মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ
শ্ৰী যোশীয়ে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে
प्रविष्टि तिथि:
26 JUL 2026 2:00PM by PIB Guwahati
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি আনুষ্ঠানিকভাৱে কৰ্তব্য ভৱনত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ দায়িত্বও বহন কৰে।
শ্ৰী যোশীয়ে মন্ত্ৰালয়ৰ এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে য’ত তেওঁ বিভিন্ন আঁচনি আৰু অন্যান্য পদক্ষেপৰ ৰূপায়ণৰ বিষয়ে পৰ্যালোচনা কৰে। কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়েও এই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
উচ্চ শিক্ষা বিভাগৰ সচিব ড০ বিনীত যোশী আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ সচিব শ্ৰী টি কে অনিল কুমাৰৰ লগতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই বৈঠকত উপস্থিত আছিল।


******
RRTN/MK
(रिलीज़ आईडी: 2289952)
आगंतुक पटल : 31