কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
ওড়িশা আৰু ঝাৰখণ্ডৰ ৪খন জিলা সামৰি দুটা মাল্টি-ট্ৰেকিং প্ৰকল্পৰ অনুমোদন কেবিনেটৰ; ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৪৫ কিলোমিটাৰ বৃদ্ধি পাব
প্ৰকল্পসমূহৰ আনুমানিক সৰ্বমুঠ ব্যয় ৩,৯০৭ কোটি টকা (প্ৰায়) আৰু ২০৩০-৩১ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হ’ব
प्रविष्टि तिथि:
15 JUL 2026 3:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ ৩,৯০৭ কোটি টকা (প্ৰায়) ব্যয়সাপেক্ষ দুটা প্ৰকল্পৰ অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:
ক। পাৰাদ্বীপ– হৰিদাসপুৰ-দ্বৈতকৰণ
খ। ৰাজখাৰছাৱান–ডাংগোপোচি-চতুৰ্থ লাইন
বৰ্ধিত লাইন ক্ষমতাৰ ফলত যাতায়ত ব্যৱস্থা লক্ষণীয়ভাৱে সুগম হ’ব, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ কাৰ্যক্ষমতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত হ’ব। এই মাল্টি-ট্ৰেকিং প্ৰস্তাৱসমূহে ৰে’ল চলাচল সুশৃংখলিত কৰিব আৰু ভিৰ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘নতুন ভাৰত’ৰ সপোনৰ সৈতে সংগতি ৰাখি যুগুত কৰা হৈছে, যিয়ে অঞ্চলটোৰ সৰ্বাংগীণ উন্নয়নৰ জৰিয়তে স্থানীয় ৰাইজক নিয়োগ তথা আত্ম-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰি "আত্মনিৰ্ভৰশীল" কৰি তুলিব।
সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক কাৰ্যক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি নেচনেল মাষ্টাৰ প্লেনৰ অধীনত এই প্ৰকল্পসমূহৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ আহ-যাহৰ বাবে এক মসৃণ সংযোগ ব্যৱস্থা প্ৰদান কৰিব।
ওড়িশা আৰু ঝাৰখণ্ড ৰাজ্যৰ ৪খন জিলাক সামৰি ল’বলগীয়া এই দুটা প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৪৫ কিলোমিটাৰ বৃদ্ধি কৰিব।
প্ৰস্তাৱিত মাল্টি-ট্ৰেকিং প্ৰকল্পটোৱে প্ৰায় ১৪ লাখ জনসংখ্যা থকা প্ৰায় ১,৫২৬খন গাঁৱৰ সংযোগ ব্যৱস্থা উন্নত কৰিব।
ক্ষমতাৰ এই প্ৰস্তাৱিত বৃদ্ধিয়ে দেশৰ কেইবাটাও প্ৰধান পৰ্যটনস্থলী যেনে ললিতগিৰি বৌদ্ধ কমপ্লেক্স, শ্ৰী বলদেৱজিউ মন্দিৰ, মেঘাহাটুবুৰু পাহাৰ আদিলৈ ৰে’ল সংযোগ উন্নত কৰিব।
প্ৰস্তাৱিত প্ৰকল্পসমূহ কয়লা, লোৰ আকৰিক, ড’ল’মাইট, চূণশিল, জিপচাম আদিৰ দৰে সামগ্ৰী পৰিবহনৰ বাবে একো একোটা অপৰিহাৰ্য পথ। এই ক্ষমতা বৃদ্ধিয়ে বাৰ্ষিক অতিৰিক্ত ৪৪ মেট্ৰিক টন মালবাহী পৰিবহনৰ সৃষ্টি কৰিব। ৰে’লৱে পৰিৱেশ অনুকূল আৰু শক্তি সক্ষম পৰিবহন মাধ্যম হোৱাৰ বাবে ই জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ লজিষ্টিক খৰচ হ্ৰাস কৰাত সহায় কৰিব। তদুপৰি, ই তেল আমদানি (০৬ কোটি লিটাৰ) আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন (২৯ কোটি কিলোগ্ৰাম) হ্ৰাস কৰিব, যিটো এক কোটি গছ ৰোপণৰ সমকক্ষ।
***
MJPS/DB
(रिलीज़ आईडी: 2284860)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam