গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘গ্ৰামীণ জ্ঞান সেতু’ এপ মুকলি কৰে

গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পুথিভঁৰাল সমূহক আন্তঃসংযোগ কৰিবলৈ এপটো যুগুত কৰা হৈছে

‘গ্ৰামীণ জ্ঞান সেতু’ হৈছে এটি নতুন পদক্ষেপ; ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিখন গাঁৱতে শিশু সকলক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ এটা পুথিভঁৰাল স্থাপন কৰা

এই পৰ্য্যন্ত ‘গ্ৰামীণ জ্ঞান সেতু’ এপত ৭৫২ টা পুথিভঁৰালে যোগদান কৰিছে

২.৮০ লাখ গ্ৰন্থ সমৃদ্ধ চাৰিটা পুথিভঁৰালক এই গ্ৰাম্য পুথিভঁৰাল সমূহৰ সৈতে সংযুক্ত কৰা হৈছে

গান্ধীনগৰ, কালোল আৰু সনান্দ বিধানসভা সমষ্টিৰ সকলো গাঁৱতে প্ৰতিটোতে পাঁচৰ পৰা ছয় হাজাৰ কিতাপৰ মজুতেৰে ৬৩ টা পুথিভঁৰাল খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে

গৃহমন্ত্ৰীয়ে ব্যক্তিগতভাৱে পুথিভঁৰালৰ বাবে কিতাপৰ এখন তালিকা প্ৰস্তুত কৰিছে— যিয়ে শিশুসকলৰ মাজত পঢ়নৰ প্ৰতি আগ্ৰহ জগাই তুলিব আৰু জ্ঞানৰ বিশাল সাগৰত নিমজ্জিত হ’বলৈ অনুপ্ৰাণিত কৰিব

এমপিএলএডি-ৰ জৰিয়তে আগবঢ়োৱা ভেনসমূহে প্ৰতি পষেকতে গাঁও ভ্ৰমণ কৰি পূৰ্বে বিতৰণ কৰা গ্ৰন্থৰাজি সংগ্ৰহ কৰাৰ লগতে এপত পঞ্জীয়নভুক্ত গ্ৰন্থসমূহ গাঁৱৰ পুথিভঁৰালক প্ৰদান কৰিব

प्रविष्टि तिथि: 12 AUG 2026 8:48PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘গ্ৰামীণ জ্ঞান সেতু’ এপ মুকলি কৰে। গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পুথিভঁৰাল সমূহক আন্তঃসংযোগ কৰিবলৈ এপটো যুগুত কৰা হৈছে।

ভাৰ্চুৱেল মাধ্যমেৰে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আজি এছ.আৰ. ৰংগনাথনৰ জন্ম দিৱস। তেওঁ কয় যে সমগ্ৰ ৰাষ্ট্ৰই পদ্মশ্ৰী ৰংগনাথনৰ জন্ম দিৱসটোক ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে উদযাপন কৰিছে আৰু তেওঁৰ লোকসভা সমষ্টিত এক নতুন চিন্তা আৰু ধাৰণা—‘গ্ৰামীণ জ্ঞান সেতু’-ৰ শুভাৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিখন গাঁৱতে—কেন্দ্ৰীয়ভাৱে আৰু বিদ্যালয়ৰ ওচৰতে—শিশু সকলক পঢ়া-শুনা আৰু শিক্ষণৰ সৈতে জড়িত হ’বলৈ উৎসাহিত কৰিবলৈ এটাকৈ পুথিভঁৰাল স্থাপন কৰা। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে প্ৰায় ৬৩ টা পুথিভঁৰাল স্থাপন কৰা হৈছে। গান্ধীনগৰ, কালোল আৰু সনান্দ বিধানসভা সমষ্টিৰ সকলো গাঁৱতে পাঁচৰ পৰা ছয় হাজাৰ কিতাপেৰে সমৃদ্ধ সৰু-সৰু পুথিভঁৰাল মুকলি কৰাৰ পদক্ষেপ আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে তেওঁ ব্যক্তিগতভাৱে এই বহু-মুখী, বহু-মাত্ৰিক পুথিভঁৰালৰ বাবে কিতাপৰ এখন তালিকা যুগুত কৰিছে। এই কিতাপ সমূহে শিশুসকলৰ মাজত পঢ়নৰ প্ৰতি আগ্ৰহ জগাই তুলিব আৰু জ্ঞানৰ বিশাল সাগৰত নিমজ্জিত হ’বলৈ অনুপ্ৰাণিত কৰিব। ইয়াৰ উপৰিও পুথিভঁৰালসমূহত কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ কেৰিয়াৰৰ বিকাশ সাধনৰ বাবে উপযোগী কিতাপৰ সমান্তৰালভাৱে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সমলৰ মজুত থাকিব। গুজৰাটৰ ইতিহাস, ৰাষ্ট্ৰৰ ইতিহাস, স্বাধীনতা সংগ্ৰামৰ কাহিনী, ১৮৫৭-ৰ বিপ্লৱৰ কাহিনী আদিও উপলব্ধ কৰাৰ ব্যৱস্থা লোৱা হৈছে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে পিতৃ-মাতৃৰ পৰা উৎসাহ অবিহনে শিশুৰ পঢ়াৰ অভ্যাস গঢ়ি তোলা সম্ভৱ নহয়। অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত শিশুসকলৰ বাবে মুঠ ২.৮০ লাখ গ্ৰন্থ সম্পন্ন চাৰিটা পুথিভঁৰালক এই গ্ৰাম্য পুথিভঁৰাল সমূহৰ সৈতে সংযুক্ত কৰা হৈছে, যিয়ে ভৱিষ্যতে তেওঁলোকক উপকৃত কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ নিজা সাংসদ স্থানীয় এলেকা উন্নয়নৰ (MPLAD) পুঁজি ব্যৱহাৰ কৰি ভেনৰ ব্যৱস্থাৰে এই সেৱাৰ সুবিধা কৰি দিছে। এই ভেনসমূহে প্ৰতি পষেকতে গাঁও ভ্ৰমণ কৰি পূৰ্বে বিতৰণ কৰা গ্ৰন্থৰাজি সংগ্ৰহ কৰাৰ লগতে এপত পঞ্জীয়নভুক্ত গ্ৰন্থসমূহ গাঁৱৰ পুথিভঁৰালক প্ৰদান কৰিব। তেওঁ কয় যে যিসকল শিশু ৬,০০০-ৰ পৰা ৭,০০০ খন গ্ৰন্থ সমৃদ্ধ পুথিভঁৰালসমূহলৈ যোৱাত অভ্যস্ত, তেওঁলোকে এতিয়া ২.৮০ লাখ কিতাপৰ সংগ্ৰহৰ সুবিধা লাভ কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে তেওঁ প্ৰথমে ধাৰণাটোৰ প্ৰস্তাৱ জনাইছিল যদিও মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু গুজৰাট চৰকাৰে ইয়াক এক নতুন বৈজ্ঞানিক দৃষ্টিভংগীৰে একত্ৰিত কৰিছে। তেওঁ উল্লেখ কৰে যে এতিয়া ‘গ্ৰামীণ জ্ঞান সেতু’ এপৰ সৈতে ৭৫২ টা পুথিভঁৰাল সংযুক্ত হৈছে। তেওঁ কয় যে অধ্যয়ন অবিহনে যিকোনো এটা বিষয় আয়ত্ত কৰাটো দূৰৰে কথা, আনকি প্ৰাথমিক জ্ঞান লাভ কৰাটোও অসম্ভৱ। তেওঁ লগতে কয় যে শৈশৱৰ পৰা কৈশোৰলৈ, তাৰ পিছত যৌৱনলৈ আৰু শেষত প্ৰাপ্তবয়স্কলৈ আগবঢ়াৰ লগে-লগে অধ্যয়ন আৰু ইয়াৰ ভিন্ন মাত্ৰা সন্দৰ্ভত দক্ষ পুথিভঁৰাল কৰ্মী সকলৰ পৰা লাভ কৰা নিৰ্দেশনাই পুথিভঁৰাল সমূহক ৰাষ্ট্ৰৰ সম্পদস্বৰূপ নাগৰিক সকলক গঢ় দিয়াত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে মানছাৰ মহাত্মা গান্ধী পুথিভঁৰালক এই পুথিভঁৰাল সম্পৰ্কীয় আঁচনিৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ কয় যে মহাত্মা গান্ধী পুথিভঁৰালত তেওঁ ভিন্ন বিষয় সন্দৰ্ভত প্ৰাথমিক জ্ঞান আহৰণ কৰাৰ লগতে ১৬ বছৰৰ ভিতৰত কিছুমান সম্পৰ্কে গভীৰ বুজাবুজিত উপনীত হৈছিল। তেওঁ মানছাৰ পৰা আহমেদাবাদলৈ যোৱাৰ পাছত গুজৰাট বিদ্যাপীঠ পুথিভঁৰালৰ সৈতে সংযুক্ত হৈ পৰিছিল। তেওঁ কয় যে কাকাছাহেব কালেলকাৰে গুজৰাট বিদ্যাপীঠ পুথিভঁৰালটো বহু যুৱক-যুৱতী—তেওঁৰ দৰে—জ্ঞানৰ সাগৰত নিমজ্জিত হোৱাৰ এটি মাধ্যম স্বৰূপে স্থাপন কৰিছিল। প্ৰতিটো বিষয়ৰে তথ্য সংগ্ৰহৰ হেঁপাহ এটা অভ্যাসত পৰিণত হৈছিল, যি পৰৱৰ্তী সময়ত অধ্যয়নৰ অভ্যাসলৈ ৰূপান্তৰিত হৈছিল। তেওঁ কয় যে এই অধ্যয়নৰ অভ্যাসেই তেওঁক এটা নিৰ্দিষ্ট ক্ষেত্ৰত অৰিহণা যোগাবলৈ সক্ষম কৰি তুলিছিল আৰু এই প্ৰক্ৰিয়াত পুথিভঁৰালটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই পুথিভঁৰাল আৰু কিতাপসমূহ এতিয়া ‘হাব-এণ্ড-স্প’ক’ মডেলৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে উপলব্ধ হৈছে। তেওঁৰ সময়ত এনে সুবিধা নাছিল যদিও বৰ্তমান প্ৰজন্মৰ বাবে এই কাৰ্য্যসূচী বৰ্তমান বৈজ্ঞানিকভাৱে সুলভ হৈ পৰিছে। তেওঁ ভিন্ন প্ৰতিষ্ঠান— যেনেঃ শাস্তু সাহিত্য মণ্ডল, গীতা প্ৰেছ, ভূপেন হাজৰিকা ইনষ্টিটিউট আৰু তিৰুৱল্লুৱৰ ইনষ্টিটিউটক গুজৰাটৰ গান্ধীনগৰ জিলাৰ পুথিভঁৰালসমূহৰ সৈতে আৰু ৰাজ্যিক পৰ্য্যায়ত অনলাইনেৰে সংযোগ কৰাৰ লক্ষ্যৰ কথা ব্যক্ত কৰে। প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু পাঠকৰ বাবে এই সুবিধা উপলব্ধ হ’ব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।

শ্ৰী অমিত শ্বাহে সমগ্ৰ দেশৰ লগতে ৰাজ্য সমূহৰ গৃহিণীসকলক ভিন্ন বিষয়ত জ্ঞান আহৰণ কৰি আৰু সন্তানক পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰি আজৰি সময়ৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

****

RK/RR/PR/PS/SB


(रिलीज़ आईडी: 2298973) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati , Odia , Tamil , Kannada