প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এবছৰত ১ কোটি যুৱক-যুৱতীক এআই দক্ষতাৰে সজ্জিত কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া অনলাইন কোচিং নেটৱৰ্ক
৫-১৫ বছৰ বয়সৰ শিশুৰ বাবে দেশজোৰা ক্ৰীড়া প্ৰতিভা সন্ধানী অভিযান
আধুনিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সৃষ্টি কৰা হ’ব সক্ৰিয় অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক
ভাৰতে ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতাৰ লক্ষ্য স্থিৰ কৰিছে
এই দশকৰ ভিতৰত পাঁচটা নতুন পাৰমাণৱিক ৰিয়েক্টৰৰ পৰিকল্পনা কৰা হৈছে
৬ কোটি লাখপতি দিদিৰ নতুন লক্ষ্য
ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশত গতি শক্তিশালী কৰিবলৈ অধিক অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ পৰিকল্পনা
प्रविष्टि तिथि:
15 AUG 2026 1:01PM by PIB Guwahati
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, ক্ৰীড়া, নাগৰিক প্ৰতিৰক্ষা, অৰ্ধপৰিবাহী নিৰ্মাণ, পাৰমাণৱিক শক্তি আৰু মহিলা নেতৃত্বাধীন উন্নয়নক সামৰি এক ধাৰাবাহিক পদক্ষেপ তথা লক্ষ্যৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ ভাষণৰ পৰা মূল ঘোষণাসমূহৰ ভিতৰত আছে-
১) এক কোটি যুৱকৰ বাবে এ আই দক্ষতাঃ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে আগন্তুক এবছৰত এক কোটি যুৱকক এ আই দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই পদক্ষেপে ভাৰতৰ যুৱক-যুৱতীসকলক এআইৰ জগতখনত নেতৃত্ব দিয়াৰ ক্ষমতাৰে সজ্জিত কৰাত সহায় কৰিব।
২) বিভিন্ন পৰীক্ষাৰ বাবে বিনামূলীয়া অনলাইন প্ৰশিক্ষণঃ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলৰ বাবে বিনামূলীয়া অনলাইন প্ৰশিক্ষণৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ওপৰত প্ৰশিক্ষণ শ্ৰেণীৰ আৰ্থিক বোজাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, উপলব্ধ প্ৰতিভা আৰু শিক্ষকসকলক একত্ৰিত কৰি দেশৰ যুৱক-যুৱতীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ বাবে এক সম্পূৰ্ণ নেটৱৰ্ক গঢ়ি তোলা হ’ব।
৩) ৫-১৫ বছৰ বয়সৰ শিশুৰ বাবে দেশজুৰি ক্ৰীড়া প্ৰতিভাৰ সন্ধান সন্ধানঃ প্ৰধানমন্ত্ৰীয়ে পাঁচৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশুৰ মাজত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ বাবে গাঁও, চহৰ আৰু বিদ্যালয়ত প্ৰতিভা চিকাৰ অভিযানৰ কথা ঘোষণা কৰে। চিনাক্ত কৰা শিশুসকলক দেশক প্ৰতিনিধিত্ব কৰিব পৰা খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। বৰ্তমান ভাৰতে অংশগ্ৰহণ বা যোগ্যতা অৰ্জন নকৰা অলিম্পিক শাখাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ক্ৰীড়াত সামৰ্থ্য গঢ়ি তোলাত অধিক গুৰুত্ব দিয়া হ’ব।
৪) আধুনিক প্ৰত্যাহ্বানৰ বাবে সজীৱ অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্কঃ যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে দেশত এক সক্ৰিয অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়ি তোলা হ’ব। তেওঁ কয় যে যুদ্ধ এতিয়া সীমান্তত সীমাবদ্ধ হৈ থকাটো বাধ্যতামূলক নহয় আৰু ইয়াৰ প্ৰভাৱ শোধনাগাৰ, বেংকিং খণ্ড, ডাটা চেণ্টাৰ, কাৰখানা আৰু অন্যান্য আন্তঃগাঁথনিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত শতিকাৰ যুদ্ধ অনুযায়ী বিকশিত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা পুৰণি হৈ পৰিছে। সেয়েহে নাগৰিকসকল আধুনিক ব্যৱস্থাৰ সৈতে পৰিচিত হ’ব আৰু আধুনিক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এক বৃহৎ স্বেচ্ছামূলক অসামৰিক প্ৰতিৰক্ষা বাহিনী গঢ়ি তোলা হ’ব।
৫) আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰিবলৈ অধিক অৰ্ধপৰিবাহী উদ্যোগঃ ডিজিটেল আৰু প্ৰযুক্তিগত জগতত অৰ্ধপৰিবাহী চিপৰ জটিল ভূমিকাৰ বিষয়ত আলোকপাত কৰি ভাৰত এই খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে বুলি কয়। তেওঁ কয় যে ইতিমধ্যে তিনিটা অৰ্ধপৰিবাহী উদ্যোগ আৰম্ভ হৈছে আৰু এই সুবিধাসমূহৰ পৰা উৎপাদন ৰপ্তানি আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে আগন্তুক সাত-আঠ বছৰত আৰু পাঁচ-সাত-আঠটা অৰ্ধপৰিবাহী উদ্যোগ আহিব, আৰু অৰ্ধপৰিবাহীত আত্মনিৰ্ভৰশীলতাক বিকশিত ভাৰতৰ দিশত এক পথ বুলি অভিহিত কৰে।
৬) ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতাঃ চিপ, এআই আৰু ডাটা চেণ্টাৰৰ শক্তিৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি সুৰক্ষা আৰু পাৰমাণৱিক শক্তিৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে ভাৰতে ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতাৰ লক্ষ্যৰে আগবাঢ়িছে আৰু এই দশকৰ ভিতৰত পাঁচটা নতুন পাৰমাণৱিক ৰিয়েক্টৰ আৰম্ভ কৰাৰ লক্ষ্য লৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে এই বছৰ দ্ৰুত পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে, যিয়ে পাৰমাণৱিক ইন্ধনত আত্মনিৰ্ভৰশীলতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰিছে।
৭) ছয় কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্যঃ ৰাষ্ট্ৰ নিৰ্মাণত মহিলাৰ অৱদানৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ তিনি কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য অতিক্ৰম কৰা হৈছে। তেওঁ কয় যে ভাৰত এতিয়া ছয় কোটি লাখপতি দিদিৰ লক্ষ্যৰে দিশে আগবাঢ়ি যাব। আৰু তিনি কোটি লাখপতি দিদিৰ সৃষ্টিয়ে মহিলাৰ শক্তিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন আনিব বুলিও তেওঁ কয়।
***
MJPS/SS/DM
(रिलीज़ आईडी: 2300105)
आगंतुक पटल : 6