প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘হৰ ঘৰ তিৰংগা’ অভিযানত অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকললৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
09 AUG 2026 7:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ‘হৰ ঘৰ তিৰংগা’ অভিযানত উৎসাহেৰে অংশগ্ৰহণ কৰাৰ লগতে বিকশিত ভাৰত গঢ়াৰ দিশত অৰিহণা যোগোৱাৰ সামূহিক সংকল্প পুনৰ দৃঢ় কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে কয় যে ত্ৰিৰংগা ভাৰতৰ গৌৰৱৰ প্ৰতীক আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে ৰাষ্ট্ৰলৈ নিজৰ সৰ্বোত্তমখিনি আগবঢ়োৱাৰ অফুৰন্ত প্ৰেৰণাৰ উৎস।
শ্ৰী মোদীয়ে ‘হৰ ঘৰ তিৰংগা’ অভিযান এইবাৰ ‘বন্দে মাতৰম’ৰ বাবে উৎসৰ্গিত হোৱাত আনন্দ প্ৰকাশ কৰে, কিয়নো দেশখনে ৰাষ্ট্ৰীয় গীতটোৰ ১৫০ বছৰীয়া জয়ন্তীও উদযাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে :
আমাৰ ত্ৰিৰংগা আমাৰ গৌৰৱ আৰু দেশৰ বাবে সদায় আমাৰ সৰ্বোত্তমখিনি দিবলৈ প্ৰেৰণা যোগোৱাৰ এক অফুৰন্ত উৎস।
আহক আমি সকলোৱে #HarGharTiranga অভিযানত উৎসাহেৰে অংশগ্ৰহণ কৰোঁ আৰু এখন বিকশিত ভাৰত গঢ়াৰ দিশত অৰিহণা যোগোৱাৰ আমাৰ সামূহিক সংকল্পক পুনৰ দৃঢ় কৰোঁ। মই অত্যন্ত সুখী যে এইবাৰ আমি ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সময়তে ‘বন্দে মাতৰম’ৰ প্ৰতি এই অভিযান উছৰ্গা কৰা হৈছে।
https://harghartiranga.com
***
MJPS/SS/VJ/KD
(ৰিলিজ আই ডি : 2296917)
অতিথি কক্ষ : 46
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam