ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে পিবিজি ছল্ডিয়াৰথন

प्रविष्टि तिथि: 02 AUG 2026 1:56PM by PIB Guwahati

আজি (২ আগষ্ট, ২০২৬) ৰাষ্ট্ৰপতি ভৱনৰ ফ’ৰক’ৰ্টত অনুষ্ঠিত এক অনুষ্ঠানত  ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছল্ডিয়াৰথনৰ পৃষ্ঠপোষক তথা মিজোৰামৰ ৰাজ্যপাল জেনেৰেল (ড°) ভি কে সিং (অৱসৰপ্ৰাপ্ত)ৰ উপস্থিতিত ভাৰ্চুৱেলভাবে  পিবিজি (ৰাষ্ট্ৰপতিৰ দেহৰক্ষী) ছল্ডিয়াৰথন মুকলি কৰে।  ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই অনুষ্ঠানৰ স্মৃতিত  প্ৰস্তুত কৰা বিশেষ ডাক কভাৰো মুকলি কৰে। এই দৌৰৰ স্থান হৈছে দিল্লী কেণ্টনমেণ্টৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড।

'সৈনিকৰ  বাবে দৌৰা, সৈনিকৰ সৈতে দৌৰা'ৰ দৃষ্টিভংগীৰে  পৰিচালিত ছল্ডিয়াৰথনে অসামৰিক লোক  আৰু সশস্ত্ৰ বাহিনীৰ মাজৰ বন্ধন শক্তিশালী কৰাৰ এক অনন্য মঞ্চ হিচাপে কাম কৰিব।

‘প্ৰকৃত নায়কক সমৰ্থন কৰা – ভাৰতৰ সশস্ত্ৰ বাহিনী’ শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত  এই অনুষ্ঠানটোৰ জড়িয়তে আমাৰ জোৱানসকলৰ নিষ্ঠা, সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে সশস্ত্ৰ বাহিনীৰ সৈতে সংহতি প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছে।

ছল্ডিয়াৰথন দৌৰ তিনিটা শাখাত অনুষ্ঠিত হৈছে - ৩ কিলোমিটাৰ, ৫ কিলোমিটাৰ, ১০ কিলোমিটাৰ। ছল্ডিয়াৰথনৰ পৰা পোৱা ধন সশস্ত্ৰ বাহিনীৰ পেৰাপ্লেজিক পুনৰ্বাসন কেন্দ্ৰ, যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা ৱাৰ্ডৰ কল্যাণ আদিৰ বাবে ব্যৱহাৰ কৰা হয়।পিবিজি ছল্ডিয়াৰথনে পিবিজিৰ ঘোঁৰা আৰু সৈন্যক সহায় কৰাৰ মনস্থ কৰিছে।

****

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2293743) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Telugu , Malayalam