কেবিনেট
মোবাইল ফোন নিৰ্মাণ আঁচনি (এম পি এম এছ)-ত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
15 JUL 2026 3:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মোবাইল ফোন নিৰ্মাণ আঁচনি (এম পি এম এছ)-ত অনুমোদন জনাইছে, যাৰ বাবে বাজেটত ব্যয় হ’ব ১ কোটি টকা (কেৱল ৬২হাজাৰ ৫০০ কোটি টকা)।
গুৰুত্বপূৰ্ণ বৈশিষ্ট্যঃ
- উৎপাদন ত্বৰান্বিত কৰাৰ লগতে ঘৰুৱা মূল্য সংযোজন গভীৰ কৰাৰ উপৰি যোগান শৃংখলৰ স্থিতিস্থাপকতা শক্তিশালী কৰিবলৈ আৰু আন্তৰ্জাতিক প্ৰতিযোগিতামূলক পৰিবেশ বৃদ্ধি কৰিবলৈ চৰকাৰে মোবাইল ফোন নিৰ্মাণ আঁচনি (এম পি এম এছ) আৰম্ভ কৰিছে।
- এম পি এম এছ আঁচনিৰ লক্ষ্য হৈছে প্ৰযুক্তিগত সাৰ্বভৌমত্ব প্ৰাপ্ত কৰি বৃহৎ অৰ্থনৈতিক মূল্য আহৰণ কৰাৰ লগতে ডিজাইন আৰু গৱেষণা তথা উন্নয়নত ভাৰতীয় পেটেণ্ট সৃষ্টি কৰিবলৈ ভাৰতীয় ব্ৰেণ্ড গঢ়ি তোলা।
- আঁচনিখনৰ ম্যাদ হ’ব ৫ বছৰ অৰ্থাৎ বিত্তীয় বৰ্ষ ২০২৬-২০২৭ ৰ পৰা বিত্তীয় বৰ্ষ ২০৩০-৩১ লৈ।
- এই আঁচনিখনে ভাৰতত মোবাইল ফোন নিৰ্মাণৰ বাবে যোগ্য বিক্ৰীৰ ক্ষেত্ৰত ২.২৫% ৰ পৰা ৫%লৈকে পৃথক হাৰত উদগণিমূলক ধনৰ সমৰ্থন প্ৰদান কৰে। আঁচনিখনে মূল উপাদান/উপ-সমাৱেশসমূহৰ ঘৰুৱা উৎসৰ সৈতে সংযুক্ত ১.৫% লৈকে অতিৰিক্ত উদগণিমূলক ধন প্ৰদান কৰে। ভাৰতীয় ব্ৰেণ্ড নিৰ্মাণৰ বাবে, সামগ্ৰীৰ ডিজাইন আৰু গৱেষণা তথা উন্নয়নৰ বাবে যোগ্য বিক্ৰীৰ ওপৰত অতিৰিক্ত উদগণিমূলক ধন ৩ শতাংশ ধাৰ্য কৰা হৈছে।
আশা কৰা ফলাফলঃ
আঁচনিৰ কাৰ্যকালত, মোবাইল ফোনৰ ৰপ্তানি উল্লেখযোগ্যভাৱে বৃদ্ধি হোৱাৰ লগে লগে দেশত মুঠ মোবাইল ফোনৰ উৎপাদন প্ৰায় ৩৯ হাজাৰ কোটি টকাত উপনীত হ'ব বুলি আশা কৰা হৈছে। এই আঁচনিখনে প্ৰায় ৬০ হাজাৰ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে যাৰ ফলত অৰ্থনৈতিক বিকাশ, নিযুক্তি সৃষ্টি আৰু আন্তৰ্জাতিক ইলেক্ট্ৰনিকছ নিৰ্মাণ খণ্ডত ভাৰতৰ স্থিতি শক্তিশালী হ'ব।
প্ৰসংগঃ
প্ৰধানমন্ত্ৰীৰ মেক ইন ইণ্ডিয়া দৃষ্টিভংগীয়ে ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ইলেক্ট্ৰনিকছ উৎপাদন ৭ গুণ বৃদ্ধি আৰু ৰপ্তানি ১১ গুণ বৃদ্ধি কৰিবলৈ প্ৰেৰিত কৰিছে। ইলেক্ট্ৰনিকছ নিৰ্মাণ খণ্ডটোও এক প্ৰধান নিয়োগকৰ্তা হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ দূৰৈৰ গাঁৱৰ যুৱক-যুৱতীসকলৰ বাবে, কিছুমান প্ৰকল্পই এটা স্থানত ৫হাজাৰতকৈ অধিক কৰ্মচাৰীক নিয়োগ কৰিছে।
- মোবাইল ফোন নিৰ্মাণ এই বিকাশৰ মূল চালিকা শক্তি হৈ আহিছে আৰু ভাৰতৰ ইলেক্ট্ৰনিকছ নিৰ্মাণ পৰিৱেশ তন্ত্ৰত পথ প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাতা হিচাপে পৰিগণিত হৈছে য'ত ভাৰতত ব্যৱহৃত মোবাইল ফোনৰ ৯৯.২% ঘৰুৱাভাৱে নিৰ্মাণ কৰা হয়।
- ২০২৫ চনত ডিজেল ইন্ধন আৰু কটা হীৰাৰ দৰে পৰম্পৰাগত আগশাৰীৰ ৰপ্তানি সামগ্ৰীক অতিক্ৰম কৰি স্মাৰ্টফোন ভাৰতৰ পৰা একক সৰ্ববৃহৎ ৰপ্তানি সামগ্ৰী শ্ৰেণী হিচাপে বিবেচি হৈছে। মোবাইল ফোনসমূহে এতিয়া ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন আৰু ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰাৰ লগতে গোলকীয় মূল্য শৃংখলাত ভাৰতৰ স্থিতি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
- বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিকছ নিৰ্মাণৰ বাবে উৎপাদন সংযুক্ত উৎসাহমূলক আঁচনি (পি এল আই-এল এছ ই এম)-এ ভাৰতক মোবাইল নিৰ্মাণ আৰু ৰপ্তানিৰ বাবে এক আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পি এল আই-এল এছ ই এম-ৰ কাৰ্যকাল ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হয়।
****
MJPS/DD
(रिलीज़ आईडी: 2284865)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam