প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুৰুষৰ ৫৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে যদুমনি সিং মাংদেংবামক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
02 AUG 2026 12:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৫৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে যদুমনি সিং মাংদেংবামক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে যদুমনি সিং মাংদেংবামৰ এই সাফল্যই তেওঁৰ সাহসিকতা, অনুশাসন আৰু একাগ্ৰতাক প্ৰতিফলিত কৰিছে।
শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবে শুভকামনা জনায়।
'X'ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখে;
“গ্লাছগো কমনৱেলথ গেমছৰ পুৰুষৰ ৫৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰাৰ বাবে যদুমনি সিং মাংদেংবামলৈ অভিনন্দন জনালোঁ। তেওঁৰ সাহসিকতা, অনুশাসন আৰু একাগ্ৰতাই এই সাফল্য সম্ভৱ কৰি তুলিলে। তেওঁৰ ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।”
#CWG2026”
****************
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2293394)
অতিথি কক্ষ : 41
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam