গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত গোবৰৰ সঠিক ব্যৱহাৰৰ বাবে কম্প্ৰেছড বায়’-গেছ প্ৰকল্প স্থাপনৰ অৰ্থে এমচিডি আৰু এনডিডিবিৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
এই চুক্তি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ যমুনা নদী পৱিত্ৰ কৰাৰ সংকল্প পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ
ভৱিষ্যতে যাতে যমুনা নদীত অলপো গোবৰ নপৰে, তাক নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে
এই চুক্তি দেশৰ সকলো ডাঙৰ চহৰক পৰিষ্কাৰ কৰাৰ এক আৰ্হি হিচাপে পৰিগণিত হ’ব
এই পদক্ষেপে কেৱল পশুধন পালকসকলৰ উপাৰ্জন বৃদ্ধি কৰাই নহয়, বৰঞ্চ স্বচ্ছতাৰ উন্নতি ঘটাব, কম্প্ৰেছড বায়’-গেছ (CBG) উৎপাদন কৰাৰ লগতে জৈৱিক কৃষিক এক ডাঙৰ গতি প্ৰদান কৰিব
২০২৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত আমি যমুনা নদীত এক লিটাৰো লেতেৰা পানী নোসোমোৱাটো নিশ্চিত কৰিম
এই প্ৰতীকী পদক্ষেপটো দেশৰ সকলো চহৰীয়া অঞ্চলৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে আৰু দেশজুৰি কোটি কোটি পশুধন পালকৰ উপাৰ্জন বৃদ্ধিৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ
নলা-নৰ্দমাৰ পানী আৰু ঔদ্যোগিক আৱৰ্জনা বিশুদ্ধকৰণৰ বাবে দিল্লীত ইতিমধ্যে প্ৰায় ৮০ টা শোধন প্ৰকল্পৰ কাম আৰম্ভ হৈছে
प्रविष्टि तिथि:
15 JUL 2026 5:25PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত দিল্লী পৌৰ নিগম আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি)ৰ মাজত দিল্লীত গোবৰৰ সঠিক ব্যৱহাৰৰ বাবে কম্প্ৰেছড বায়’-গেছ(CBG) প্ৰকল্প স্থাপনৰ অৰ্থে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ পাম মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং, দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী তৰণজিৎ সিং সান্ধু, মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, কেন্দ্ৰীয় গৃহ সচিব, কেন্দ্ৰীয় সমবায় সচিব আৰু কেন্দ্ৰ তথা দিল্লী চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি স্বাক্ষৰিত হোৱা চুক্তিখন দেশৰ সকলো ডাঙৰ চহৰক পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এক আৰ্হি হিচাপে পৰিগণিত হ’ব। তেওঁ লগতে কয় যে এই পদক্ষেপে কেৱল পশুধন পালকসকলৰ উপাৰ্জনেই বৃদ্ধি নকৰিব, বৰঞ্চ স্বচ্ছতাৰ উন্নতি, কম্প্ৰেছড বায়’-গেছৰ উৎপাদন আৰু জৈৱিক কৃষিক এক শক্তিশালী গতি প্ৰদান কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকেই যমুনা নদীৰ পানী পৰিষ্কাৰ হোৱাটো বিচাৰে, কিন্তু নদীত লেতেৰা জাবৰ-জোঁথৰ আৰু নলা-নৰ্দমাৰ পানী পেলোৱাটো বন্ধ নকৰিলে এই সপোন বাস্তৱায়িত হ’ব নোৱাৰে। তেওঁ কয় যে এই চুক্তি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ যমুনা নদী পৱিত্ৰ কৰাৰ সংকল্প পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নলা-নৰ্দমাৰ পানী আৰু ঔদ্যোগিক আৱৰ্জনা বিশুদ্ধকৰণৰ বাবে দিল্লীত ইতিমধ্যে প্ৰায় ৮০টা শোধন প্ৰকল্পৰ কাম আৰম্ভ হৈছে। তেওঁ কয় যে ভৱিষ্যতে যাতে যমুনা নদীত অলপো গোবৰ নপৰে, তাক নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে ১.২৫ লাখ পশুধনৰ আৱৰ্জনাৰ সঠিক নিষ্কাশন নোহোৱাকৈ এয়া সম্ভৱ নহ’ব। শ্ৰী শ্বাহে কয় যে ২০২৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত আমি যমুনা নদীত এক লিটাৰো লেতেৰা পানী নোসোমোৱাটো নিশ্চিত কৰিম।
শ্ৰী অমিত শ্বাহে কয় যে নাংলী, ঘোগা-গোয়লা আৰু গাজীপুৰ আৱৰ্জনা নিষ্কাশন প্ৰকল্পত গোবৰ প্ৰক্ৰিয়াকৰণৰ কাম সম্পূৰ্ণ কৰা হ’ব। তেওঁ কয় যে এই প্ৰতীকী পদক্ষেপটো দেশৰ সকলো চহৰীয়া অঞ্চলৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে আৰু দেশজুৰি কোটি কোটি পশুধন পালকৰ উপাৰ্জন বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে আজিৰ এই চুক্তিখন সমগ্ৰ দেশৰ সকলো মহানগৰৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ প্ৰমাণিত হ’ব আৰু পৰৱৰ্তী সময়ত গোবৰ প্ৰক্ৰিয়াকৰণৰ জৰিয়তে ই সমগ্ৰ ভাৰতৰ গ্ৰামাঞ্চলৰ পশুধন পালকসকলৰ বাবেও অতি লাভদায়ক হ’ব। তেওঁ উল্লেখ কৰে যে এই চুক্তিত পশুধন পালকসকলক প্ৰতি কিলোগ্ৰাম গোবৰৰ বাবদ ১ টকাকৈ পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছে।

****
RK/RR/PR/PS/DB
(रिलीज़ आईडी: 2285225)
आगंतुक पटल : 5