বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
আমেৰিকাৰ পৰা ইন্ধন মিশ্ৰণৰ বাবে ইথানল আমদানিৰ ক্ষেত্ৰত কোনো ৰেহাই বা প্ৰতিশ্ৰুতি নাই
পোষ্ট কৰা হৈছে:
06 AUG 2026 6:20PM by PIB Guwahati
ভাৰতে ইন্ধন মিশ্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ (ইউ এছ) পৰা বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰি আছে আৰু আমদানি কৰিব বিচাৰে বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত শেহতীয়াকৈ কৰা দাবীবোৰ ভিত্তিহীন আৰু তথ্যগতভাৱে ভুল। ঘৰুৱা নীতিৰ পৰিকাঠামো অনুসৰি পেট্ৰ’লত ইথানল মিশ্ৰণ কাৰ্যসূচীৰ অধীনত ইন্ধনৰ মিশ্ৰণৰ বাবে ব্যৱহৃত ইথানল সম্পূৰ্ণৰূপে ঘৰুৱা উৎপাদকৰ পৰা আহৰণ কৰা হয়। আমেৰিকাৰ পৰা ইন্ধন মিশ্ৰণৰ বাবে ইথানল আমদানি কৰা নহয়।
তদুপৰি ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনাত আমেৰিকাৰ পৰা ইন্ধন মিশ্ৰণৰ বাবে ইথানল আমদানি সম্পৰ্কীয় কোনো ৰেহাই বা প্ৰতিশ্ৰুতি দিয়া হোৱা নাই। সেই অনুসৰি, আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ ইন্ধন ইথানল আমদানিৰ অনুমতি দিয়াৰ ক্ষেত্ৰত নীতিৰ পৰিবৰ্তন সম্পৰ্কীয় যিকোনো কথাই বিভ্রান্তিমূলক। ভাৰতৰ ইন্ধন মিশ্ৰণ কাৰ্যসূচী আৰু ইথানল ক্ৰয় কেৱল ভাৰতৰ ঘৰুৱা নীতিৰ প্ৰয়োজনীয়তাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে।
***
Abhishek Dayal/ Ishita Biswas/HS
(ৰিলিজ আই ডি : 2295893)
অতিথি কক্ষ : 51