প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি জুডোত স্বৰ্ণ জয় কৰা অস্মিতা দে’ ক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
31 JUL 2026 11:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি জুডো ফাইনেলত স্বৰ্ণ পদক জয় কৰা অস্মিতা দে’ ক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে অস্মিতা দে’ ৰ প্ৰদৰ্শন সদায় স্মৰণীয় হৈ থাকিব তথা জুডোক আৰু অধিক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগাব।
শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
‘সঁচাকৈয়ে এয়া সোণালী প্ৰদৰ্শন! মহিলাৰ জুডোৰ ৪৮ কেজি ফাইনেলত স্বৰ্ণ জয় কৰাৰ বাবে অস্মিতা দে’ ক লৈ গৌৰৱান্বিত! এই প্ৰদৰ্শন সদায় স্মৰণীয় হৈ থাকিব তথা জুডো আৰু অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।
#CWG2026”
সঁচাকৈয়ে এক সোণালী প্ৰদৰ্শন! মহিলাৰ জুডোৰ ৪৮ কেজি ফাইনেলত স্বৰ্ণ জয় কৰাৰ বাবে অস্মিতা দে’ক লৈ গৌৰৱান্বিত! এই প্ৰদৰ্শন সদায় স্মৰণীয় হৈ থাকিব তথা জুডো আৰু অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা। #CWG2026 pic.twitter.com/7quBu2GXcD
— Narendra Modi (@narendramodi) July 31, 2026
*********
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2293634)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Malayalam