কেবিনেট
azadi ka amrit mahotsav

২০২৬-২৭ চনৰ পৰা ২০৩০-৩১ চনলৈ অব্যাহত ৰাখিবলগীয়া প্ৰধানমন্ত্ৰী কিষাণ যোজনাত ৩.১৫ লাখ কোটিৰ আৰ্থিক অনুদান প্ৰদানত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

प्रविष्टि तिथि: 31 JUL 2026 4:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) যোজনা ২০২৬-২৭ৰ পৰা ২০৩০-৩১ চনলৈ অব্যাহত ৰখাত অনুমোদন জনাইছে। এই সময়ছোৱাত আঁচনিখনৰ বাবে মুঠ ৩.১৫ লাখ কোটি টকাৰ আৰ্থিক আবণ্টন অনুমোদন কৰা হৈছে।

এই অনুমোদনে চৰকাৰৰ এই প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে যে কৃষকৰ সমৃদ্ধি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ আধাৰ। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডি বি টি) ব্যৱস্থাৰ জৰিয়তে যোগ্য কৃষক পৰিয়ালক সময়োপযোগী আৰু স্বচ্ছ আয়ৰ সহায় আগবঢ়োৱা হৈছে, যাৰ ফলত কৃষকসকলক কৃষি বিনিয়োগ বৃদ্ধি আৰু জীৱিকা শক্তিশালী কৰাত সহায় কৰা হৈছে।

পি এম-কিষাণ : স্বচ্ছ আৰু প্ৰযুক্তিভিত্তিক কৃষক কল্যাণৰ এক সফল আৰ্হি

প্ৰধানমন্ত্ৰী কিষাণ যোজনা ২০১৯ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৬,০০০ টকা আৰ্থিক সাহায্য যোগ্য মাটিধাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ তিনিটা সমান কিস্তিত হস্তান্তৰ কৰা হয়। আধাৰ প্ৰমাণীকৰণ, ডিজিটেল পৰীক্ষণ আৰু এটা শক্তিশালী ডিবিটি ব্যৱস্থাৰ জৰিয়তে আঁচনিখনে স্বচ্ছতা, দক্ষতা আৰু জবাবদিহিতাৰ এক ফলপ্ৰসূ উদাহৰণ দাঙি ধৰিছে।

পিএম-কিষাণ আঁচনিৰ মূল কৃতিত্বসমূহ ঃ

 

 

  • এই আঁচনিৰ অধীনত ২৩ টা কিস্তিত ৪.৪৭ লাখ কোটিতকৈ অধিক টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে।
  • ২৩ সংখ্যক কিস্তিৰ অধীনত ৯.৪৯ কোটিতকৈ অধিক কৃষক উপকৃত হৈছে, য’ত ১৮,৯৮৪ কোটি টকাতকৈ অধিক ধন মুকলি কৰা হয়।
  • ক’ভিড-১৯ মহামাৰীৰ সময়ত কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ১.৭১ লাখ কোটিতকৈ অধিক ধন প্ৰদান কৰা হৈছিল।
  • পিএম-কিষাণ আঁচনিৰ অধীনত মহিলা কৃষকে ১.০৬ লাখ কোটিতকৈ অধিক টকা লাভ কৰিছে আৰু চাৰিজন হিতাধিকাৰীৰ ভিতৰত এগৰাকী মহিলা কৃষক বুলি পূৰ্বানুমান কৰা হৈছে।

কৃষি বিনিয়োগ আৰু কৃষকৰ আয় শক্তিশালী কৰাৰ ক্ষেত্ৰত আঁচনিখনৰ উল্লেখযোগ্য ভূমিকা ঃ

পি এম-কিষাণ আঁচনিৰ অধীনত প্ৰদান কৰা সাহায্যই কৃষকসকলক বীজ, সাৰ, জলসিঞ্চন, কৃষি যন্ত্ৰপাতি আৰু অন্যান্য কৃষি প্ৰয়োজনীয়তাত সময়মতে বিনিয়োগ কৰাত সহায় কৰিছে। ইয়াৰ ফলত কৃষকৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে, অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে আৰু গ্ৰাম্য পৰিয়ালৰ অৰ্থনৈতিক স্থিতিশীলতা শক্তিশালী হৈছে।

স্বতন্ত্ৰ মূল্যায়নৰ জৰিয়তে নিশ্চিত কৰা ইতিবাচক প্ৰভাৱ ঃ

পি এম-কিষাণ আঁচনিৰ প্ৰভাৱৰ মূল্যায়ন বিভিন্ন স্বতন্ত্ৰ প্ৰতিষ্ঠানে কৰিছে। নিটী আয়োগৰ উন্নয়ন নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যালয় (ডিএমইঅ’)ৰ এক মূল্যায়ন অনুসৰি :

  • ৯২ শতাংশতকৈ অধিক হিতাধিকাৰীয়ে এই সাহায্যৰ পৰিমাণ কৃষি কাৰ্যকলাপ আৰু কৃষি বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা বুলি কয়।
  • প্ৰায় ৮৫ শতাংশ হিতাধিকাৰীয়ে কৃষি আয়ৰ উন্নতি আৰু অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাটো নিশ্চিত কৰিছে।
  • ২০২০-২১ চনৰ পৰা ২০২৫-২৬ চনলৈকে খাদ্য শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পোৱা গৈছে। এই সময়ছোৱাত কৃষি খণ্ডত প্ৰায় ৯.৬৫ শতাংশ, উৎপাদনশীলতা প্ৰায় ১০.৫৩ শতাংশ আৰু মুঠ খাদ্য শস্য উৎপাদন প্ৰায় ২১.১৮ শতাংশ বৃদ্ধি পাইছে, যিয়ে পিএম-কিষাণ আঁচনিৰ অধীনত কৃষকসকলক প্ৰদান কৰা ব্যাপক সহায় আৰু কৃষি খণ্ডৰ বৃদ্ধি পোৱা সম্ভাৱনাক প্ৰতিফলিত কৰে।

ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে কৃষকলৈ প্ৰত্যক্ষ লাভ ঃ

ডিজিটেল ইণ্ডিয়াৰ ফলপ্ৰসূ ব্যৱহাৰৰ এক উৎকৃষ্ট উদাহৰণ পি এম-কিষাণ আঁচনি। আধাৰ ভিত্তিক প্ৰমাণীকৰণ, ডিজিটেল হিতাধিকাৰী পৰীক্ষণ আৰু ডিবিটি ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ কৃষকসকললৈ আৰ্থিক সাহায্য হস্তান্তৰ কৰা হৈছে। এই আঁচনিখন কেৱল আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়; ইয়াৰ উপৰি কৃষকৰ আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা আৰু কৃষিত বিনিয়োগ কৰাৰ ক্ষমতাও শক্তিশালী কৰিছে।

আত্মনিৰ্ভৰশীল ভাৰত আৰু সমৃদ্ধিশালী কৃষকৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঃ

পি এম-কিষাণ আঁচনিৰ অবিৰত সম্প্ৰসাৰণে কৃষকসকলৰ কৃষিক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষমতা বৃদ্ধি কৰিব, উৎপাদনশীলতা বৃদ্ধি কৰিব, কৃষিৰ বিপদ হ্ৰাস কৰাত সহায় কৰিব আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব।

পি এম-কিষাণ আঁচনিৰ কৃষককেন্দ্ৰিক নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। এই আঁচনিৰ উদ্দেশ্য দেশৰ কোটি কোটি কৃষকক সবলীকৰণ কৰা, যাতে বিকশিত ভাৰতৰ দিশত দেশৰ অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা পূৰ্বতকৈ অধিক হ’ব পাৰে।

 

****

 

 

MJPS/KD


(रिलीज़ आईडी: 2292619) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Marathi , Bengali , Odia , Kannada , English , Khasi , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Telugu