পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ল হ্ৰদক অৰুণাচল প্ৰদেশৰ প্ৰথমটো ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি; ভাৰতৰ ৰামচাৰ ক্ষেত্ৰৰ সংখ্যা ১০১টালৈ বৃদ্ধি

জলাশয় সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য সুৰক্ষা আৰু বহনক্ষম জীৱিকাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ আলোকপাত কৰি এই ঐতিহাসিক সংযোজনৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীয়ে

प्रविष्टि तिथि: 03 AUG 2026 8:10PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে আজি অৰুণাচল প্ৰদেশৰ গ্ল হ্ৰদক (Glaw Lake) ভাৰতৰ ১০১সংখ্যক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। ই ৰাজ্যখনৰ প্ৰথমটো ৰামচাৰ ক্ষেত্ৰ লাভ কৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। 'X'ৰ এটা প’ষ্টত মন্ত্ৰীগৰাকীয়ে এই সফলতাক জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, পানী আৰু জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱিকাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বৰ্ণনা কৰে।

শ্ৰী যাদৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ কথা আলোকপাত কৰে। তেওঁ কয়, "২০১৪ চনত ২৬টা ৰামচাৰ ক্ষেত্ৰৰ পৰা আজি ১০১টালৈকে বৃদ্ধি পোৱা এই উল্লেখযোগ্য যাত্ৰাই পৰিৱেশ সুৰক্ষা, জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ অবিচল প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰে।" মন্ত্ৰীগৰাকীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে প্ৰতিটো নতুন ৰামচাৰ ক্ষেত্ৰই এই গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল সমূদায়সমূহৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগতে প্ৰকৃতিক সুৰক্ষিত কৰাৰ ভাৰতৰ সংকল্পক অধিক শক্তিশালী কৰি তোলে।

এই সাফল্য উদযাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, "ৰামচাৰ ক্ষেত্ৰসমূহ চিহ্নিত কৰাৰ ক্ষেত্ৰত ভাৰতে এশৰো অধিক স্থানৰ সীমা অতিক্ৰম কৰি নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।" গ্ল হ্ৰদৰ সংযোজনৰ সৈতে ভাৰতত ৰামচাৰ ক্ষেত্ৰৰ সংখ্যা ১০১টাত উপনীত হৈছে, যিয়ে দেশখনৰ অমূল্য জলাশয় পৰিস্থিতিতন্ত্ৰ সংৰক্ষণৰ বাবে ধাৰাবাহিক প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।

কামলাং ব্যাঘ্ৰ প্ৰকল্প আৰু অভয়াৰণ্যৰ ভিতৰত অৱস্থিত গ্ল হ্ৰদ পূব হিমালয়ৰ এক বিশুদ্ধ নিৰ্মল পানীৰ হ্ৰদ আৰু জৈৱ-বৈচিত্ৰ্যৰ এক অন্যতম হটস্পট। এই হ্ৰদটোলৈ চিৰপ্ৰবাহমান পাহাৰীয়া জান-জুৰিৰ পৰা পানী আহে আৰু ই ঘন সেউজীয়া উদ্ভিদেৰে আৱৃত হৈ আছে, যিয়ে চহকী উদ্ভিদৰ বৈচিত্ৰ্যক সহায় কৰে। মন্ত্ৰীগৰাকীয়ে জনায় যে এই জলাশয় আৰু ইয়াৰ অৱবাহিকা অঞ্চলত ১৫০বিধতকৈও অধিক গছৰ প্ৰজাতি আৰু ৪৯টা অৰ্কিডৰ প্ৰজাতি সংৰক্ষিত হৈ আছে, যিয়ে গ্ল হ্ৰদ আৰু ইয়াৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্যপটৰ পাৰিপাৰ্শ্বিক গুৰুত্বক প্ৰতিপন্ন কৰে।

*****

VM/DB


(रिलीज़ आईडी: 2294110) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Gujarati , Tamil