বিত্ত মন্ত্ৰালয়
পাকিস্তানৰ পৰা আমদানিকৃত ৩ কোটি টকা মূল্যৰ ৩৬৪ মেট্ৰিক টন (এম টি) নিষিদ্ধ শুকান খেজুৰ জব্দ ডি আৰ আই-এৰ
সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰত উৎপত্তি হোৱা বুলি ভুৱা তথ্য দিয়া কিন্তু পাকিস্তানৰ পৰা অহা ১৩ খন কণ্টেইনাৰ শুকান খেজুৰসহ কান্ডলা বন্দৰত জব্দ ডি আৰ আইৰ
ভাৰতে নিষিদ্ধ কৰিছে পাকিস্তানত উৎপাদিত সামগ্ৰীৰ আমদানি
प्रविष्टि तिथि:
05 AUG 2026 12:22PM by PIB Guwahati
পাকিস্তানৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা প্ৰতিহত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি, ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-এ তৃতীয় দেশসমূহৰ জৰিয়তে পাকিস্তানমূলীয় সামগ্ৰীৰ গোপনে সৰবৰাহ আৰু ভুৱা তথ্য প্ৰকাশৰ সৈতে জড়িত এটা ঘটনা ধৰা পেলাইছে। এই অভিযানত ৩কোটি টকা মূল্যৰ পাকিস্তানমূলীয় ৩৬৪ মেট্ৰিক টন শুকান খেজুৰ জব্দ কৰা হয়।
গোপন সূত্ৰৰ পম খেদি চোৰাংচোৱাৰ নেতৃত্বত চলোৱা এই অভিযানত ডি আৰ আই-ৰ বিষয়াসকলে কান্ডলা বন্দৰত আমদানি কৰা প্ৰায় ৩ কোটি টকা মূল্যৰ ৩৬৪ মেট্ৰিক টন শুকান খেজুৰ লৈ অহা ১৩খন কণ্টেইনাৰ আটক কৰে। তদন্তত প্ৰকাশ পাইছে যে সামগ্ৰীসমূহ সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰত উৎপত্তি হোৱা বুলি প্ৰকাশ কৰা হৈছিল যদিও প্ৰকৃততে এইসমূহ পাকিস্তানমূলীয় আছিল।
অনুসন্ধানসমূহে প্ৰমাণ কৰিছে যে সামগ্ৰীসমূহ প্ৰথমে পাকিস্তানৰ পৰা ডুবাইলৈ সৰবৰাহ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ভাৰতলৈ ৰপ্তানি কৰাৰ আগতে আন এখন কণ্টেইনাৰলৈ স্থানান্তৰিত কৰা হৈছিল। আমদানিকাৰীসকলে পাকিস্তানৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত থকা নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ বস্তুগত তথ্য লুকুৱাই মূল দেশ সন্দৰ্ভত ভুৱা পৰিচয় দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। সেই অনুসৰি, শুল্ক আইন, ১৯৬২-ৰ প্ৰাসঙ্গিক ব্যৱস্থাৰ অধীনত সমগ্ৰ সামগ্ৰী জব্দ কৰা হৈছে।
যোৱা সপ্তাহত, ডি আৰ আই-ৰ বিষয়াসকলে টুটিকোৰিন বন্দৰত সবিশেষ আৰু উৎপত্তিৰ দেশৰ ভুৱা পৰিচয়ৰ জৰিয়তে প্ৰায় ১.৪ কোটি টকা মূল্যৰ পাকিস্তানমূলীয় প্ৰায় ১৪ মেট্ৰিক টন গুগুল ৰেজিন আমদানি কৰাৰ প্ৰচেষ্টা ধৰা পেলাইছিল। এই সামগ্ৰী চোমালিয়াত উৎপত্তি হোৱা আৰু ডুবাইৰ মাজেৰে যোৱা প্ৰাকৃতিক ৰেজিন বুলি ভুৱা তথ্য প্ৰকাশ কৰা হৈছিল।
ভাৰত আৰু পাকিস্তানৰ শুষ্ক অঞ্চলৰ স্থানীয় প্ৰজাতি গুগ্গুল ৰেজিন (কম্মিফোৰা ৰেজিন)-ক চাইটছ এপেণ্ডিক্স ২-ত তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক আই ইউ চি এন ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। তদন্তত প্ৰমাণিত হৈছে যে সামগ্ৰীখিনি পাকিস্তানমূলীয় গুগ্গুল ৰেজিন আছিল আৰু ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি সৰবৰাহ কৰা হৈছিল। এই ষড়যন্ত্ৰত জড়িত দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে।
ডিজিএফটি অধিসূচনা নম্বৰ ০৬/২০২৫-২৬ তাৰিখ ০২.০৫.২০২৫ ৰ জৰিয়তে সংশোধন কৰা বৈদেশিক বাণিজ্য নীতি, ২০২৩ অনুসৰি পাকিস্তানত উৎপত্তি হোৱা বা দেশখনৰ পৰা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি বা পৰিবহণ ০২.০৫.২০২৫ ৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে। দুয়োটা ক্ষেত্ৰতে আমদানি উক্ত নিষেধাজ্ঞাৰ বিৰুদ্ধে হোৱা দেখা গৈছিল।
এই সফল অভিযানসমূহে চোৰাং ব্যৱসায়, শুল্ক জালিয়াতি আৰু অন্যান্য ধৰণৰ অবৈধ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত জড়িত সংগঠিত নেটৱৰ্কসমূহক চিনাক্ত কৰা, ব্যাহত কৰা আৰু ধ্বংস কৰাৰ বাবে ডি আৰ আই-ৰ নিৰন্তৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।
****
SR/KMN/DD
(रिलीज़ आईडी: 2295438)
आगंतुक पटल : 4