প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুন্সি প্ৰেমচন্দৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
प्रविष्टि तिथि:
31 JUL 2026 1:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক মুন্সি প্ৰেমচন্দৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে কালজয়ী সাহিত্যৰ জৰিয়তে মুন্সি প্ৰেমচন্দে মানৱীয় আৱেগক এক শক্তিশালী ৰূপত প্ৰকাশ কৰিছিল, যি আজিও প্ৰাসংগিক হৈ আছে। শ্ৰী মোদীয়ে লগতে তেওঁৰ জন্মস্থান আৰু কৰ্মভূমি কাশীৰ সাহিত্য ঐতিহ্যক বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰাত তেওঁৰ অমূল্য অৱদানৰ কথাও উল্লেখ কৰে।
শ্ৰী মোদীয়ে কয় যে বাস্তৱবাদ আৰু সামাজিক সমতাৰ ওপৰত আধাৰিত মুন্সি প্ৰেমচান্দৰ অমৰ সাহিত্যই দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘মহান গল্পকাৰ মুন্সি প্ৰেমচান্দজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ কালজয়ী ৰচনাসমূহৰ জৰিয়তে তেওঁ মানৱীয় সংবেদনশীলতাক ইমান শক্তিশালী ৰূপত প্ৰকাশ কৰিছিল যে সেইসমূহ আজিও প্ৰাসংগিক হৈ আছে। বিশ্ব মঞ্চত নিজৰ জন্মস্থান আৰু কৰ্মভূমি কাশীৰ সাহিত্য ঐতিহ্যক পৰিচয় কৰি দিয়াত তেওঁ অমূল্য অৱদান আগবঢ়াইছে। বাস্তৱ আৰু সামাজিক সমতাৰ ওপৰত আধাৰিত তেওঁৰ অমৰ সাহিত্য দেশবাসীসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।’
***
MJPS/SS/ST/NB
(रिलीज़ आईडी: 2292415)
आगंतुक पटल : 4