তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় এআই দক্ষতা বিকাশ উদ্যোগৰ প্ৰথম পৰ্যায়ত ৬০,২৫৩টা নামভৰ্তি; শিক্ষাৰ্থীসকলক উদ্যোগ-প্ৰাসংগিক এআই দক্ষতাৰে সজ্জিত কৰিবলৈ আইআইচিটি আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰসকলে যুটীয়াভাৱে পাঠ্যক্ৰম প্ৰস্তুত কৰিছে
प्रविष्टि तिथि:
12 AUG 2026 2:10PM by PIB Guwahati
বৰ্তমানলৈ ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা (এআই) দক্ষতা বিকাশ উদ্যোগৰ প্ৰথম পৰ্যায়ৰ অধীনত লাভ কৰা মুঠ আবেদন আৰু নামভৰ্তি কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা ৬০,২৫৩।
প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ ২টা মডিউল সম্পূৰ্ণ কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা ৪,৬২০ আৰু প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আটাইকেইটা ৪টা মডিউল সম্পূৰ্ণ কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা ৫৫২।
কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত মুঠ ৩৩ ঘণ্টাৰ সময়সীমাৰ ৪টা মডিউল অন্তৰ্ভুক্ত আছে, যিবোৰ দুটা শিক্ষণ প্লেটফৰ্মৰ জৰিয়তে প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ৰ মডিউলসমূহৰ বিৱৰণ তলত দিয়া ধৰণৰ: -
প্লেটফৰ্ম ১:
- মডিউল ১: এআই এছেনছিয়েলছ – দৈনন্দিন উৎপাদনশীলতা বৃদ্ধি, তথ্য সংশ্লেষণ আৰু সমল সৃষ্টি কৰাৰ বাবে ব্যৱহাৰিক দক্ষতা আহৰণ।
- মডিউল ২: প্ৰম্পটিং এছেনছিয়েলছ – পেছাদাৰী প্ৰম্পট লিখাৰ বাবে কাঠামো।
প্লেটফৰ্ম ২:
- মডিউল ৩: জেনেৰেটিভ এআইৰ পৰিচয় – বৃহৎ ভাষা আৰ্হি (এলএলএম)ৰ মৌলিক বিষয় আৰু দায়িত্বশীল এআইৰ নিৰ্দেশনা বুজি লোৱা।
- মডিউল ৪: জেনেৰেটিভ এআই লীডাৰ – ৱৰ্কফ্ল’ স্বয়ংক্ৰিয়কৰণ আৰু কৌশলগত জেনেৰেটিভ এআই-ভিত্তিক সাংগঠনিক ৰূপান্তৰৰ দক্ষতা আহৰণ।
দ্বিতীয় পৰ্যায়ৰ বিৱৰণ, ইয়াৰ পাঠ্যক্ৰম, মডিউল আৰু পাঠ্যক্ৰমৰ সময়সীমাকে ধৰি, বৰ্তমান চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত আছে।
ভিত্তিগত আৰু ব্যৱহাৰিক এআই দক্ষতা প্ৰদানৰ উদ্দেশ্যে আইআইচিটি আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰসকলে যুটীয়াভাৱে পাঠ্যক্ৰমটোৰ পৰিকল্পনা আৰু বিকাশ কৰিছে। উন্নত দক্ষতা বিকাশৰ অংশটো আইআইচিটিয়ে যুটীয়া প্ৰমাণপত্ৰ প্ৰদানৰ বাবে পৰিচালনা কৰে।
চৰকাৰৰ ভূমিকা হৈছে কৌশলগত দিশ নিৰ্ধাৰণ কৰা আৰু আইআইচিটিৰ জৰিয়তে কাৰ্যসূচীটো ৰূপায়ণত সহায় কৰা, যাৰ উদ্দেশ্য হৈছে এআই সম্পৰ্কীয় সাক্ষৰতা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীসকলক উদ্যোগ-প্ৰাসংগিক ডিজিটেল দক্ষতাৰে সজ্জিত কৰা।
আজি লোকসভাত অধিবক্তা গোয়াল কাগাদা পাডভীয়ে সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে এই তথ্য প্ৰদান কৰে।
*****
Mahesh Kumar/ Vivek Vishwash/AA
(रिलीज़ आईडी: 2298264)
आगंतुक पटल : 12