গৃহ মন্ত্ৰালয়
এখন সুৰক্ষিত ভাৰত নিৰ্মাণ কৰাটো আমাৰ সকলোৰে দায়িত্ব বুলি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ
পৰাজিত হৈছে সশস্ত্ৰ নক্সালবাদী, কিন্তু এতিয়াও আছে নক্সাল মানসিকতা
আমি নক্সাল মানসিকতা চিনি, এনে উপাদানসমূহক আঁতৰাব লাগিব লগতে এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ মূলসুঁতিৰ সৈতে সংযোগ কৰিব লাগিব দেশৰ যুৱ প্ৰজন্মক
प्रविष्टि तिथि:
15 AUG 2026 9:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত কয় যে সুৰক্ষিত ভাৰত নিৰ্মাণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। তেওঁ কয় যে সশস্ত্ৰ নক্সালবাদীসকলক পৰাস্ত কৰা হৈছে, যদিও নক্সাল মানসিকতা এতিয়াও আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এই নক্সাল মানসিকতা চিনাক্ত কৰি এনে উপাদানসমূহ আঁতৰাব লাগিব আৰু দেশৰ যুৱ প্ৰজন্মক এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ মূলসুঁতিৰ পথৰ সৈতে সংযোগ কৰিব লাগিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে নক্সালবাদ আৰু মাওবাদে লাখ লাখ যুৱক-যুৱতীৰ ভৱিষ্যত ধ্বংস কৰিছে। চাৰি দশক ধৰি নক্সালবাদে বন্দুকৰ ভাবুকিৰে দেশ তথা ইয়াৰ জনসংখ্যাৰ এক বৃহৎ অংশক নিজৰ অধীনত ৰাখিছিল। ই সংবিধানখন ছিঙি মোহাৰি পেলোৱাৰ লগতে দেশৰ সাধাৰণ নাগৰিকক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত, আমাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ৩,৫০০ তকৈও অধিক লোকে জীৱন হেৰুৱাইছিল ।
প্ৰধানমন্ত্ৰীয়ে আজি কয়, মই আনন্দিত যে নক্সালবাদী-মাওবাদী হিংসাই হয়তো আৰু মূৰ ডাঙি উঠিব পৰা নাই। য'ত এসময়ত নক্সালবাদীসকলে বন্দুকেৰে গুলীচালনা কৰিছিল, য'ত এসময়ত মাটি ৰক্তাক্ত হৈ আছিল, আজি সেই নক্সাল-প্ৰভাৱিত অঞ্চলবোৰত উন্নয়ন, বিশ্বাস আৰু প্ৰচেষ্টাৰ ত্ৰিৰংগা উৰি আছে কাৰণ এই অঞ্চলবোৰ নক্সাল-মুক্ত হৈ পৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে সশস্ত্ৰ নক্সালবাদীসকলক পৰাস্ত কৰা হৈছে, যদিও নক্সাল মানসিকতা এতিয়াও আছে। এই শক্তিসমূহে সুযোগ বিচাৰি আছে। তেওঁলোকে হিংসা আৰু অৰাজকতাৰ পথ বিচাৰি থকাৰ লগতে সমাজক ভুল পথত ঠেলি দিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এই নক্সাল মানসিকতা চিনাক্ত কৰিব লাগিব। আমি এনে উপাদানসমূহক আঁতৰাই দেশৰ যুৱ প্ৰজন্মক এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ মূলসুঁতিৰ পথৰ সৈতে সংযোগ কৰিব লাগিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে এক সুৰক্ষিত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। প্ৰত্যাহ্বান আমাৰ সীমাৰ ভিতৰৰ পৰাই হওক বা সীমান্তৰ সিপাৰৰ পৰাই হওক, ভাৰত প্ৰতিটো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু। যুদ্ধৰ প্ৰকৃতি আজি সলনি হৈ আছে। কেৱল যুদ্ধক্ষেত্ৰত বা সীমান্ততহে যুদ্ধ হ’ব তাৰ কোনো নিশ্চয়তা নাই।
প্ৰধানমন্ত্ৰীয়ে আজি কয়, মই লালকিল্লাৰ পৰা ঘোষণা কৰিছো যে আগন্তুক দিনবোৰত আমি এক প্ৰাণৱন্ত অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়ি তুলিম। আমি আমাৰ নাগৰিক আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলক আধুনিক ব্যৱস্থা আৰু প্ৰযুক্তিৰে সজ্জিত কৰাৰ লগতে তেওঁলোকক সমসাময়িক প্ৰস্তুতিৰ পদ্ধতিৰ সৈতে পৰিচিত কৰিম।
*****
RK / RR / PR / PS/DD
(रिलीज़ आईडी: 2300356)
आगंतुक पटल : 4