পৰ্যটন মন্ত্ৰালয়
পৰ্যটন আন্তঃগাঁথনিৰ বিকাশৰ বাবে ৫,৭৫৬.৬২ কোটি মূল্যৰ ১১৭টা প্ৰকল্পত অনুমোদন পৰ্যটন মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
21 JUL 2026 12:13PM by PIB Guwahati
পৰ্যটন মন্ত্ৰালয়ে যোৱা দুবছৰত আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল প্ৰচাৰ আৰু সমগ্ৰ দেশতে মৌলিক সা-সুবিধাৰ সম্প্ৰসাৰণৰ জৰিয়তে পৰ্যটনৰ প্ৰচাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
মন্ত্ৰালয়ে স্বদেশ দৰ্শন ২.০ প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থল উন্নয়ন, তীৰ্থযাত্ৰা পুনৰুজ্জীৱিত কৰা আৰু আধ্যাত্মিক ঐতিহ্য বৃদ্ধি অভিযান (প্ৰসাদ), পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায় আৰু পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ তথা মৌলিক সা-সুবিধা বৃদ্ধিৰ বাবে ধৰিত্ৰী আৱা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান (ডিএ জুগা) আঁচনিৰ নিৰ্দেশনা আৰু পুঁজিৰ উপলব্ধতা সাপেক্ষে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসনসমূহক কেন্দ্ৰীয় বিত্তীয় সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰি, ভাৰত চৰকাৰৰ মূলধন বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সহায় পদক্ষেপৰ অধীনত ২০২৪-২৫ৰ সময়চোৱাত বিশ্ব পৰিসৰলৈ আদৰ্শ পৰ্যটন কেন্দ্ৰসমূহৰ বিকাশ তথা পৰ্যটন প্ৰকল্পৰ বাবে ৰাজ্যসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল।
যোৱা দুবছৰত মন্ত্ৰালয়ে এই আঁচনিসমূহৰ অধীনত ৫৭৫৬.৬২ কোটি টকা ব্যয়সাপেক্ষ ১১৭ টা প্ৰকল্পত অনুমোদন জনাইছে। যোৱা দুটা বিত্তীয় বৰ্ষত এই আঁচনিসমূহৰ অধীনত অনুমোদিত কেন্দ্ৰীয় বিত্তীয় সাহায্যৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি সবিশেষ সংযুক্তিত দিয়া হৈছে।
মন্ত্ৰালয়ে ৱেবছাইট আৰু মোবাইল এপ্লিকেচন সম্বলিত অতুলনীয় ভাৰত ডিজিটেল মঞ্চৰ জৰিয়তে পৰ্যটনৰ প্ৰচাৰ কৰে। এই মঞ্চই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে ৱান-ষ্টপ ডিজিটেল ইণ্টাৰফেচ হিচাপে কাম কৰে। ২০২৪ চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা পুনৰ বিকশিত প’ৰ্টেলটোৱে একাধিক ভাষাত উপলব্ধ আৰু ই অনলাইন ট্ৰেভেল এজেণ্ট (অ’ টিএ) আৰু অন্যান্য পক্ষৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে বিশেষ ভ্ৰমণ সমল, অত্যাৱশ্যকীয় তথ্য আৰু বিমান, হোটেল, কেব, বাছ, তথা এএছআই স্মাৰক টিকটৰ নিৰবিচ্ছিন্ন বুকিঙৰ সুবিধা প্ৰদান কৰে। চৰকাৰী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, ডিজিটেল প্ৰচাৰ অভিযান আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ সৈতে সহযোগিতাৰ জৰিয়তে প্ৰচাৰ ত্বৰান্বিত কৰা হয়।
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত (ই বি এছ বি) পদক্ষেপ ৰূপায়ণ কৰে আৰু ই হৈছে ই বি এছ বি-ৰ নোডাল মন্ত্ৰালয়। অৱশ্যে, ই বি এছ বি পদক্ষেপৰ অধীনত, পৰ্যটন মন্ত্ৰালয়ে পৰ্যটন অনুষ্ঠান আৰু প্ৰতিষ্ঠানিক কাৰ্যকলাপৰ জৰিয়তে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰি আছে। মন্ত্ৰালয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, পৰ্যটনৰ সম্ভাৱনা আৰু বৈচিত্ৰ্যময় পৰম্পৰা প্ৰদৰ্শনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশগ্ৰহণৰ সৈতে গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে প্ৰতি বছৰে ইয়াৰ মূল অনুষ্ঠান ভাৰত পৰ্বৰ আয়োজন কৰে। এই পদক্ষেপৰ অধীনত মন্ত্ৰালয়ে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস ২০২৫ তো অংশগ্ৰহণ কৰিছে।
ইয়াৰ উপৰি, ২১খন হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই এইচ এম), ভাৰতীয় পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই টি টি এম), ভাৰতীয় ৰন্ধন প্ৰতিষ্ঠান (আই চি আই) আৰু ভাৰত পৰ্যটন কাৰ্যালয়সমূহকে ধৰি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাসমূহে ই বি এছ বি উদ্যোগৰ অধীনত সামৰি লোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংস্কৃতি, পৰম্পৰা, ৰন্ধন প্ৰণালী আৰু ঐতিহ্য প্ৰতিফলিত কৰি নিয়মীয়াভাৱে শিক্ষাৰ্থীৰ বিনিময় কাৰ্যসূচী, পৰিচয়মূলক ভ্ৰমণ, ট্যুৰ অপাৰেটৰ নেটৱৰ্কিং অধিবেশন, সাংস্কৃতিক কাৰ্যসূচী, আঞ্চলিক ৰন্ধন উৎসৱ, ভাষা শিকাৰ কাৰ্যকলাপ আদি কাৰ্যসূচী ৰূপায়ন কৰে। এই পদক্ষেপসমূহে সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লগতে জনসাধাৰণৰ মাজত সংযোগ বৃদ্ধি কৰাৰ উপৰি ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰে আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ মনোভাৱ শক্তিশালী কৰে।
মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন বৃদ্ধি কৰিবলৈ, ভ্ৰমণৰ সূচলতা উন্নত কৰিবলৈ আৰু বিশেষ পৰ্যটন সামগ্ৰীৰ প্ৰচাৰৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় অভিযান, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পৰ্যটন অংশীদাৰসকলৰ সহযোগিতাত পৰ্যটন ৰোড শ্ব’, বাণিজ্য বৈঠক, পৰিচয়মূলক ভ্ৰমণ, সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া অভিযান, খাদ্য উৎসৱ আৰু মুখ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা তথা প্ৰদৰ্শনীত অংশগ্ৰহণৰ জৰিয়তে ভাৰতক মূল আন্তঃৰাষ্ট্ৰীয় উৎস বজাৰত সকলোৰে দৃষ্টিগোচৰ কৰা হয়।
ভ্ৰমণৰ সূচলতা উন্নত কৰিবলৈ, চৰকাৰে ই-ভিছা সুবিধাৰ জৰিয়তে ভিছা ব্যৱস্থাটোক উদাৰ আৰু সৰল কৰিছে আৰু এই সুবিধা বৰ্তমান ১৭৪ খন দেশৰ নাগৰিকৰ বাবে নটা উপ-শ্ৰেণীৰ অধীনত উপলব্ধ। মন্ত্ৰালয়ে ২৪x৭ বহুভাষিক পৰ্যটক হেল্পলাইনো প্ৰদান কৰাৰ লগতে পেছাদাৰীভাৱে প্ৰশিক্ষিত পৰ্যটক সুবিধা প্ৰদানকাৰী আৰু গাইডৰ এক গোট সৃষ্টি কৰিবলৈ অতুলনীয় ভাৰত পৰ্যটক সুবিধা প্ৰদানকাৰী প্ৰমাণপত্ৰ (আই আই টি এফ চি) কাৰ্যসূচীও আৰম্ভ কৰিছে। আনহাতে বৰ্তমানৰ আঞ্চলিক পৰ্যায়ৰ গাইডসকলক সমগ্ৰ ভাৰতত কাম কৰাৰ স্বীকৃতিৰ সৈতে অতুলনীয় ভাৰত পৰ্যটক গাইড (আই আই টি জি) প্ৰণালীত একত্ৰিত কৰা হৈছে। ইয়াৰ উপৰি, মন্ত্ৰালয়ে আঞ্চলিক সংযোগ আঁচনি (আৰচিএছ-উড়ান)ৰ অধীনত পৰ্যটনস্থলীসমূহৰ সৈতে সংযোগ উন্নত কৰিবলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সৈতে কাম কৰি আছে। এই পদক্ষেপৰ অধীনত ৫৩ টা পৰ্যটন পথ চিনাক্ত কৰাৰ লগতে পৰ্যটকসকলৰ বাবে নিৰবিচ্ছিন্ন ভ্ৰমণৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে সীমাবদ্ধ আৰু সুৰক্ষিত অঞ্চলত ভ্ৰমণ সম্পৰ্কীয় ব্যৱস্থাৰ ওপৰত গৃহ মন্ত্ৰালয়ৰ সৈতে নিয়মীয়াভাৱে সমন্বয় ৰক্ষা কৰি থকা হৈছে।
মন্ত্ৰালয়ে নীতিগত পদক্ষেপ, আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰচাৰমূলক কাৰ্যকলাপৰ জৰিয়তে আধ্যাত্মিক, পৰিৱেশ, দুঃসাহসিক অভিযান, গ্ৰাম্য, জনজাতীয়, কল্যাণ, চিকিৎসা, এম আই চি ই, বিবাহ আৰু ঐতিহ্য পৰ্যটনৰ দৰে বিশেষ পৰ্যটনৰ দিশৰ প্ৰচাৰ কৰে। ই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা ৰূপায়ণৰ উদ্দেশ্যে বহনক্ষম পৰ্যটন, গ্ৰাম্য পৰ্যটন, গ্ৰাম্য হোমষ্টেসমূহ, এম আই চি ই, দুঃসাহসিক পৰ্যটন, পৰিৱেশ-পৰ্যটন আৰু চিকিৎসা তথা স্বাস্থ্য খণ্ড সম্পৰ্কীয় পৰ্যটনৰ বাবে ৰাষ্ট্ৰীয় কৌশল প্ৰস্তুত কৰিছে। মন্ত্ৰালয়ে এম আই চি ই পৰ্যটনৰ বাবে "মিট ইন ইণ্ডিয়া" উপ-ব্ৰেণ্ড, গন্তব্যস্থলীৰ বিবাহৰ বাবে "ইণ্ডিয়া ছে আই ডু" প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে সুৰক্ষিত আৰু বহনক্ষম দুঃসাহসিক পৰ্যটনৰ বাবে আদৰ্শ দুঃসাহসিক পৰ্যটন সুৰক্ষা পৰিকাঠামো জাৰী কৰিছে।
লোকসভাত পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে ২০.০৭.২০২৬ত লিখিত উত্তৰ প্ৰদান কৰে।
সংযোজন
১. দেশত ২০২৪-২৫ আৰু ২০২৫-২০২৬ বিত্তীয় বৰ্ষত স্বদেশ দৰ্শন ২.০ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ
|
ক্ৰমিক নম্বৰ
|
ৰাজ্য
|
গন্তব্যস্থান
|
অভিজ্ঞতাৰ নাম
|
অনুমোদনৰ তাৰিখ
|
অনুমোদনৰ
ব্যয়
(কোটি টকাত)
|
|
১.
|
অন্ধ্ৰপ্ৰদেশ
|
বাপাতলা
|
সূৰ্যলংকা উপকূলৰ অভিজ্ঞতাৰ
বিকাশ
|
২৯.০৩.২০২৫
|
৯৭.৫২
|
|
২
|
বিহাৰ
|
বোধগয়া
|
বোধগয়াৰ বৌদ্ধ ধ্যান আৰু
অভিজ্ঞতা কেন্দ্ৰৰ বিকাশ
|
২৯.০৩.২০২৫
|
১৬৫.৪৪
|
|
৩.
|
ছত্তীশগড়
|
কাৱাৰধা
|
কাৱাৰধাৰ ভোৰামদেও কৰিডৰ
উন্নয়ন
|
২৯.০৩.২০২৫
|
১৪৬.০০
|
|
৪.
|
ডি এন এইচ ডি ডি
|
দমন
|
দমন সন্মিলন কেন্দ্ৰ
|
২৯.০৩.২০২৫
|
১৪৭.১৩
|
|
৫.
|
গোৱা
|
পৰৱৰিম
|
পৰৱৰিম ক্ৰীক অভিজ্ঞতা
|
২০.০৮.২০২৪
|
২৪.০৭
|
|
৬.
|
গোৱা
|
কলভা
|
কলভা উপকূলৰ অভিজ্ঞতা
|
২০.০৮.২০২৪
|
১৯.৮৮
|
|
৭.
|
হাৰিয়ানা
|
পঞ্চকুলা
|
টিক্কাৰ তাল আৰু এডভেঞ্চাৰ
পাৰ্কত দুঃসাহসিক পৰ্যটন
কেন্দ্ৰৰ উন্নয়ন
|
২৯.০৩.২০২৫
|
২৬.৬৮
|
|
৮.
|
হাৰিয়ানা
|
পঞ্চকুলা
|
যাদৱীন্দ্ৰ উদ্যানৰ পুনৰুজ্জীৱন
|
২৯.০৩.২০২৫
|
৬৫.৮২
|
|
৯.
|
হিমাচল প্ৰদেশ
|
চিন্তপুৰ্ণী
|
উনাৰ মা চিন্তপুৰ্ণী দেৱী মন্দিৰৰ
উন্নয়ন
|
০৪.০৭.২০২৫
|
৫৬.২৬
|
|
১০.
|
কেৰালাম
|
আলাপ্পুঝা
|
আলাপ্পুঝাঃ এক বিশ্বজোৰা
জল আশ্চৰ্য্যভূমি
|
২৯.০৩.২০২৫
|
৯৩.১৮
|
|
১১.
|
কেৰালাম
|
মালাম্পুঝা
|
মালাম্পুঝা গাৰ্ডেন এণ্ড লেইজাৰ
পাৰ্কত পৰ্যটকৰ অভিজ্ঞতা উন্নীত
|
২৯.০৩.২০২৫
|
৭৫.৮৭
|
|
১২.
|
লাক্ষাদ্বীপ
|
বঙ্গৰাম
|
বংগৰামত ইক’-ৰিট্ৰিত,
দুঃসাহসিক অভিযান, সমুদ্ৰতীৰ
আৰু বাণিজ্য পৰ্যটন অভিজ্ঞতাৰ
বিকাশ
|
২৯.০৩.২০২৫
|
৮১.১৮
|
|
১৩.
|
মধ্য প্ৰদেশ
|
দাতিয়া
|
দাতিয়াৰ পিতাম্বৰ পীঠ বিকাশ
|
১৪.০৭.২০২৫
|
৪৪.২৪
|
|
১৪.
|
মহাৰাষ্ট্ৰ
|
পুনে
|
শিৱশ্ৰুষ্টি থিম পাৰ্ক
|
২১.০৯.২০২৪
|
৭৫.৪৭
|
|
১৫.
|
মিজোৰাম
|
চম্ফাই
|
চম্ফাইৰ ন্গুৰ,মুৱালবুহভুম,
জোটে আৰু
কেইলুংলিয়ান্গুৰত
ইকো ৰিজৰ্টৰ
অভিজ্ঞতা
|
২৯.০৩.২০২৫
|
৩৮.৮৫
|
|
১৬.
|
মিজোৰাম
|
চম্ফাই
|
চম্ফাইৰ ঐতিহ্য আৰু সাংস্কৃতিক
কেন্দ্ৰ
|
২৯.০৩.২০২৫
|
৩৩.৮৭
|
|
১৭.
|
মিজোৰাম
|
আইজল
|
সন্মিলন কেন্দ্ৰৰ নিৰ্মাণ
|
১০.১১.২০২৫
|
৯৯.৭১
|
|
১৮.
|
নাগালেণ্ড
|
চুমৌকেডিমা
|
চুমৌকেডিমাৰ জেকব গাঁৱত
দুঃসাহসিক পৰ্যটনৰ অভিজ্ঞতা
|
২৯.০৩.২০২৫
|
৩২.৫৪
|
|
১৯.
|
নাগালেণ্ড
|
চুমৌকেডিমা
|
চুমৌকেডিমা ভিউপইণ্টত
পৰিৱেশ-পৰ্যটনৰ অভিজ্ঞতা
|
২০.০৮.২০২৪
|
৭.৮৭
|
|
২০.
|
পঞ্জাব
|
অমৃতসৰ
|
অট্টাৰীত সীমান্ত পৰ্যটনৰ
অভিজ্ঞতা
|
২০.০৮.২০২৪
|
২৫.৯১
|
|
২১.
|
ৰাজস্থান
|
চিকাৰ
|
শ্ৰী খাটূ শ্যাম জী মন্দিৰত
(চিকাৰ) উন্নয়নমূলক কাম-কাজ
|
২৯.০৩.২০২৫
|
৮৭.৮৭
|
|
২২.
|
ৰাজস্থান
|
বিকানেৰ জিলা
|
বিকানেৰৰ শ্ৰী কৰ্ণিমাতা মন্দিৰত
উন্নয়নমূলক কাম-কাজ
|
১৪.০৭.২০২৫
|
২২.৫৮
|
|
২৩.
|
ৰাজস্থান
|
মালাচেৰী
ডুঙ্গাৰী
(জিলা ভিলৱাৰা)
|
ভিলৱাৰা জিলাৰ মালাচেৰী
ডুংগ্ৰীৰ উন্নয়ন
|
১৪.০৭.২০২৫
|
৪৮.৭৩
|
|
২৪.
|
ত্ৰিপুৰা
|
আগৰতলা
|
ত্ৰিপুৰা ঐতিহ্যময় গাঁও আৰু
আগৰতলাত সংগীতৰ
অভিজ্ঞতা (প্ৰথম আৰু দ্বিতীয়
পৰ্যায়)
|
২৯.০৩.২০২৫
|
৪৮.৯৫
|
|
মুঠ
|
১৫৬৫.৬২
|
২. প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থলী উন্নয়ন আঁচনিৰ অধীনত দেশৰ বিত্তীয় বৰ্ষ ২০২৪-২৫ আৰু ২০২৫-২৬ ত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ
|
ক্ৰমিক নম্বৰ
|
ৰাজ্য
|
গন্তব্যস্থল/শিতান
|
অভিজ্ঞতাৰ নাম
|
Sanction Date
|
Sanctioned Cost
(in ₹ Crore)
|
|
১
|
অন্ধ্ৰ প্ৰদেশ
|
নাগাৰ্জুন সাগৰ (সংস্কৃতি আৰু ঐতিহ্য)
|
নাগাৰ্জুন সাগৰত বৌদ্ধ
ঐতিহ্য আৰু সাংস্কৃতিক
অভিজ্ঞতাৰ সমৃদ্ধি
|
17.03.2025
|
25.00
|
|
২.
|
অন্ধ্ৰ প্ৰদেশ
|
অহোবিলম মন্দিৰ (আধ্যাত্মিক পৰ্যটন)
|
অহোবিলমক আধ্যাত্মিক
ওডিচি হিচাপে বিকশিত কৰা
|
17.03.2025
|
25.00
|
|
৩.
|
অৰুণাচল প্ৰদেশ
|
কিবিথো (প্ৰাণৱন্ত
গাওঁ কাৰ্যসূচী)
|
কিবিথো ফ্ৰণ্টিয়াৰ পৰ্যটন
-শান্তিৰ প্ৰৱেশদ্বাৰ
|
27.03.2025
|
4.96
|
|
৪.
|
অৰুণাচল প্ৰদেশ
|
বিচম বান্ধ স্থান (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
বিচম বান্ধ দুঃসাহসিক
অভিযান আৰু পৰিৱেশ
পৰ্যটন প্ৰকল্প
|
27.03.2025
|
9.90
|
|
৫.
|
অসম
|
শিৱসাগৰ (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
পানীদিহিং পক্ষী অভয়াৰণ্য
|
27.03.2025
|
9.99
|
|
৬.
|
বিহাৰ
|
চাৰণ জিলা (সোনেপুৰ মেলা) (সংস্কৃতি আৰু ঐতিহ্য)
|
সোনেপুৰ মেলাৰ স্থানৰ
বিকাশ
|
27.03.2025
|
24.29
|
|
৭.
|
ছত্তীশগড়
|
মায়ালী বাগিছা (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
মায়ালী বাগিছাৰ পৰিৱেশ
পৰ্যটন গন্তব্যস্থান হিচাপে
বিকাশ
|
27.03.2025
|
9.97
|
|
৮.
|
গোৱা
|
মায়েম গাঁও (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
হৰৱালেম জলপ্ৰপাতৰ
সৌন্দৰ্য্যবৰ্ধন আৰু বিকাশ
|
17.03.2025
|
9.81
|
|
৯.
|
গুজৰাট
|
ভাদনগৰ (সংস্কৃতি আৰু ঐতিহ্য)
|
শৰ্মিষ্ঠা হ্ৰদৰ ৰূপান্তৰঃ পোহৰ
আৰু সংস্কৃতি
|
27.03.2025
|
17.29
|
|
১০.
|
গুজৰাট
|
পোৰবন্দৰ (আধ্যাত্মিক পৰ্যটন)
|
হৰসিদ্ধি উপকূলত
পবিত্ৰ মহাসাগৰৰ ৰিট্ৰিত
|
27.03.2025
|
24.66
|
|
১১.
|
হিমাচল প্ৰদেশ
|
কাজা (সংস্কৃতি আৰু ঐতিহ্য)
|
কাজাত পৰ্যটন আন্তঃগাঁথনি
উন্নয়ন
|
27.03.2025
|
24.82
|
|
১২.
|
হিমাচল প্ৰদেশ
|
ৰাকচাম (প্ৰাণৱন্ত গাওঁ কাৰ্যসূচী)
|
ৰাকচাম-প্ৰাণৱন্ত গাঁৱত
পৰ্যটন আন্তঃগাঁথনি উন্নয়ন
|
27.03.2025
|
4.96
|
|
১৩.
|
ঝাৰখণ্ড
|
ৰামৰেখা ধাম (আধ্যাত্মিক পৰ্যটন)
|
ৰামৰেখা ধামত পৰ্যটন
আন্তঃগাঁথনি উন্নয়ন
|
27.03.2025
|
18.87
|
|
১৪.
|
কৰ্ণাটক
|
বিদাৰ (সংস্কৃতি আৰু ঐতিহ্য)
|
ঐতিহ্য পৰ্যটন গন্তব্যস্থল
হিচাপে বিদাৰৰ বিকাশ
|
21.01.2026
|
25.00
|
|
১৫.
|
কেৰালাম
|
বৰকলা (সংস্কৃতি আৰু ঐতিহ্য)
|
বৰকলা-দক্ষিণ কাশী
|
27.03.2025
|
25.00
|
|
১৬.
|
কেৰালাম
|
থালাছেৰী (আধ্যাত্মিক পৰ্যটন)
|
থালাছেৰীঃ দ্য স্পিৰিচুৱেল
নেক্সাছ
|
27.03.2025
|
25.00
|
|
১৭.
|
লাডাখ
|
মুশকু গাঁও (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
মুশকুক এক বহনক্ষম পৰ্যটন
কেন্দ্ৰ হিচাপে বিকশিত কৰাঃ
বন্যপ্ৰাণী দৰ্শন আৰু সামূহিক
প্ৰগতি একত্ৰিত কৰা
|
27.03.2025
|
9.78
|
|
১৮.
|
মধ্যপ্ৰদেশ
|
অৰ্চা (আধ্যাত্মিক পৰ্যটন)
|
অৰ্চা এক মধ্যযুগীয় চমক
২.০
|
17.03.2025
|
25.00
|
|
১৯.
|
মধ্যপ্ৰদেশ
|
মাণ্ডু (সংস্কৃতি আৰু ঐতিহ্য)
|
মাণ্ডু-এক মধ্যযুগীয় বিস্ময়
|
21.01.2026
|
24.88
|
|
২০.
|
মহাৰাষ্ট্ৰ
|
আহমেদনগৰ (সংস্কৃতি আৰু ঐতিহ্য)
|
আহমেদনগৰ দুৰ্গৰ উন্নয়ন
|
17.03.2025
|
25.00
|
|
২১.
|
মণিপুৰ
|
ইম্ফলৰ লাংথাবল কনুগ (সংস্কৃতি আৰু ঐতিহ্য)
|
মণিপুৰৰ প্ৰাচীন ৰাজধানীৰ
উন্নয়ন, লাংথাবল কনুগ
|
17.03.2025
|
24.69
|
|
২২.
|
মেঘালয়
|
নাৰ্টিয়াং গাঁও (আধ্যাত্মিক পৰ্যটন)
|
নাৰ্টিয়াং আধ্যাত্মিক আৰু
সাংস্কৃতিক কেন্দ্ৰ
|
17.03.2025
|
24.87
|
|
২৩.
|
মেঘালয়
|
মাউফলাং গাঁও (সংস্কৃতি আৰু ঐতিহ্য)
|
মাউফলাং সাংস্কৃতিক আৰু
ঐতিহ্য কেন্দ্ৰ
|
17.03.2025
|
24.87
|
|
২৪.
|
নাগালেণ্ড
|
ইম্পুৰ গাওঁ(আধ্যাত্মিক পৰ্যটন)
|
আত্মিক পথঃ ইম্পুৰ
হেৰিটেজৰ অভিজ্ঞতা
|
17.03.2025
|
24.94
|
|
২৫.
|
নাগালেণ্ড
|
দোয়াং জলাশয় (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
ৱিঙছ অ’ভাৰ দোয়াঙঃ
পৰিৱেশ পৰ্যটনৰ স্বৰ্গ
|
17.03.2025
|
9.99
|
|
২৬.
|
পুডুচেৰী
|
হোৱাইট টাউন (সংস্কৃতি আৰু ঐতিহ্য)
|
হোৱাইট টাউনৰ উন্নয়ন
|
27.03.2025
|
22.19
|
|
২৭.
|
পঞ্জাব
|
ৰূপনগৰ (আনন্দপুৰ চাহিব) (আধ্যাত্মিক পৰ্যটন)
|
হেৰিটেজ ষ্ট্ৰীট-
শ্ৰী আনন্দপুৰ চাহিবত
শান্তি আৰু সম্প্রীতিৰ প্ৰতীক
|
27.03.2025
|
24.90
|
|
২৮.
|
পঞ্জাব
|
ফিৰোজপুৰ (হুচেনিৱালা সীমান্ত)-(সংস্কৃতি আৰু ঐতিহ্য)
|
হুচেনিৱালা সীমান্তত
সাংস্কৃতিক আৰু ঐতিহ্যৰ
ব্যাপ্তি
|
27.03.2025
|
25.00
|
|
২৯.
|
ছিকিম
|
কাবি (আধ্যাত্মিক পৰ্যটন)
|
কাবি ক্ৰনিকলছঃ
একতা আৰু ঐতিহ্যৰ
মাজেৰে এক যাত্ৰা
|
17.03.2025
|
24.96
|
|
৩০.
|
ছিকিম
|
গনাথাং গাঁও (প্ৰাণৱন্ত গাঁও কাৰ্যসূচী)
|
বীৰত্বৰ প্রতিধ্বনিঃ
গনাথাং উপত্যকাৰ অভিজ্ঞতা
|
17.03.2025
|
5.00
|
|
৩১.
|
তামিলনাডু
|
ৰামেশ্বৰম দ্বীপ (আধ্যাত্মিক পৰ্যটন)
|
ৰামেশ্বৰমৰ আইকনিক ৰূপান্তৰ
|
27.03.2025
|
20.01
|
|
৩২.
|
তেলেংগানা
|
নালগোণ্ডা (সংস্কৃতি আৰু ঐতিহ্য)-
|
বুদ্ধৱনমৰ
ডিজিটেল অভিজ্ঞতা কেন্দ্ৰৰ
বিকাশ
|
17.03.2025
|
24.85
|
|
৩৩.
|
তেলেংগানা
|
কামাৰেড্ডী (কাল্কি চেৰুভু) (পৰিৱেশ পৰ্যটন আৰু অমৃত ধাৰোহাৰ স্থান)
|
নিজাম সাগৰত পৰিৱেশ
পৰ্যটন প্ৰকল্পৰ উন্নয়ন
|
17.03.2025
|
9.98
|
|
৩৪.
|
উত্তৰ প্ৰদেশ
|
মহোবা (সংস্কৃতি আৰু ঐতিহ্য)
|
মহোবাত সাংস্কৃতিক দৃশ্যপটৰ
বিকাশ
|
27.03.2025
|
24.98
|
|
৩৫.
|
উত্তৰাখণ্ড
|
জাডুং (প্ৰাণৱন্ত গাওঁ কাৰ্যসূচী)
|
জাডুঙৰ জাডুং উৎসৱ
খেলপথাৰৰ উন্নয়ন
|
27.03.2025
|
4.99
|
|
৩৬.
|
উত্তৰাখণ্ড
|
কাইঞ্চিধাম (আধ্যাত্মিক পৰ্যটন)
|
কাইঞ্চিধাম কেম্পাছৰ উন্নয়ন
|
27.03.2025
|
17.60
|
|
৩৭.
|
উত্তৰাখণ্ড
|
মানা গাঁও (প্ৰাণৱন্ত গাঁও কাৰ্যসূচী)
|
মানা হাট
|
29.03.2025
|
4.99
|
|
মুঠ
|
687.99
|
৩. দেশত বিত্তীয় বৰ্ষত ২০২৪-২৫ আৰু ২০২৫-২৬ ত প্ৰসাদ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ
|
ক্ৰমিক নম্বৰ
|
ৰাজ্য
|
অনুমোদন বৰ্ষ
|
প্ৰকল্পৰ নাম
|
Sanction Amount
(in ₹ Crore)
|
|
১.
|
অন্ধ্ৰ প্ৰদেশ
|
২০২৪-২৫
|
আন্নাভাৰম মন্দিৰ নগৰত তীৰ্থযাত্ৰা
পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়ন
|
25.33
|
|
২.
|
বিহাৰ
|
২০২৪-২৫
|
চাৰণৰ অম্বিকা ভৱানী মন্দিৰৰ
উন্নয়ন
|
13.29
|
|
৩.
|
গোৱা
|
২০২৪-২৫
|
বম জেছু বাচিলিকাৰ বিকাশ
|
16.46
|
|
৪.
|
কৰ্ণাটক
|
২০২৪-২৫
|
ৰেণুকা য়াল্লামা দেৱী মন্দিৰৰ
উন্নয়ন
|
18.37
|
|
৫.
|
কৰ্ণাটক
|
২০২৪-২৫
|
বিদাৰ জিলাৰ পাপনাশ মন্দিৰত
মৌলিক সুবিধাৰ উন্নয়ন।
|
22.25
|
|
৬.
|
মিজোৰাম
|
২০২৪-২৫
|
চম্পাই জিলাৰ ভাংছিয়াত প্ৰসাদ
আঁচনিৰ অধীনত মৌলিক
সুবিধাসমূহৰ উন্নয়ন
|
5.47
|
|
৭.
|
পুডুচেৰী
|
২০২৪-২৫
|
শ্ৰী ধৰবৰণ্যেশ্বৰ মন্দিৰৰ বাবে
তীৰ্থযাত্ৰীৰ সুবিধা আৰু পৰ্যটকৰ
আকৰ্ষণৰ বিকাশ
|
25.94
|
|
৮.
|
তামিলনাডু
|
২০২৪-২৫
|
৮টা নৱগ্ৰহ মন্দিৰৰ উন্নয়ন
|
40.94
|
|
৯.
|
তেলেংগানা
|
২০২৪-২৫
|
দেৱী ৰেণুকা য়েল্লামা দেৱস্থানমত
মৌলিক সুবিধাসমূহৰ বিকাশ
|
4.22
|
|
মুঠ
|
172.27
|
৪. দেশত বিত্তীয় বৰ্ষ ২০২৪-২৫ আৰু ২০২৫-২৬ ত এ চি এ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ
|
ক্ৰমিক নম্বৰ
|
সংস্থা
|
প্ৰকল্পৰ নাম -
|
ৰাজ্য
|
Sanction Year
|
Amount sanctioned
(in ₹ Crore)
|
|
১.
|
আইটিডিচি
|
আৰিয়ালুৰ জিলাৰ গঙ্গাইকোণ্ডা চোলাপুৰম মন্দিৰত আলোকসজ্জা আৰু আনুষংগিক কাম
|
তামিলনাডু
|
2024-25
|
11.47
|
|
২.
|
বিইচিআইএল
|
বিহাৰৰ বক্সাৰত একুৱা স্ক্ৰীণ প্ৰজেকশ্যন আৰু ছাউণ্ড শ্ব’ৰ সৈতে ৩ডি মেপিং আৰু বিহাৰৰ ৰাম ৰেখা ঘাটত ডাইনামিক লাইটিং আৰু মোটিফ
|
বিহাৰ
|
2024-25
|
5.99
|
|
মুঠ
|
17.46
|
৫. দেশত ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত স্বদেশ দৰ্শন ২.০ৰ উপ-আঁচনি ডিএ-জুগাৰ অধীনত 'জনজাতীয় অঞ্চলত হোমষ্টেৰ উন্নয়ন'ৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ তলত উল্লেখ কৰা হ 'ল,
|
ক্ৰমিক নম্বৰ
|
ৰাজ্য
|
অনুমোদন বৰ্ষ
|
প্ৰকল্পৰ নাম
|
Sanction Amount
(in ₹ Crore)
|
|
১.
|
অন্ধ্ৰ প্ৰদেশ
|
২০২৫-২০২৬
|
অন্ধ্ৰ প্ৰদেশৰ মাৰেডুমিলি গোটত
জনজাতীয় হোমষ্টেৰ উন্নয়ন
|
1.23
|
|
২.
|
লাডাখ
|
২০২৫-২০২৬
|
লাডাখৰ শ্বাম, সুৰু আৰু আৰিয়ান
উপত্যকা গোটত জনজাতীয়
হোমষ্টে'ৰ উন্নয়ন
|
4.59
|
|
৩.
|
মধ্যপ্ৰদেশ
|
২০২৫-২০২৬
|
মধ্যপ্ৰদেশৰ কৰঞ্জিয়া আৰু পুষ্পৰাজগড়
গোটত জনজাতীয় গৃহস্থানৰ উন্নয়ন
|
5.00
|
|
৪.
|
মিজোৰাম
|
২০২৫-২০২৬
|
মিজোৰামৰ কেন্দ্ৰীয় আৰু দক্ষিণ
গোটত জনজাতীয় হোমষ্টেৰ উন্নয়ন
|
5.00
|
|
৫.
|
উত্তৰাখণ্ড
|
২০২৫-২০২৬
|
উত্তৰাখণ্ডৰ চাক্ৰাতা গোটত
জনজাতীয় হোমষ্টেৰ উন্নয়ন
|
1.70
|
|
মুঠ
|
17.52
|
৬. দেশত বিত্তীয় বৰ্ষ ২০২৪-২০২৫ আৰু ২০২৫-২০২৬ ত মূলধন বিনিয়োগ আঁচনিৰ বাবে ৰাজ্যসমূহক বিশেষ সহায়ৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ
|
ক্ৰমিক নম্বৰ
|
ৰাজ্য
|
অনুমোদনৰ বছৰ
|
প্ৰকল্পৰ নাম
|
অনুমোদিত ব্যয় (কোটি টকাত)
|
|
১.
|
অন্ধ্ৰ প্ৰদেশ
|
২০২৪-২৫
|
গান্দিকোটাত দুৰ্গ আৰু গৰ্জৰ অভিজ্ঞতা সমৃদ্ধ কৰা
|
৭৭.৯১
|
|
২.
|
অন্ধ্ৰ প্ৰদেশ
|
২০২৪-২৫
|
ৰাজা মহেন্দ্ৰবৰমত অখণ্ড গোদাবৰী-(হাভেলক দলং আৰু পুষ্কৰ ঘাট)
|
৯৪.৪৪
|
|
৩.
|
অন্ধ্ৰ প্ৰদেশ
|
২০২৪-২৫
|
পাচিঘাটত ছিয়াং এডভেঞ্চাৰ এণ্ড ইকো-ৰিট্ৰিট
|
৪৬.৪৮
|
|
৪.
|
অসম
|
২০২৪-২৫
|
গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যান
|
৯৭.১২
|
|
৫.
|
অসম
|
২০২৪-২৫
|
শিৱসাগৰত ৰং ঘৰৰ সৌন্দৰ্য্যবৰ্ধন
|
৯৪.৭৬
|
|
৬.
|
বিহাৰ
|
২০২৪-২৫
|
চহৰছাত মৎস্যগন্ধা হ্ৰদৰ উন্নয়ন
|
৯৭.৬১
|
|
৭.
|
বিহাৰ
|
২০২৪-২৫
|
কৰমচাটত কৰমচাট ইকো-টুৰিজম এণ্ড এডভেঞ্চাৰ হাব
|
৪৯.৫১
|
|
৮.
|
ছত্তিশগড়
|
২০২৪-২৫
|
ৰায়পুৰত চিত্ৰোপালা ফিল্ম চিটিৰ উন্নয়ন
|
৯৫.৭৯
|
|
৯.
|
ছত্তিশগড়
|
২০২৪-২৫
|
ৰায়পুৰত জনজাতীয় আৰু সাংস্কৃতিক সন্মিলন কেন্দ্ৰৰ উন্নয়ন
|
৫১.৮৭
|
|
১০.
|
গোৱা
|
২০২৪-২৫
|
পোণ্ডাত থকা ছত্ৰপতি শিৱাজী মহাৰাজ সংগ্ৰহালয়
|
৯৭.৪৬
|
|
১১.
|
গোৱা
|
২০২৪-২৫
|
প'ৰৱি'ৰিমৰ টাউন স্কুৱেৰ
|
৯০.৭৪
|
|
১২.
|
গুজৰাট
|
২০২৪-২৫
|
পোৰবন্দৰৰ কেৰলী (মোকৰসাগৰ) ত পৰিৱেশ পৰ্যটন গন্তব্যস্থান
|
৯৯.৫০
|
|
১৩.
|
গুজৰাট
|
২০২৪-২৫
|
ধোৰডোৰ টেণ্ট চিটি এণ্ড কনভেনশ্যন চেণ্টাৰ
|
৫১.৫৬
|
|
১৪.
|
ঝাৰখণ্ড
|
২০২৪-২৫
|
কোডৰ্মাত তিলাইয়াৰ পৰিৱেশ-পৰ্যটন উন্নয়ন
|
৩৪.৮৭
|
|
১৫.
|
কৰ্ণাটক
|
২০২৪-২৫
|
বেংগালুৰুৰ ৰোৰিচ আৰু দেৱিকা ৰাণী ইষ্টেট টাটাগুনিত পৰিৱেশ পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰ
|
৯৯.১৭
|
|
১৬.
|
কৰ্ণাটক
|
২০২৪-২৫
|
বেলগাৱীত সাৱদত্তি-য়াল্লাম্মাগুড্ডাৰ উন্নয়ন
|
১০০.০০
|
|
১৭.
|
কেৰালা
|
২০২৪-২৫
|
কোল্লামত অষ্টমুদি জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ-বিনোদনমূলক কেন্দ্ৰ
|
৫৯.৭১
|
|
১৮.
|
কেৰালাম
|
২০২৪-২৫
|
সৰ্গালয়ত মালাবাৰৰ সাংস্কৃতিক ক্ৰুচিবললৈ গোলকীয় প্ৰৱেশদ্বাৰ
|
৯৫.৩৪
|
|
১৯.
|
মধ্যপ্ৰদেশ
|
২০২৪-২৫
|
অৰছাত এক মধ্যযুগীয় চমকপ্ৰদ আশ্চৰ্য
|
৯৯.৯২
|
|
২০.
|
মধ্যপ্ৰদেশ
|
২০২৪-২৫
|
ভূপালত এম আই চি ই-ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ
|
৯৯.৩৮
|
|
২১.
|
মহাৰাষ্ট্ৰ
|
২০২৪-২৫
|
সিন্ধুদুৰ্গত আই এন এছ-গুলদাৰ পানীৰ তলৰ সংগ্ৰহালয়, কৃত্ৰিম প্ৰাচীৰ আৰু ছাবমেৰিন পৰ্যটন
|
৪৬.৯১
|
|
২২.
|
মহাৰাষ্ট্ৰ
|
২০২৪-২৫
|
নাছিকত ৰাম-কাল পথৰ উন্নয়ন
|
৯৯.১৪
|
|
২৩.
|
মণিপুৰ
|
২০২৪-২৫
|
লোকটকত লোকটক হ্ৰদৰ অভিজ্ঞতা
|
৮৯.৪৮
|
|
২৪.
|
মেঘালয়
|
২০২৪-২৫
|
মাউখানুত এম আই চি ই আন্তঃগাঁথনি
|
৯৯.২৭
|
|
২৫.
|
মেঘালয়
|
২০২৪-২৫
|
শ্বিলঙত উমিয়াম হ্ৰদৰ পুনৰ বিকাশ
|
৯৯.২৭
|
|
২৬.
|
ওড়িশা
|
২০২৪-২৫
|
হিৰাকুণ্ডৰ উন্নয়ন
|
৯৯.৯০
|
|
২৭.
|
ওড়িশা
|
২০২৪-২৫
|
সাতকোছিয়াৰ বিকাশ
|
৯৯.৯৯
|
|
২৮.
|
পঞ্জাব
|
২০২৪-২৫
|
এছবিএছ নগৰৰ খাটকাৰ কলানত শ্বহীদ-ই-আজম, চৰ্দাৰ ভগত সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে হেৰিটেজ ষ্ট্ৰীটৰ উন্নয়ন
|
৫৩.৪৫
|
|
২৯.
|
ৰাজস্থান
|
২০২৪-২৫
|
জয়পুৰৰ আম্বেৰ-নাহৰগড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ উন্নয়ন
|
৪৯.৩১
|
|
৩০.
|
ৰাজস্থান
|
২০২৪-২৫
|
জয়পুৰৰ জল মহলত উন্নয়ন
|
৯৬.৬১
|
|
৩১.
|
ছিকিম
|
২০২৪-২৫
|
নামচিৰ ভালেধুঙ্গা, য়াংগাঙত স্কাইৱাক
|
৯৭.৩৭
|
|
৩২.
|
ছিকিম
|
২০২৪-২৫
|
নাথুলাত সীমান্তৰ অভিজ্ঞতা
|
৬৮.১৯
|
|
৩৩.
|
তামিলনাডু
|
২০২৪-২৫
|
মামল্লপুৰমত নন্দৱনম ঐতিহ্য উদ্যানৰ উন্নয়ন
|
৯৯.৬৭
|
|
৩৪.
|
তামিলনাডু
|
২০২৪-২৫
|
উটিৰ ৰেচ ক’ৰ্চৰ ইকো পাৰ্ক
|
৭০.২৩
|
|
৩৫.
|
তেলেংগানা
|
২০২৪-২৫
|
ৰামাপ্পাত ৰামাপ্পা অঞ্চল বহনক্ষম পৰ্যটন চাৰ্কিট
|
৭৩.৭৪
|
|
৩৬.
|
তেলেংগানা
|
২০২৪-২৫
|
নল্লামালাত সোমচিল্লা কল্যাণ আৰু আধ্যাত্মিক ৰিট্ৰিত
|
৬৮.১০
|
|
৩৭.
|
ত্ৰিপুৰা
|
২০২৪-২৫
|
গোমতীৰ বান্দুৱাৰ শক্তি পীঠ উদ্যান
|
৯৭.৭০
|
|
৩৮.
|
উত্তৰ প্ৰদেশ
|
২০২৪-২৫
|
আগ্ৰা জিলাৰ বটেশ্বৰৰ উন্নয়ন
|
৭৪.০
|
|
৩৯.
|
উত্তৰ প্ৰদেশ
|
২০২৪-২৫
|
শ্ৰাৱস্তীত সমন্বিত বৌদ্ধ পৰ্যটন উন্নয়ন
|
৮০.২৪
|
|
৪০.
|
ঝাৰখণ্ড
|
২০২৪-২৫
|
আইকনিক চিটি ঋষিকেশঃ ঋষিকেশৰ ৰাফটিং বেছ ষ্টেচন
|
১০০.০০
|
|
মুঠ
|
৩২৯৫.৭৬
|
*****
RK/DD
(रिलीज़ आईडी: 2287140)
आगंतुक पटल : 7