ৰাজ্যসভা সচিবালয়
azadi ka amrit mahotsav

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনে আজি নৱ-নিৰ্বাচিত সদস্যদ্বয়ক শপত বাক্য পাঠ কৰোৱায়

प्रविष्टि तिथि: 15 JUL 2026 2:13PM by PIB Guwahati

ৰাজ্যসভাৰ মাননীয় অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত দুই নৱ-নিৰ্বাচিত সদস্য ক্ৰমে শ্ৰী মনচুৰ আলী খান আৰু শ্ৰী ৰাজনীশ কুমাৰ আগৰৱালক শপত বাক্য পাঠ কৰোৱায়।

শ্ৰী মনচুৰ আলী খানে ইংৰাজী ভাষাত আৰু শ্ৰী ৰাজনীশ কুমাৰ আগৰৱালে হিন্দী ভাষাত শপত বাক্য পাঠ কৰে। সদস্যদ্বয় ক্ৰমে কৰ্ণাটক আৰু মধ্যপ্ৰদেশ ৰাজ্যৰ প্ৰতিনিধি।

এই অনুষ্ঠানত ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ; সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী এল. মুৰুগান; ৰাজ্যসভাৰ সদস্য শ্ৰী জয়ৰাম ৰমেশ; ৰাজ্যসভাৰ সচিব প্ৰধান শ্ৰী পি. চি. মোদী আৰু সচিবালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

***

RKK/RD


(रिलीज़ आईडी: 2285230) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Gujarati , Tamil , Kannada , Malayalam