তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু মহাৰাষ্ট্ৰ চৰকাৰক ঘনিষ্ঠ সমন্বয়ৰে ‘ৱেভছ’-ৰ দ্বিতীয় সংস্কৰণ অধিক সফল কৰিবলৈ আহ্বান জনাইছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে
মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ‘ৱেভছ ২০২৭’-ৰ প্ৰস্তুতিৰ বিষয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক অৱগত কৰিলে আই এণ্ড বি-ৰ সচিবে
प्रविष्टि तिथि:
17 JUL 2026 6:04PM
|
Location:
PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰৰ নেতৃত্বত অহা মন্ত্ৰালয়টোৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নবিশক সাক্ষাত কৰি বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন (WAVES) ২০২৭-ৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত তথ্য অৱগত কৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ফড়নভিশে ৱেভছ ২০২৫-ৰ উদ্বোধনী সংস্কৰণটো এক বিপুল সফলতা বুলি উল্লেখ কৰে। ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ-ত অনুষ্ঠিত হোৱা ৱেভছ-ৰ উদ্বোধনী সংস্কৰণ অনুষ্ঠিত হৈছিল। শ্ৰী ফড়নভিশে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ-ক ছবি, সংগীত, গেমিং, এনিমেশ্যন, আৰু গল্প-কথনৰ জগতখন প্ৰদৰ্শন কৰা গোলকীয় মঞ্চ হিচাপে অধিক উচ্চতালৈ লৈ যোৱাৰ লগতে সমগ্ৰ বিশ্বৰ শিল্পী আৰু নিৰ্মাতাসকলৰ মাজত সহযোগিতা গঢ়ি তোলাৰবাবে এক স্পষ্ট আহ্বান জনাইছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰক ঘনিষ্ঠ সমন্বয়ৰে ৱেভছ-ৰ দ্বিতীয় সংস্কৰণটোক আৰু অধিক সফল কৰি তুলিবলৈ আহ্বান জনায়।
বৈঠকত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে ২০২৭ চনত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছ-ৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি আৰু গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে।


এই উপলক্ষে উপস্থিত থকা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত আছিল প্ৰসাৰ ভাৰতী-ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত গৌৰৱ দ্বিবেদী, অতিৰিক্ত সচিব শ্ৰী প্ৰভাত, পিআইবি-ৰ সঞ্চালক প্ৰধান (পশ্চিম মণ্ডল) শ্ৰীমতী স্মিতা ৱত্স শৰ্মা, যুটীয়া সচিব (আই পি এণ্ড চি) শ্ৰীযুত চি চেন্থিল ৰাজন, যুটীয়া সচিব (সম্প্ৰচাৰ) শ্ৰীযুত পৃথুল কুমাৰ, যুটীয়া সচিব (ফিলমছ) ড° অজয় নাগাভূষণ এম এন, যুটীয়া সচিব (প্ৰতিষ্ঠান) ড° কে কে নীৰালা, এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাগডুমকে ধৰি অন্যান্য বিষয়ববীয়াসকল। এই বৈঠকত অংশগ্ৰহণ কৰা মহাৰাষ্ট্ৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত মুখ্য সচিব শ্ৰী ৰাজেশ আগৰৱাল, মুখ্য সচিব শ্ৰীযুত শ্ৰীকৰ পৰদেশী, প্ৰধান সচিব (উদ্যোগ, বিনিয়োগ আৰু সেৱা) ড° পি অনবালাগান, বৃহানমুম্বাই পৌৰ নিগমৰ আয়ুক্ত শ্ৰীমতী অশ্বিনী ভিড়ে, আৰু ডিজিআইপিআৰ-ৰ সঞ্চালক প্ৰধান শ্ৰীযুত ব্রিজেশ সিং অন্যতম।
মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰৰ সভাপতিত্বত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৱেভছ ২০২৭-ৰ প্ৰস্তুতিৰ সমীক্ষা কৰা হয়। এই পৰ্যালোচনাৰ পিছত মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বিকেচি)-ত থকা জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ পৰিদৰ্শন কৰা হয়, যিটো স্থানত ২০২৫ চনত ৱেভছ-ৰ উদ্বোধনী সংস্কৰণ অনুষ্ঠিত হৈছিল আৰু ৱেভছ-ৰ পৰৱৰ্তী সংস্কৰণৰ আয়োজনথলী হিচাপে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।



PIB Mumbai | SVS/ Sriyanka Chatterjee/ Priti Malandkar/KB
रिलीज़ आईडी:
2286002
| Visitor Counter:
9