প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 AUG 2026 4:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত দিয়া ভাষণৰ  আভাস দাঙি ধৰিছে।

এক্সৰ ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়-

‘ভোগপুৰত আল্লুৰি সীতাৰামা ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰাৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মোৰ সকলো ভগ্নী আৰু ভাতৃলৈ আন্তৰিক অভিনন্দন।

 

এই বিমানবন্দৰৰ নামকৰণৰ সৈতে আমাৰ চহকী ইতিহাসৰ প্ৰেৰণাদায়ক ব্যক্তিসকলৰ অৱদানক স্বীকৃতি দিয়াৰ সংকল্পৰ  মিল আছে।”

 

 

'কেন্দ্ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ এন ডি এ চৰকাৰে  ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে দ্ৰুতগতিত কাম কৰি আছে।আমি নীলা অৰ্থনীতি, বন্দৰ উন্নয়ন, ঔদ্যোগিক বৃদ্ধি, আৰু অন্যান্য খণ্ডসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছো।'

 

"মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু গাৰুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি সেই দিশত অধ্যৱসায়ীভাৱে কাম কৰি আছে।ৰাজ্যখনে  অৰ্ধপৰিবাহী, আই টি, আৰু উদ্ভাৱন আদি খণ্ডত যথেষ্ট প্ৰচেষ্টা চলাইছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ যুৱক-যুৱতীসকল উপকৃত হ'ব।"


@ncbn”

 


 


**********


MJPS/SS/ST/DM


(रिलीज़ आईडी: 2293204) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam