৰয় কৰা ব্যয়বহুল তৰলীকৃত প্ৰাকৃতিক গেছ (এলএনজি)ৰ বিকল্প হ’ব, যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক গেছ-আহৰণৰ ব্যয় হ্ৰাস হ'ব।
ইয়াৰ ফলত হোৱা ব্যয় হ্ৰাসে ডি-পি এন জি সংযোগত হোৱা মূলধনী ব্যয়ৰ পৰিশোধৰ সময়সীমা প্ৰায় ১০ বছৰৰ পৰা প্ৰায় ৩ বছৰলৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে-যিয়ে চি জি ডি সংস্থাসমূহক ঘৰুৱা পি এন জি সংযোগ অধিক দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিবলৈ এক শক্তিশালী বিত্তীয় প্ৰোৎসাহন প্ৰদান কৰে, যাৰ ফলত অনাগত মাহবোৰত অধিক সংখ্যক ভাৰতীয় পৰিয়াললৈ পৰিষ্কাৰ, সুৰক্ষিত আৰু সুলভ পাইপযুক্ত ৰন্ধন গেছৰ সুবিধা কঢ়িয়াই আনিব।
***
SJ/HS
(रिलीज़ आईडी: 2301086)
आगंतुक पटल : 6