প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়নৰ ওপৰত মত বিনিময় কৰে
प्रविष्टि तिथि:
06 AUG 2026 7:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত বেঞ্জামিন নেতান্যায়াহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্বৰ ধাৰাবাহিক অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু দুয়োখন দেশৰ পাৰস্পৰিক লাভালাভৰ বাবে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
প্ৰধানমন্ত্ৰী নেতান্যায়াহু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়নৰ ওপৰত মত বিনিময় কৰে।
দুয়োগৰাকী নেতাই পৰস্পৰৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ সন্মতি পৰদান কৰে।
****
MJPS/SS/PRK/MK
(रिलीज़ आईडी: 2295862)
आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam