কেবিনেট
azadi ka amrit mahotsav

ৰাসায়নিক উদ্যান আঁচনি "ভাৰত ঔদ্যোগিক বিকাশ যোজনা ৰসায়ন (ভব্য ৰসায়ন)"ত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 24 JUL 2026 4:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দেশত তিনিখন নিবেদিত ৰাসায়নিক উদ্যান স্থাপনৰ বাবে ভাৰত ঔদ্যোগিক বিকাশ যোজনা ৰসায়ন বা ভব্য ৰসায়ন আঁচনিত অনুমোদন জনাইছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনি ঘোষণা কৰা হৈছিল।

এই আঁচনিৰ বাবে মুঠ ৩,০৩০ কোটি টকাৰ আৰ্থিক আবণ্টন দিয়া হ’ব। এই ধনৰাশিৰে উদ্যানসমূহৰ আভ্যন্তৰীণ আন্তঃগাঁথনিৰ সুবিধা আৰু মৌলিক উপযোগিতাসমূহ স্থাপনৰ বাবে ৩,০০০ কোটি টকা আৰু প্ৰশাসনিক খৰচৰ বাবে ৩০ কোটি টকা আবণ্টন দিয়া হ’ব। এই আঁচনিখন ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিখন উদ্যানৰ বাবে ১০০০ কোটি টকা পৰ্যন্ত অনুদান আগবঢ়াব, য’ত নিজ নিজ ৰাজ্য চৰকাৰবোৰে নূন্যতম ৫০০ কোটি টকাৰ বৰঙণি আগবঢ়াব।

ভব্য ৰসায়ন আঁচনিৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ বাবে তলত দিয়া সুবিধাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে-

  • ই কেঁচামালৰ উৎস (আপষ্ট্ৰিম), শেষৰজন গ্ৰাহকক যোগান (ডাউনষ্ট্ৰিম) আৰু আনুষংগিক উদ্যোগকে ধৰি সমগ্ৰ মূল্য শৃংখলত ৰাসায়নিক উদ্যোগৰ বিকাশক প্ৰসাৰিত কৰিব, যাৰ ফলত সম্পদৰ দক্ষ ব্যৱহাৰ আৰু মালবাহী তথা পৰিচালনাৰ ব্যয় হ্ৰাস পাব।
  • ৰাসায়নিক উদ্যোগৰ প্ৰয়োজন অনুসৰি ভাগ-বতৰা কৰা আন্তঃগাঁথনিগত সুবিধা আৰু মৌলিক উপযোগিতাৰ জৰিয়তে এই ব্যয়বহুল আঁচনিখনে প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব আৰু ভাৰতীয় উদ্যোগক গোলকীয় প্ৰতিযোগিতাৰ অংশ কৰি তুলিব।
  • ইয়াৰ দ্বাৰা ভাৰতীয় ৰাসায়নিক উদ্যোগ বিশ্ব মূল্য শৃংখলৰ সৈতে একত্ৰিত হোৱাত সহায়ক হ’ব, যাৰ ফলত ৰপ্তানি বৃদ্ধি পাব আৰু আমদানি প্ৰতিষ্ঠাপনৰ উন্নতি সাধন হ’ব।
  • এই আঁচনিখনে পৰিৱেশ অনুকূল পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰি ভাৰতীয় ৰাসায়নিক উদ্যোগৰ বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰিব। এই পৰিৱেশতন্ত্ৰত কেন্দ্ৰীভূত সুবিধাসমূহ, যেনে- অংশীদাৰী বৰ্জ্য পানী পৰিশোধন প্ৰকল্প, পৰিশোধন, সংৰক্ষণ আৰু নিষ্কাশনৰ সুবিধা তথা বিপজ্জনক আৱৰ্জনা ব্যৱস্থাপনা আন্তঃগাঁথনি অন্তৰ্ভুক্ত হ’ব। ইয়াৰ দ্বাৰা পৰিৱেশৰ নিয়মসমূহ ভালদৰে পালন কৰাটো নিশ্চিত হ’ব, যাৰ ফলত পৰিৱেশ অনুকূল উদ্যোগৰ বিকাশ হ’ব।
  • ৰাসায়নিক খণ্ডৰ উন্নয়নে অৰ্থনীতিৰ অন্যান্য খণ্ডৰ উন্নয়নতো ইতিবাচক প্ৰভাৱ পেলাব, যাৰ ফলত কৰ্মসংস্থাপন বৃদ্ধি পাব আৰু অধিক অৰ্থনৈতিক বিকাশ হ’ব। ইয়াৰ দ্বাৰা ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগাব।

এই ক্ষেত্ৰখনে কৃষি, বস্ত্ৰশিল্প, ঔষধ, নিউট্ৰাচিউটিকেল, নিৰ্মাণ, অটোম’বাইল আৰু ইলেক্ট্ৰনিকছৰ দৰে বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ তথা পেট্ৰ’কেমিকেল উৎপাদন কৰে বুলি স্বীকৃতি লাভ কৰি ভব্য ৰসায়ন আঁচনিৰ আৰম্ভণিয়ে ঘৰুৱা আৰু বিদেশী বিনিয়োগ আকৰ্ষণ কৰি, ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰি আৰু কৰ্মসংস্থাপনৰ সৃষ্টি কৰি এই খণ্ডৰ উন্নয়নত সহায় কৰিব। ইয়াৰ ফলত এই খণ্ডৰ বিশ্বজোৰা প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পাব আৰু তেনেকৈয়ে আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাব।

এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক, প্ৰত্যাহ্বান-ভিত্তিক পুঁজি ব্যৱস্থা (চেলেঞ্জ ৰুট)ৰ অধীনত ৰাজ্য চৰকাৰসমূহে তিনিখন নিৰ্দিষ্ট ৰাসায়নিক উদ্যানৰ উন্নয়নত সহায় কৰিব। প্ৰতিখন উদ্যানৰ খালী মাটিৰ আয়তন কমেও আঠ বৰ্গকিলোমিটাৰ (কমেও ২০০০ একৰ) হ’ব। এই উদ্যানসমূহে সাধাৰণ আন্তঃগাঁথনিৰ সুবিধা আৰু মৌলিক উপযোগিতাৰ ৰূপত ৰাসায়নিক উদ্যোগৰ বাবে সুলভ আন্তঃগাঁথনি প্ৰদান কৰিব। ইয়াৰ ভিতৰত আছে :

  • সাধাৰণ বৰ্জিত পানী ব্যৱহাৰ প্ৰকল্প (চিইটিপি),
  • নিৰীক্ষণ, সংৰক্ষণ আৰু নিষ্কাশন সুবিধা (টিএছডিএফ),
  • পানী যোগান আৰু বিতৰণ ব্যৱস্থা,
  • দ্রাৱণীয় উদ্ধাৰ আৰু পাতনৰ সুবিধা,
  • ভাপ উৎপাদন আৰু বিতৰণ নেটৱৰ্ক,
  • আন্তঃসংযোগী পাইপলাইন নেটৱৰ্ক স্থাপন,
  • সামগ্ৰী সৰবৰাহ আৰু গুদামৰ সা-সুবিধা।

 

****

 

MJPS/KD


(रिलीज़ आईडी: 2289143) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada