ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বুচাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজে ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী

যৌথ গৱেষণা আৰু অনুষদ তথা শিক্ষাৰ্থীৰ আদান-প্ৰদানৰ জৰিয়তে সহযোগিতা গভীৰ কৰক: ৰোমানিয়ান বিশ্ববিদ্যালয়সমূহলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আহ্বান

प्रविष्टि तिथि: 24 JUL 2026 11:01PM by PIB Guwahati

বুচাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজে আজি (২৪ জুলাই, ২০২৬) ৰোমানিয়াৰ বুচাৰেষ্টত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।এই উপলক্ষ্যে দিয়া  ভাষণত ৰাষ্ট্ৰপতিয়ে এই স্বীকৃতিৰ বাবে বুচাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজৰ ৰেক্টৰ, চেনেট আৰু সমগ্ৰ বিশ্ববিদ্যালয় সম্প্ৰদায়ক ধন্যবাদ জনায়। ভাৰত আৰু ৰোমানিয়াৰ জনগোষ্ঠীৰ মাজত থকা চিৰস্থায়ী বন্ধুত্বৰ প্ৰতিফলন হিচাপে তেওঁ এই সন্মান গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে  কয় যে শিক্ষাই তেওঁৰ জীৱনৰ একক তথা  আটাইতকৈ পৰিৱৰ্তনশীল শক্তি হিচাবে কাম কৰিছে। তেওঁ কয় যে তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিল আৰু প্ৰত্যক্ষভাৱে অভিজ্ঞতা লাভ কৰিছিল যে কেনেকৈ এটা শ্ৰেণীকোঠাF, যিমানেই সাধাৰণ নহওক, এটা পৰিয়ালৰ ভৱিষ্যত আৰু লগতে সময়ৰ লগে লগে সমগ্ৰ সম্প্ৰদায়ৰ ভৱিষ্যত সলনি কৰিব পাৰে। শিক্ষা কেৱল ব্যক্তিগত উন্নতিৰ মাধ্যম নহয়, বৰঞ্চ ন্যায়সংগত আৰু সৰ্বাংগীন সমাজৰ ভেটি বুলিও তেওঁ  উল্লেখ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ৰোমানিয়াৰ মাজৰ বন্ধুত্ব পাৰস্পৰিক সন্মান, বিশ্বাস আৰু ভাগ-বাটোৱাৰা  কৰা গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। শিক্ষা এই অংশীদাৰিত্বৰ অন্যতম শক্তিশালী স্তম্ভ হৈ আহিছে। দশক দশক ধৰি ৰোমানিয়াৰ বিশ্ববিদ্যালয়সমূহে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই আহিছে, বিশেষকৈ চিকিৎসা, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত। বুখাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজ আৰু অন্যান্য ৰোমানিয়াৰ শিক্ষানুষ্ঠানসমূহক যৌথ গৱেষণা আৰু অধ্যাপক আৰু ছাত্ৰ বিনিময়ৰ জৰিয়তে সহযোগিতা গভীৰ কৰিবলৈ আহ্বান জনায়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল প্ৰযুক্তি আৰু অন্যান্য দ্ৰুত বৈজ্ঞানিক অগ্ৰগতিৰ দ্বাৰা বিশ্বক নতুন ৰূপ দিয়াৰ লগে লগে বুচাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজৰ দৰে বিশ্ববিদ্যালয়সমূহৰ আৰু এনে অধিক দায়িত্ব আছে যাতে  ই প্ৰজ্ঞা, নৈতিকতা আৰু মমতাই জ্ঞানক পথ প্ৰদৰ্শন কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে ছাত্ৰ-ছাত্ৰীসকলক কয় যে তেওঁলোক কাইলৈৰ পৃথিৱীৰ স্থপতি। সফলতা কেৱল পেছাদাৰী কৃতিত্বৰ দ্বাৰাই নহয়, তেওঁলোকে ৰক্ষা কৰা মূল্যবোধ আৰু আনৰ জীৱনত তেওঁলোকে সৃষ্টি কৰা ইতিবাচক পাৰ্থক্যৰ দ্বাৰাও জুখিব পাৰি। জ্ঞানৰ সন্ধানত কৌতুহলী, সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী আৰু কৰ্মত সততা  বজাই ৰাখিবলৈও তেওঁ পৰামৰ্শ দিয়ে। তেওঁলোকৰ প্ৰতিভাক ব্যৱহাৰ কৰি সংস্কৃতিৰ মাজত সেতু নিৰ্মাণ কৰিবলৈ আৰু অধিক শান্তিপূৰ্ণ তথা  সমৃদ্ধিশালী পৃথিৱীৰ বাবে  অৰিহণা যোগাবলৈ তেওঁ আহ্বান জনায়।

বুচাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজ হৈছে অৰ্থনীতি, ব্যৱসায় আৰু ৰাজহুৱা প্ৰশাসনৰ উচ্চ শিক্ষাৰ বাবে ৰোমানিয়াৰ আগশাৰীৰ প্ৰতিষ্ঠান। ১৯১৩ চনত স্থাপিত এইখন ৰোমানিয়াৰ প্ৰথমখন বিশ্ববিদ্যালয় ,  যিয়ে একান্তভাৱে অৰ্থনৈতিক বিজ্ঞানৰ প্ৰতি উৎসৰ্গিত  হৈ আছে আৰু তেতিয়াৰে পৰাই ই বহু  অৰ্থনীতিবিদ, নীতি নিৰ্ধাৰক, ব্যৱসায়িক নেতা আৰু ৰাজহুৱা প্ৰশাসকৰ প্ৰজন্মৰ সৃষ্টি কৰিছে। ডাক্তৰ অনাৰিছ কাউছা বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ শৈক্ষিক সন্মান, যিটো শিক্ষা, জনসেৱা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদানৰ বাবে বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা হয়।

Please click here to see the President’s Speech

 

 

***

 

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2289532) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Malayalam