প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জাপান অ’পেন ২০২৬ত খিতাপ জয় কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
19 JUL 2026 7:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুক জাপান অ’পেন ২০২৬ত খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে সিন্ধু। শ্ৰী মোদীয়ে কয় যে পি ভি সিন্ধুৰ দৃঢ়তা আৰু ব্যতিক্ৰমী দক্ষতা সমগ্ৰ প্ৰতিযোগিতাখনতে প্ৰতিফলিত হৈছিল আৰু তেওঁ সমগ্ৰ দেশৰ অগণন যুৱ খেলুৱৈক দৃঢ়তাৰে খেলিবলৈ আৰু প্ৰদৰ্শন আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিলে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে:
ভাৰতীয় বেডমিণ্টনৰ বাবে এক ঐতিহাসিক কৃতিত্ব!
২০২৬ চনৰ জাপান অ’পেন প্ৰতিযোগিতাত জয়ৰ বাবে পি ভি সিন্ধুক অভিনন্দন। সমগ্ৰ প্ৰতিযোগিতাখনতে তেওঁৰ দৃঢ়তা আৰু ব্যতিক্ৰমী দক্ষতা স্পষ্ট হৈ পৰিছিল। এই কৃতিত্ব আৰু অধিক বিশেষ হৈছে কাৰণ তেওঁ এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। ই সমগ্ৰ দেশৰ অগণন যুৱ খেলুৱৈক দৃঢ়তাৰে খেলিবলৈ আৰু প্ৰদৰ্শন আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব।
@Pvsindhu1
***
MJPS/SS/VJ/KD
(रिलीज़ आईडी: 2286381)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada