পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ইথানল মিশ্ৰিত পেট্ৰ’লৰ বিষয়ে তথ্যঃ ভুল ধাৰণাৰ বাস্তৱ তথ্য
प्रविष्टि तिथि:
30 JUL 2026 7:05PM by PIB Guwahati
ইথানল ব্লেণ্ডেড পেট্ৰ’ল (ই বি পি) কাৰ্যসূচী সম্পৰ্কে কিছুমান বিভ্রান্তিমূলক দাবী শেহতীয়াকৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। বৈজ্ঞানিক বৈধকৰণ, বিস্তৃত ক্ষেত্ৰ অভিজ্ঞতা আৰু উদ্যোগৰ তথ্যৰ ওপৰত আধাৰিত কৰি তলত দিয়া স্পষ্টীকৰণসমূহে এই দাবীবোৰ খণ্ডন কৰি বাস্তৱিক স্থিতি উপস্থাপন কৰিছে।
দাবী ১: ২০২৩ চনৰ আগতে নিৰ্মিত বাহনসমূহ E20 পেট্ৰ’লত চলাব নোৱাৰিব
E15-তকৈ অধিক ইন্ধন চাৰে তিনি বছৰৰো অধিক সময় ধৰি ব্যাপকভাৱে ব্যৱহাৰ হৈ আহিছে, আনহাতে E19-E20 ইন্ধন আঢ়ৈ বছৰৰো অধিক সময় ধৰি ব্যৱহাৰ হৈ আহিছে।
এই সময়ছোৱাত, ইথানল মিশ্ৰণৰ ফলত ব্যাপক ইঞ্জিন বিকল হোৱা বা বাহন ভাঙি যোৱাৰ কোনো প্ৰমাণিত বাতৰি পোহৰলৈ অহা নাই। ইথানল মিশ্ৰণে ইঞ্জিন বা ইন্ধন প্ৰণালীৰ প্ৰণালীগত ক্ষতি কৰি থাকিলে, এনে বিফলতাৰ ফলত বৃহৎ পৰিমাণৰ ৱাৰেণ্টি দাবী, সেৱা প্ৰচাৰ আৰু ব্যাপক গ্ৰাহক অভিযোগৰ সৃষ্টি হ’লহেঁতেন, যাৰ কোনোটোৰেই প্ৰতিবেদন দিয়া হোৱা নাই।
ইথানল কোনো নতুন ইন্ধন নহয়। ইয়াক এক শতিকাৰো অধিক সময় ধৰি বিশ্বব্যাপী ব্যৱহাৰ কৰি অহা হৈছে, ব্ৰাজিলৰ দৰে দেশসমূহে কেইবা দশক ধৰি উচ্চ ইথানল মিশ্ৰণ পৰিচালনা কৰি আহিছে। ভাৰতত, ইথানল মিশ্ৰিত পেট্ৰ’ল (ই বি পি) কাৰ্যসূচী ২০০১ চনত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল, ২০০৬ চনত E5 প্ৰৱৰ্তন কৰা হৈছিল আৰু যদিও ২০১৩-১৪ ত মিশ্ৰণ প্ৰায় ১.৫৩ শতাংশ আছিল, তেতিয়াৰ পৰা প্ৰয়োজনীয় উৎপাদন ক্ষমতা, আন্তঃগাঁথনি আৰু নিয়ন্ত্ৰক পৰিকাঠামো সৃষ্টি কৰাৰ পাছত ইয়াক ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে।
|
As seen from the table, the progression has been gradual:
|
|
|
Ethanol Supply Year
|
Average Blending(%)
|
|
2013-14
|
~1.53
|
|
2020-21
|
~8.1
|
|
2021-22
|
~10
|
|
2022-23
|
~12
|
|
2023-24
|
~14.6
|
|
2024-25
|
~19.2
|
|
2025-26 (Nov-June)
|
20
|
- চৰকাৰে বৃহৎ পৰিমাণৰ বাস্তৱ-জগতৰ পৰিচালনাৰ অভিজ্ঞতাৰ কথাও বিবেচনা কৰিছে। ভাৰতত প্ৰতিদিনে প্ৰায় ৮ কোটি বাহন খুচুৰা বিক্ৰী কেন্দ্ৰলৈ যায় (প্ৰায় ৮০শতাংশ পেট্ৰ’ল চালিত বাহন),
- চৰকাৰৰ মূল্যায়নো নিৰ্মাতাৰ সেৱাৰ তথ্যৰ ওপৰত আধাৰিত। এটা আগশাৰীৰ অ’ ই এম-এ ২০২৫-২৬ বিত্তীয় বৰ্ষত ২.৮৪ কোটি বাহনৰ সেৱা আগবঢ়াইছিল, যাৰ ভিতৰত আছে প্ৰায় ১.৫ কোটি বাহন যিবোৰ মূলতঃ E20 -সংগত বুলি প্ৰমাণিত হোৱা নাছিল আৰু কোনো E20 -সংযোজিত ক্ষয়, অস্বাভাৱিক ক্ষয় বা উপাদানৰ জীৱনকাল হ্ৰাস হোৱাৰ বাতৰি অহা নাছিল। এটা আগশাৰীৰ দুচকীয়া কোম্পানীয়ে একেধৰণৰ ক্ষেত্ৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে।
- ইয়াৰ উপৰি, গাড়ী নিৰ্মাতা, এছ আই এ এম, এ আৰ এ আই, উপাদান নিৰ্মাতা, পৰীক্ষা সংস্থা আৰু তেল বিপণন কোম্পানীসমূহৰ (অ’ এম চি) সৈতে ব্যাপক আলোচনাৰ পাছতহে উচ্চ ইথানল মিশ্ৰণ মুকলি কৰা হৈছিল।
- ৰূপায়ণৰ পূৰ্বে সামগ্ৰীৰ সামঞ্জস্যতা, ইঞ্জিনৰ সুবিন্যাস, ড্ৰাইভেবিলিটি, দীৰ্ঘস্থায়ীতা, নিৰ্গমন, ইন্ধন প্ৰণালী আৰু প্ৰদৰ্শনৰ বৈজ্ঞানিকভাৱে মূল্যায়ন কৰা হৈছিল। নিৰ্মাতাসকলে বাহনৰ ৱাৰেণ্টিসমূহক সন্মান জনোৱাটো অব্যাহত ৰাখিছে, যিয়ে ইন্ধনৰ সামঞ্জস্যতাৰ ওপৰত তেওঁলোকৰ আস্থা প্ৰতিফলিত কৰিছে।
- এটা অ’ ই এম-এ শেহতীয়াকৈ কৈছে যে সম্প্ৰসাৰিত সময়ছোৱাত ট্ৰেক কৰা ১.৪ কোটি E20-পৰিচালিত বাহনৰ তথ্যই ইথানল-প্ৰণোদিত ক্ষয়ৰ কোনো প্ৰমাণ দেখুৱা নাছিল, আনহাতে এ আৰ এ আই-এ পুনৰ নিশ্চিত কৰিছিল যে E20 -সামঞ্জস্যপূর্ণ বাহনবোৰে গ্ৰাহকৰ ওচৰলৈ যোৱাৰ আগতে কঠোৰ আন্তঃৰাষ্ট্ৰীয় মানৰ বৈধতা লাভ কৰে।
- ইয়াৰ উপৰি, তেল বিপণন কোম্পানীসমূহে ভেজালকৰণ আৰু ইন্ধনৰ মান পৰীক্ষাৰ বাবে ৩০,০০০ খুচুৰা আউটলেট পৰীক্ষাৰ জৰিয়তে মানসম্পন্ন ইন্ধনৰ নিশ্চয়তা বজাই ৰাখে, যাক ইন্ধন ভেজালকৰণৰ প্ৰতি শূন্য সহনশীলতা বজাই ৰাখিবলৈ ৰাজ্যসমূহক দিয়া নিৰ্দেশৰ দ্বাৰা সমৰ্থন কৰা হয়। ইথানল-মিশ্ৰিত পেট্ৰ’ল বি আই এছ-ৰ বিশেষত্বৰ সৈতে খাপ খায় আৰু সমগ্ৰ যোগান শৃংখলাত গুণগত মান পৰীক্ষা কৰা হয়।
- সেই অনুসৰি, চৰকাৰে বিবৃতি দিয়ে যে ‘কোনো ব্যাপক সমস্যা’ ৰ প্ৰতিবেদন পৃথক পৃথক ঘটনাৰ ওপৰত আধাৰিত নহয়, বৰঞ্চ ২৫ বছৰৰো অধিক সময়ৰ পৰ্য্যায়ক্ৰমে ৰূপায়ণ, ব্যাপক বৈজ্ঞানিক বৈধতা, কোটি কোটি বাহনৰ নিৰন্তৰ ক্ষেত্ৰ অভিজ্ঞতা, নিৰ্মাতা সেৱা ৰেকৰ্ড, অংশীদাৰসকলৰ পৰামৰ্শ আৰু চলি থকা মান নিৰীক্ষণৰ সামগ্ৰিক প্ৰমাণৰ ওপৰত আধাৰিত।
- চৰকাৰে প্ৰস্তুতকাৰী আৰু কাৰিকৰী সংস্থাৰ সৈতে আলোচনা কৰি সামাজিক মাধ্যমত প্ৰচাৰিত দাবীবোৰ পৰীক্ষা কৰে। এনে বহুতো দাবী অতিৰঞ্জিত, বিভ্রান্তিমূলক বা কাৰিকৰী প্ৰমাণৰ দ্বাৰা সমৰ্থিত নহয় আৰু ইথানল মিশ্ৰণৰ ফলত ব্যাপক ইঞ্জিনৰ ক্ষতিৰ কোনো প্ৰমাণিত তথ্য পোহৰলৈ অহা নাই।
দাবী ২: প্ৰায় ৩০ কোটি বাহন অব্যৱহাৰযোগ্য হৈ পৰিব
E15 + মিশ্ৰিত পেট্ৰ’ল ইতিমধ্যে চাৰে তিনি বছৰতকৈও অধিক সময় ধৰি ব্যাপকভাৱে ব্যৱহাৰ হৈ আহিছে, আনহাতে E19-E20 ইন্ধন আঢ়ৈ বছৰৰো অধিক সময় ধৰি ব্যৱহাৰ হৈ আহিছে।
এই সময়ছোৱাতঃ
- ২০ কোটিতকৈও অধিক দুচকীয়া বাহন
- ইথানল মিশ্ৰণৰ ফলত ব্যাপক ইঞ্জিন বিকল হোৱা বা বাহনসমূহ ভাঙি যোৱাৰ কোনো প্ৰমাণিত তথ্য অবিহনে ৩ কোটিৰো অধিক পেট্ৰ’ল গাড়ীয়ে এই ইন্ধনসমূহত চলাচল কৰিছে।
যদি E20-এ সঁচাকৈয়ে বাহনবোৰ ব্যৱহাৰ কৰিব নোৱাৰা কৰি তোলে, তেন্তে ভাৰতে লাখ লাখ ব্ৰেকডাউন, ৱাৰেণ্টি দাবী আৰু সেৱা অভিযানৰ সাক্ষী হলহেঁতেন। এনে ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই।
দাবী ৩: অটোমোবাইল নিৰ্মাতাসকলে ব্যক্তিগতভাৱে ইংগিত দিছে যে E20 বাঞ্ছনীয় নহয়
২০২৬ চনৰ ৪ জুলাইত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে, গধুৰ উদ্যোগ মন্ত্ৰালয় আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সৈতে এক যুটীয়া সংবাদ সন্মিলন আহ্বান কৰিছিল য’ত টয়োটা কিৰ্লোস্কাৰ, মাৰুতি চুজুকি, হিৰো মট’কৰ্প, হুণ্ডাই মটৰ ইণ্ডিয়া, টিভিএছ মটৰ কোম্পানী আৰু বাজাজ অটোৰ জ্যেষ্ঠ কাৰ্যবাহীসকলে সামূহিকভাৱে E20 সম্পৰ্কীয় উদ্বেগৰ কথা সম্বোধন কৰিছিল। তেওঁলোকৰ স্থিতি স্পষ্ট আছিলঃ
টয়’টা কিৰলোস্কাৰে উল্লেখ কৰিছিল যে E20 কেৱল পুৰণি বাহনসমূহত কঠোৰ পৰীক্ষাৰ পাছতহে প্ৰৱৰ্তন কৰা হৈছিল, ইথানলক এক পৰিষ্কাৰ, উচ্চ-কাৰ্য্যকৰী ইন্ধন হিচাপে বৰ্ণনা কৰিছিল যিটো কেইবা দশক ধৰি বিশ্বব্যাপী ব্যৱহাৰ কৰি অহা হৈছে। ই লগতে গুৰুত্ব আৰোপ কৰে যে পৰীক্ষাৰ প্ৰট’কলবোৰ ইউ এন ই চি ই নিয়মৰ অধীনত আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰামাণিকৃত কৰা হয় আৰু ইয়াক আপোচ কৰিব নোৱাৰি।
মাৰুতি চুজুকিয়ে গ্ৰাহকসকলক ‘আত্মবিশ্বাসৰ বিবৃতি’ হিচাপে বৰ্ণনা কৰিছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষত সেৱা আগবঢ়োৱা ২.৮৪ কোটি বাহনৰ ওপৰত ভিত্তি কৰি, যাৰ ভিতৰত ১.৫ কোটিৰো অধিক পুৰণি বাহন আছে যিবোৰ মূলতঃ E20 -প্ৰমাণিত হোৱা নাছিল, কোম্পানীটোৱে কোনো E20 -সম্পৰ্কীয় ক্ষয়, অস্বাভাৱিক অৱক্ষয় বা উপাদানৰ জীৱনকাল হ্ৰাস হোৱাৰ বাতৰি দিয়া নাছিল। ই এইটোও স্পষ্ট কৰি দিয়ে যে মাইলেজৰ প্ৰভাৱ সাধাৰণতে৩-৩.২৫ শতাংশ লৈকে সীমিত আৰু দৈনন্দিন কাৰক যেনে টায়াৰৰ চাপ, গাড়ী চলোৱাৰ শৈলী, ৰক্ষণাবেক্ষণ আৰু যান-বাহনৰ ফলত ইন্ধনৰ অৰ্থনীতিৰ ওপৰত অধিক প্ৰভাৱ পৰে।
বিশ্বৰ অন্যতম বৃহৎ দুচকীয়া বাহন নিৰ্মাতা হিৰো মট’কৰ্পে উল্লেখ কৰিছে যে ইয়াৰ ব্যাপক সেৱা তথ্যৰ বিশ্লেষণে পূৰ্বৰ ইন্ধনৰ তুলনাত E20-ত চলি থকা বাহনসমূহত কোনো অধিক ক্ষতিৰ ঘটনা পোৱা নাই। হুণ্ডাই, টিভিএছ মটৰ কোম্পানী আৰু বাজাজ অটোয়েও একেখন সংবাদ সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু সামূহিকভাৱে E20 কাৰ্যসূচীৰ ওপৰত উদ্যোগটোৰ আস্থা পুনৰ নিশ্চিত কৰিছিল। পেনেলে এই কাৰ্যসূচীৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰি গ্ৰাহকৰ উদ্বেগবোৰ স্বচ্ছভাৱে সমাধান কৰি সামৰণি মাৰিছিল।
দাবী ৪ : পুৰণি বাহনসমূহ বিপদাপন্ন
এগৰাকী আগশাৰীৰ অটোমোবাইল নিৰ্মাতাই ২০২৫-২৬ বিত্তীয় বৰ্ষত ২.৮৪ কোটি বাহনৰ সেৱা আগবঢ়াইছিল।
ইয়াৰ ভিতৰত প্ৰায় ১.৫ কোটি বাহন আছিল, যিবোৰক কেতিয়াও E20-সংগত বুলি প্ৰমাণিত কৰা হোৱা নাছিল।
ইয়াৰ পাছতো,
E20 ইন্ধনৰ বাবে কোনো অস্বাভাৱিক ক্ষয়,
উপাদানৰ জীৱনকালৰ কোনো হ্ৰাস হোৱা নাছিল।
এগৰাকী আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতাই একেধৰণৰ ক্ষেত্ৰৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে, আনহাতে আন এটা অ’ ই এম-এ সম্প্ৰসাৰিত সময়ছোৱাত ১.৪ কোটি E20 -পৰিচালিত বাহন অনুসৰণ কৰিছিল আৰু ইথানল-প্ৰণোদিত ক্ষয়ৰ কোনো প্ৰমাণ পোৱা নাছিল।
দাবী ৫: মাইলেজ হ্ৰাস হ'ব
চৰকাৰী অধ্যয়ন আৰু গাড়ী নিৰ্মাতাসকলে ধাৰাবাহিকভাৱে ব্যাখ্যা কৰিছে যে ইন্ধনৰ দক্ষতা একাধিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ভিতৰত আছেঃ
- গাড়ী চলোৱাৰ অভ্যাস,
- যান-জঁটৰ অৱস্থা, বাহনৰ ৰক্ষণাবেক্ষণ,
- টায়াৰৰ চাপ,
- এয়াৰ কণ্ডিছনাৰৰ ব্যৱহাৰ
For certain older E10-designed vehicles, any reduction in fuel economy is generally limited to about 3-5%, not the exaggerated figures being circulated.
At the same time, E20 provides: কিছুমান পুৰণি E10-ডিজাইন কৰা বাহনৰ বাবে, ইন্ধনৰ অৰ্থনীতিৰ যিকোনো হ্ৰাস সাধাৰণতে প্ৰায় ৩-৫ শতাংশত সীমাবদ্ধ, বিতৰণ কৰা অতিৰঞ্জিত সংখ্যা নহয়।
একে সময়তে, E20-এ প্ৰদান কৰেঃ
- উচ্চ অক্টেন ৰেটিং,
- উৎকৃষ্ট এণ্টি-নক বৈশিষ্ট্য,
- পৰিষ্কাৰ দহন,
- মসৃণ ইঞ্জিনৰ প্ৰদৰ্শন,
- উন্নত ত্বৰণ আৰু
- চালনাৰ মান।
দাবী ৬ : উৎপাদনকাৰীসকলক E20 সমৰ্থন কৰিবলৈ বাধ্য কৰা হৈছে
- যদি অটোমোবাইল নিৰ্মাতাসকল বৈজ্ঞানিক বৈধকৰণত সন্তুষ্ট নহ’লহেঁতেন, তেন্তে তেওঁলোকে
- E20 -সংগত বাহনৰ প্ৰমাণপত্ৰ লাভ কৰিব নোৱাৰিলেহেঁতেন,
- বা ৱাৰেণ্টিৰ দায়বদ্ধতাক সন্মান কৰাটো অব্যাহত ৰাখিব নোৱাৰিলেহেঁতেন।
নিৰ্মাতাসকলে নিৰ্দিষ্ট-অনুসৰণকাৰী E20 ইন্ধনৰ ওপৰত চলোৱা বাহনৰ বাবে ৱাৰেণ্টিসমূহক সন্মান জনোৱাটো অব্যাহত ৰাখিছে কাৰণ মুকলিৰ পূৰ্বে হোৱা ব্যাপক পৰীক্ষাৰ ওপৰত তেওঁলোকৰ আস্থা আছে।
দাবী ৭ : E20 সম্পৰ্কে সত্য লুকুৱাবলৈ অটোমোবাইল কোম্পানীবোৰ চৰকাৰৰ চাপত আছে
- ভাৰতৰ অটোমোবাইল নিৰ্মাতাসকল তেওঁলোকৰ গ্ৰাহকসকলৰ প্ৰতি আইনী আৰু নিয়ন্ত্ৰণমূলক দায়বদ্ধতা থকা স্বতন্ত্ৰ তালিকাভুক্ত কোম্পানী। তেওঁলোকে ৱাৰেণ্টি দাবী, সামগ্ৰীৰ দায়বদ্ধতা, নিয়ন্ত্ৰণমূলক পদক্ষেপ আৰু গুৰুতৰ সুনামৰ ক্ষতিৰ সন্মুখীন নোহোৱাকৈ ব্যাপক বাহনৰ ত্ৰুটি লুকুৱাই ৰাখিব নোৱাৰে।
-
- নিৰ্মাতাসকলে E20-সংগত বাহনৰ বাবে ৱাৰেণ্টিসমূহক সন্মান জনোৱাটো অব্যাহত ৰাখিছে, যিটো তেওঁলোকে নকৰে যদি তেওঁলোকে বিশ্বাস কৰে যে E20-এ প্ৰণালীবদ্ধ ইঞ্জিনৰ ক্ষতি কৰি আছে। ৱাৰেণ্টিৰ সিদ্ধান্তবোৰ অভিযান্ত্ৰিক বৈধতা আৰু ক্ষেত্ৰৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত, ৰাজনৈতিক বিবেচনাৰ ওপৰত নহয়।
উদ্যোগটোৰ স্থিতিও ৰাজহুৱাভাৱে আৰু স্বচ্ছভাৱে প্ৰকাশ কৰা হৈছে। ২০২৬ চনৰ ৪ জুলাইত টয়’টা কিৰলোস্কাৰ, মাৰুতি চুজুকি, হিৰো মট'কৰ্প, হুণ্ডাই মটৰ ইণ্ডিয়া, টিভিএছ মটৰ কোম্পানী আৰু বাজাজ অটোৰ জ্যেষ্ঠ কাৰ্যবাহীসকলে যুটীয়াভাৱে সংবাদ মাধ্যমক সম্বোধন কৰিছিল। তেওঁলোকে পুনৰ নিশ্চিত কৰিছিল যে কেৱল কঠোৰ পৰীক্ষা আৰু ব্যাপক বৈধকৰণৰ পাছতহে E20 প্ৰৱৰ্তন কৰা হৈছিল। তেওঁলোকৰ বিবৃতিবোৰ বাস্তৱ-জগতৰ সেৱা তথ্যৰ দ্বাৰা সমৰ্থিত আছিলঃ
মাৰুতি চুজুকি-য়ে ২০২৫-২৬ বিত্তীয় বৰ্ষত সেৱা আগবঢ়োৱা ২.৮৪ কোটি বাহনৰ বিশ্লেষণ কৰিছিল, যাৰ ভিতৰত আছে ১.৫ কোটিৰো অধিক পুৰণি বাহন আৰু E20-সম্পৰ্কীয় কোনো ক্ষয়, অস্বাভাৱিক ক্ষয় বা উপাদানৰ জীৱনকাল হ্ৰাস পোৱা নাছিল।
হিৰো মট'কৰ্পে প্ৰকাশ কৰে যে ইয়াৰ ব্যাপক সেৱা তথ্যই E20-ত চলি থকা দুচকীয়া বাহনৰ ক্ষতিৰ কোনো অধিক ঘটনা দেখুওৱা নাছিল।
- কিৰলোস্কাৰে টয়োটা কয় যে ইউ এন ই চি ই মানৰ অধীনত আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত পৰীক্ষা প্ৰট'কল অনুসৰণ কৰি পুৰণি বাহনসমূহত কঠোৰ পৰীক্ষাৰ পাছতহে E20 প্ৰৱৰ্তন কৰা হৈছিল।
*****
TM/MK
(रिलीज़ आईडी: 2292808)
आगंतुक पटल : 7