সাংস্কৃতিক মন্ত্ৰালয়
উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ‘হৰ ঘৰ তিৰংগা বাইক ৰেলী, ২০২৬’-ৰ ফ্লেগ অফ কৰে
কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ সকলে দিল্লীত দেশপ্ৰেমমূলক বাইক ৰেলীত যোগদান কৰে
प्रविष्टि तिथि:
12 AUG 2026 2:38PM by PIB Guwahati
ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত অব্যাহত হৰ ঘৰ তিৰংগা, ২০২৬-ৰ অংশ হিচাপে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমৰ পৰা এক বিশাল ত্ৰিৰংগা বাইক ৰেলী, ২০২৬-ৰ ফ্লেগ অফ কৰা হয়। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আৰু কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডী, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰ, কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি আৰু ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং, কেন্দ্ৰীয় পঞ্চায়তী ৰাজ দপ্তৰৰ মন্ত্ৰী তথা কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং, কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন বাম্ভনীয়া, কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা কেন্দ্ৰীয় পৰিসংখ্যা, কাৰ্য্যসূচী ৰূপায়ণ আৰু পৰিকল্পনা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী ৰাও ইন্দ্ৰজিৎ সিং, কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি. সোমান্না আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰ তথা শ্ৰী নিত্যানন্দ ৰায়কে প্ৰমুখ্য কৰি কেইবা গৰাকীও সাংসদৰ উপস্থিতিত এই ফ্লেগ অফ কৰে।

ইয়াত সমবেত সকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তিৰ ঐতিহাসিক উপলক্ষত গভীৰ আৱেগ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে এই অমৰ শব্দ দুটিয়ে ব্ৰিটিছ ঔপনিৱেশিক শাসন ব্যৱস্থাৰ পৰা মাতৃভূমিক মুক্ত কৰাৰ সংগ্ৰামৰ সময়ছোৱাত ভাৰতীয় সকলৰ হৃদয় আৰু মনত দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰিছিল। তেওঁ কয় যে এনে শক্তি আৰু অনুৰণনেৰে সমৃদ্ধ ৰাষ্ট্ৰ এখনৰ জাগৰণক আন কোনো অভিব্যক্তিয়ে মূৰ্ত কৰিব পৰা নাই। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে এই অমৰ শব্দৰাজি ৰচনা কৰা বুলি স্মৰণ কৰি তেওঁ কয় যে এই সমূহে ৰাষ্ট্ৰৰ মনোভাৱক কণ্ঠ প্ৰদান কৰিছিল।

উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে এসময়ত জনতা দেশৰ স্বাধীনতাৰ বাবে অগ্ৰসৰ হোৱাৰ লেখীয়াকৈ ভাৰতে এতিয়া ২০৪৭-ৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰা অভিযানৰ অভিমুখে এখনি আত্মবিশ্বাসী আৰু পুনৰুত্থানশীল ভাৰত প্ৰত্যক্ষ কৰিছে। তেওঁ সামৰণিত কয় যে চকাবোৰ ঘূৰিবলৈ ধৰাৰ লগে-লগে এই যাত্ৰা ৰেলীতে শেষ হ’ব নালাগে। এই উদযাপনৰ বাহিৰেও বন্দে মাতৰমৰ মনোভাৱ জীয়াই থাকিব লাগিব বুলি তেওঁ কয়।
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে আদৰণি ভাষণত উল্লেখ কৰে যে এই সমাৱেশ কেৱল বাইক ৰেলীতে সীমাবদ্ধ নহয়, বৰঞ্চ এয়া ভাৰতৰ স্বাধীনতাৰ প্ৰতীক আৰু ৰাষ্ট্ৰখনক একেডাল সূতাৰে গঁথা প্ৰতীক ত্ৰিৰংগাৰ প্ৰতি সন্মান তথা সমৰ্পণৰ প্ৰকাশ। তেওঁ কয় যে প্ৰায় পাঁচ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭-ৰ ভিতৰত ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা ব্যক্ত কৰিছিল। তেওঁ আৰু উল্লেখ কৰে যে স্বাধীনতাৰ অমৃত কাল আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এনে ত্ৰিৰংগা যাত্ৰাৰ কল্পনা কৰিছিল।

এই সমাৱেশত ৩৫০ জনৰো অধিক চিএপিএফ বাইকাৰেও উৎসাহেৰে অংশগ্ৰহণ কৰে। ইয়াৰে অন্যতম আছিল চিআৰপিএফ, বিএছএফ, আছাম ৰাইফলছ আদি। ইয়াত ৫০-ৰো অধিক বিশেষ বাইকাৰ গ্ৰুপ আৰু মহিলা বাইকাৰেও ভাগ লয়।

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ মনোভাৱৰ প্ৰতি উৎসৰ্গিত অব্যাহত হৰ ঘৰ তিৰংগা, ২০২৬ অভিযানৰ অংশ হিচাপে নাগৰিক সকলক ৯-১৭ আগষ্টত নিজ-নিজ গৃহ আৰু কৰ্মক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰা হৈছে। একেদৰে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ এনে দেশব্যাপী উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
***
M Annadurai/SB
(रिलीज़ आईडी: 2298882)
आगंतुक पटल : 7