PIB Backgrounder
azadi ka amrit mahotsav

সেৱা উৎপাদন সূচক (Index of Services Production - ISP): ভাৰতৰ সেৱা অৰ্থনীতিৰ স্পন্দন পৰিমাপ

प्रविष्टि तिथि: 14 JUL 2026 8:57PM by PIB Guwahati

সেৱা উৎপাদন সূচক (ISP): সেৱা খণ্ডৰ প্ৰদৰ্শনৰ এক আভাস

ভাৰতে বিগত এটা দশকত নিজৰ পৰিসংখ্যাগত আৰু প্ৰশাসনিক তথ্যভিত্তিক পৰিবেশ ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰি তুলিছে। এই ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়ন সাধিত হৈছে, যেনে- উচ্চ-কম্পনাংক জি.এছ.টি. তথ্যৰ উপলব্ধতা, নিবন্ধিত সেৱা খণ্ডৰ উদ্যোগসমূহৰ বাৰ্ষিক সমীক্ষা (Annual Survey of Incorporated Services Sector Enterprises - ASISSE) আৰম্ভ কৰা, আৰু ডিজিটেল প্ৰশাসনিক তথ্যভাণ্ডাৰসমূহৰ সম্প্ৰসাৰণ। ইয়াৰ ফলত প্ৰমাণভিত্তিক নীতি নিৰ্ধাৰণ অধিক শক্তিশালী হৈছে।

এই সংস্কাৰসমূহৰ ভিত্তিত চৰকাৰে সেৱা উৎপাদন সূচক (Index of Services Production - ISP) নামৰ এক নতুন সামষ্টিবাদী অৰ্থনৈতিক (Macroeconomic) সূচক প্ৰৱৰ্তন কৰিছে, যাৰ উদ্দেশ্য হৈছে সেৱা খণ্ডৰ প্ৰদৰ্শন পৰিমাপ কৰা। ISP হৈছে ভাৰতৰ প্ৰথম উচ্চ-কম্পনাংক সূচক, যি বিশেষভাৱে সেৱা খণ্ডৰ উৎপাদন পৰিমাপৰ বাবে উৎসৰ্গিত। এই সূচকে নিৰ্দিষ্ট ভিত্তি বৰ্ষৰ তুলনাত আনুষ্ঠানিক সেৱা খণ্ডত উৎপাদিত সেৱাৰ উৎপাদনৰ পৰিমাণত হোৱা হ্ৰস্বম্যাদী পৰিৱৰ্তন অনুসৰণ কৰে।

সেৱা খণ্ডই ভাৰতৰ অৰ্থনীতিৰ সৰ্বাধিক অংশ দখল কৰি থকাৰ বাবে, ISP-এ অৰ্থনৈতিক পৰ্যৱেক্ষণ অধিক শক্তিশালী কৰা, ৰাষ্ট্ৰীয় হিচাপ অধিক নিখুঁতভাৱে প্ৰস্তুত কৰা আৰু অধিক তথ্যসমৃদ্ধ নীতি নিৰ্ধাৰণ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

প্ৰথম প্ৰকাশ: সেৱা উৎপাদন সূচকৰ (ISP) পৰীক্ষামূলক সূচক

চৰকাৰে ২০২৬ চনৰ এপ্ৰিল মাহৰ বাবে ১৯টা উপ-খণ্ড সামৰি সেৱা উৎপাদন সূচকৰ প্ৰথম পৰীক্ষামূলক উপ-খণ্ডভিত্তিক সূচক প্ৰকাশ কৰিছে, যিয়ে সেৱা খণ্ডৰ প্ৰায় ৬০ শতাংশ আৱৰি ধৰিছে।

এই ১৯টা উপ-খণ্ডৰ ভিতৰত ১৪টা উপ-খণ্ডে ২০২৫ চনৰ এপ্ৰিল মাহৰ তুলনাত ২০২৬ চনৰ এপ্ৰিল মাহত দ্বৈত অংকৰ বৃদ্ধিৰ নথিভুক্ত কৰিছে।

মাহেকীয়া ভিত্তিত সৰ্বাধিক বৃদ্ধি পোৱা শীৰ্ষ ৫টা উপ-খণ্ড হ'ল—থকাৰ ব্যৱস্থা আৰু খাদ্য সেৱা– ৩৭.২%, খুচুৰা বাণিজ্য– ৩০.৮%, প্ৰশাসনিক আৰু সহায়ক সেৱা– ২৮.৭%, স্থাৱৰ সম্পত্তি– ২৭.৭% আৰু দূৰসংযোগ– ২২.৮%।

২০২৫-২৬ চনৰ বাবে বছৰি শীৰ্ষ ৫টা উপ-খণ্ডৰ ভিতৰত আছে- থকাৰ ব্যৱস্থা আৰু খাদ্য সেৱা (৩৫.৬%), খুচুৰা ব্যৱসায় (৩০.৫%), মেৰামতি সেৱা (২৫.১%), পাইকাৰী বাণিজ্য (২৩.৬%) আৰু পথ পৰিবহন (২২.৬%)।

সূচকৰ মুখ্য বৈশিষ্ট্যসমূহ

ISP-ৰ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতে নিজৰ পৰিসংখ্যাগত ব্যৱস্থাক বিশ্বমানদণ্ডৰ সৈতে অধিক সামঞ্জস্যপূৰ্ণ কৰি তুলিছে। সূচকটোৰ কেইটামান মুখ্য বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল—

  • ISP-ৰ ভিত্তি বৰ্ষ হিচাপে ২০২৪–২৫ নিৰ্বাচন কৰা হৈছে। ই নতুন গ্ৰাহক মূল্য সূচক (Consumer Price Index – CPI) শৃংখলাৰ সৈতে সুসমন্বিত, যাৰ ভিত্তি বৰ্ষও ২০২৪।
  • ISP-ৰ মুখ্য ব্যৱহাৰকাৰীসকলৰ ভিতৰত আছে—ৰাষ্ট্ৰীয় হিচাপ, অৰ্থনৈতিক মন্ত্ৰালয় আৰু বিভাগসমূহ, গৱেষকসকল আৰু বিষয়বিশেষজ্ঞসকল ।
  • নিয়মীয়াকৈ মাহেকীয়া পৰীক্ষামূলক সূচক প্ৰায় ৬০ দিনৰ পলমে প্ৰকাশ কৰা হ'ব। তথ্য প্ৰতিমাহৰ ২৯ তাৰিখত, অথবা ২৯ তাৰিখ ছুটীৰ দিন হ'লে তাৰ পিছৰ প্ৰথম কাৰ্যদিবসত উপলব্ধ হ'ব।
  • বৰ্তমান ISP প্ৰস্তুত কৰাৰ বাবে বিভিন্ন মূল্য হ্ৰাসকাৰক ব্যৱহাৰ কৰা হৈছে।
  • পাইকাৰী বাণিজ্যৰ ক্ষেত্ৰত পাইকাৰী মূল্য সূচক (Wholesale Price Index – WPI) ব্যৱহাৰ কৰা হয়।
  • অধিকাংশ আন খণ্ডৰ বাবে সংশ্লিষ্ট গ্ৰাহক মূল্য সূচক (Consumer Price Index – CPI) অথবা ইয়াৰ সৰ্বাধিক নিকটৱৰ্তী CPI ব্যৱহাৰ কৰা হয়।
  • সাধাৰণ গ্ৰাহক মূল্য সূচক মেৰামতি আৰু তত্বাৱধান, বেংকিং আৰু বীমা খণ্ডত প্ৰয়োগ কৰা হয়।
  • যিসমূহ খণ্ডৰ বাবে নিৰ্দিষ্ট CPI উপলব্ধ নহয়, সেইবোৰত সেৱা-ভিত্তিক গ্ৰাহক মূল্য সূচক ব্যৱহাৰ কৰা হয়।

হ্ৰস্বকাৰকৰ প্ৰয়োজনীয়তা

ISP-এ উৎপাদিত সেৱাৰ উৎপাদনৰ পৰিমাণত হোৱা হ্ৰস্বম্যাদী পৰিৱৰ্তন অনুসৰণ কৰে। কিন্তু প্ৰাথমিক সেৱা-সম্পৰ্কীয় তথ্য সাধাৰণতে মূল্যৰ ভিত্তিত সংগ্ৰহ কৰা হয়। ফলস্বৰূপে, ইয়াত মূল্য আৰু মূল্য সংযোজন উভয়ৰে প্ৰভাৱ অন্তৰ্ভুক্ত থাকে। সেয়ে নামমাত্ৰ  সেৱা ৰাজহ ৰ পৰা মূল্য পৰিৱৰ্তনৰ প্ৰভাৱ আঁতৰাবলৈ মূল্য হ্ৰস্বকাৰকৰ প্ৰয়োজন হয়। মূল্য হ্ৰস্বকাৰকে মূল্য-ভিত্তিক তথ্যক পৰিমাণ-ভিত্তিক তথ্যলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত সময়ৰ লগে লগে হোৱা প্ৰকৃত পৰিৱৰ্তন সঠিকভাৱে পৰিমাপ কৰা সম্ভৱ হয়।

ভাৰতৰ সেৱা উৎপাদন সূচক (ISP)ৰ কাঠামো গঢ়ি তোলা

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে ২০২৫ চনৰ মে' মাহত ISP-ৰ ধাৰণাগত আৰু পদ্ধতিগত কাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কাৰিকৰী উপদেষ্টা সমিতি (Technical Advisory Committee – TAC) গঠন কৰে।

TAC-ত শিক্ষা জগত, উদ্যোগ সংস্থা, আৰু সেৱা খণ্ডক প্ৰতিনিধিত্ব কৰা বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ বিশেষজ্ঞসকল অন্তৰ্ভুক্ত আছিল। প্ৰস্তাৱিত কাঠামো আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অনুশীলনসমূহ ৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা (Organisation for Economic Co-operation and Development – OECD)-ৰ ‘Index of Services Production Compilation Manual (2007)’ হৈছে ISP প্ৰস্তুতিকৰণৰ ক্ষেত্ৰত আটাইতকৈ বিস্তৃত দিশ-নিৰ্দেশনা প্ৰদান কৰা গ্ৰন্থ। ইয়াৰ উপৰিও ইউৰোপীয় সংঘৰ পৰিসংখ্যা কাৰ্যালয় ইউৰোষ্টেটো ISP-ৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পথপ্ৰদৰ্শক।

উল্লেখযোগ্য যে, ফ্ৰান্স, স্পেইন আৰু ছ্ল'ভেনিয়াৰ দৰে কেইবাখনো উন্নত অৰ্থনীতিয়ে নিয়মীয়াকৈ ISP অথবা একেধৰণৰ সূচক প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ বাহিৰতো দক্ষিণ কোৰিয়াই মাহেকীয়া সেৱা উদ্যোগ কাৰ্যকলাপ সূচক প্ৰকাশ কৰে, আৰু গ্ৰেট ব্ৰিটেইন এক বিস্তৃত মাহেকীয়া সেৱা সূচক প্ৰস্তুত কৰে।

সেৱা উৎপাদন সূচক (ISP)-ৰ খণ্ডভিত্তিক কভাৰেজ

ISP-এ আৰম্ভণিতে সেইসমূহ সেৱা উপ-খণ্ড সামৰি লৈছে, য'ত নিৰ্ভৰযোগ্য আৰু উচ্চ-কম্পনাংক  তথ্য উপলব্ধ।

ISP-ৰ পৰা বাদ দিয়া সেৱা উপ-খণ্ডসমূহ হ'ল—

  • ৰাজহুৱা প্ৰশাসন আৰু প্ৰতিৰক্ষা
  • বেংকিং আৰু বীমাৰ বাহিৰে বিত্তীয় সেৱাসমূহ, যেনে—কেন্দ্ৰীয় বেংকৰ কাৰ্যকলাপ, মুদ্ৰা বজাৰ পুঁজি
  • আবাসিক সুবিধা নথকা সামাজিক সেৱা কাৰ্যকলাপ
  • সদস্যভিত্তিক সংগঠনৰ সেৱাসমূহ
  • ব্যক্তিগত সেৱাসমূহ

সেৱা উৎপাদন সূচক (ISP)-ক শক্তিশালী কৰা তথ্য পৰিৱেশ

ISP প্ৰস্তুত কৰিবলৈ মূলতঃ তিনিটা তথ্য উৎস ব্যৱহাৰ কৰা হয়—প্ৰশাসনিক তথ্য, সামগ্ৰী আৰু সেৱা কৰ (Goods and Services Tax – GST)-ৰ তথ্য আৰু নিবন্ধিত সেৱা খণ্ডৰ উদ্যোগসমূহৰ বাৰ্ষিক সমীক্ষা (Annual Survey of Incorporated Services Sector Enterprises – ASISSE)।

প্ৰশাসনিক/গৌণ তথ্য ব্যৱহাৰ কৰা হয় বিমান পৰিবহন, ৰে'ল পৰিবহন, বেংকিং আৰু বীমা খণ্ডৰ ISP প্ৰস্তুত কৰিবলৈ।

ASISSE-ৰ তথ্য (উপলব্ধ হোৱাৰ পিছত) স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ (চৰকাৰী সেৱা বাদ দি) ISP প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। ২০২৬ চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা এই সমীক্ষাৰ লক্ষ্য হৈছে নিবন্ধিত সেৱা খণ্ডৰ এক বিস্তৃত তথ্যভাণ্ডাৰ গঢ়ি তোলা।

আপুনি জানেনে?

জি.এছ.টি. (GST) তথ্য প্ৰথমবাৰৰ বাবে পৰিসংখ্যাগত প্ৰয়োগত ব্যৱহাৰ কৰা হ'ব।

GST-ৰ তথ্য তলত উল্লেখ কৰা খণ্ডসমূহৰ ISP প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব—পাইকাৰী বাণিজ্য, খুচুৰা বাণিজ্য, মেৰামতি আৰু তত্বাৱধান, থকাৰ ব্যৱস্থা আৰু খাদ্য সেৱা, পথ পৰিবহন, জল পৰিবহন, গুদামঘৰ আৰু পৰিবহন সহায়ক কাৰ্যকলাপ, ডাক আৰু কুৰিয়াৰ সেৱা, দূৰসংযোগ, তথ্য আৰু সম্প্ৰচাৰ, স্থাৱৰ সম্পত্তি, তথ্য আৰু কম্পিউটাৰ-সম্পৰ্কীয় সেৱা; পেছাদাৰী, বৈজ্ঞানিক আৰু কাৰিকৰী সেৱা, ইয়াৰ অন্তৰ্গত গৱেষণা আৰু উন্নয়ন প্ৰশাসনিক আৰু সহায়ক সেৱা, কলা, মনোৰঞ্জন আৰু বিনোদন  আদি।

সেৱা উৎপাদন সূচক (ISP) কিয় গুৰুত্বপূৰ্ণ?

যোৱা কেইটামান দশকত ভাৰতৰ অৰ্থনীতিয়ে এক উল্লেখযোগ্য গাঁথনিগত ৰূপান্তৰ অতিক্ৰম কৰিছে। এই ৰূপান্তৰৰ মূল চালিকা শক্তি হৈছে অৰ্থনৈতিক সংস্কাৰ, প্ৰযুক্তিগত উন্নতি আৰু বিশ্ব বজাৰৰ সৈতে ক্ৰমবৰ্ধমান সংযুক্ততা । ফলস্বৰূপে, সেৱা খণ্ড (Services Sector) অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থান সৃষ্টিৰ এক মুখ্য চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। সেৱা খণ্ড হৈছে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন মূল্য সংযোজন (Gross Value Added – GVA)-ৰ সৰ্ববৃহৎ অৱদানকাৰী।

  • ২০১৩–১৪ বৰ্ষৰ পৰাই এই খণ্ডই GVA-ৰ ৫০ শতাংশতকৈ অধিক অংশ দখল কৰি আহিছে। ২০২৪–২৫ বৰ্ষত সেৱা খণ্ডৰ GVA-ৰ অংশ প্ৰায় ৫২.৯ শতাংশ আছিল।
  • এই খণ্ডই সমগ্ৰ ভাৰতৰ মুঠ কৰ্মসংস্থানৰ প্ৰায় ৩০ শতাংশ যোগান ধৰে আৰু বিগত ছয় বছৰত প্ৰায় ৪ কোটি (৪০ মিলিয়ন) নতুন চাকৰিৰ সৃষ্টি কৰিছে।
  • ২০২৬–২৭ বিত্তীয় বৰ্ষৰ সেৱা ৰপ্তানিয়ে শক্তিশালী গতি অব্যাহত ৰাখিছে। ২০২৬–২৭ বৰ্ষৰ এপ্ৰিল–জুন সময়ছোৱাত সেৱা ৰপ্তানিৰ আনুমানিক মূল্য ১০৩.৪১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল, যি পূৰ্বৱৰ্ষৰ একে সময়ৰ তুলনাত (Year-on-Year – Y-o-Y) ৬.১৬ শতাংশ বৃদ্ধি দৰ্শায়।
  • চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ মুঠ সেৱা বাণিজ্যত ভাৰতৰ অংশীদাৰিত্ব ১০ শতাংশলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

যিহেতু সেৱা খণ্ড ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰবিন্দু, সেয়েহে এই খণ্ডৰ প্ৰদৰ্শন নিয়মীয়াকৈ অনুসৰণ কৰিবলৈ এক স্বতন্ত্ৰ হ্ৰস্বম্যাদী সূচকৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল।

ঔদ্যোগিক উৎপাদন সূচক (Index of Industrial Production – IIP)-এ কেৱল ঔদ্যোগিক কাৰ্যকলাপ পৰিমাপ কৰে; ই সেৱা খণ্ডৰ হ্ৰস্বম্যাদী প্ৰৱণতা প্ৰতিফলিত নকৰে। এই শূন্যতা পূৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে সেৱা উৎপাদন সূচক প্ৰৱৰ্তন কৰিছে।

ভাৰতৰ অৰ্থনৈতিক পৰিমাপ ব্যৱস্থাৰ এক নতুন মাইলৰ খুঁটি

সেৱা উৎপাদন সূচকৰ শুভাৰম্ভই এক দ্ৰুত পৰিৱৰ্তনশীল অৰ্থনীতিৰ সৈতে সামঞ্জস্য ৰাখি ভাৰতৰ পৰিসংখ্যাগত কাঠামো আধুনিকীকৰণৰ প্ৰতি থকা প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। উচ্চ-কম্পনাংক তথ্য আৰু সবল পদ্ধতি একেলগে সংযুক্ত কৰি, ISP-এ ভাৰতৰ সৰ্ববৃহৎ অৰ্থনৈতিক খণ্ডটোৰ বিষয়ে সময়োপযোগী অন্তৰ্দৃষ্টি প্ৰদান কৰে। এটা মাহেকীয়া সূচক হিচাপে ISP-এ অৰ্থনৈতিক পৰ্যৱেক্ষণ অধিক শক্তিশালী কৰে; নীতি-সঁহাৰি অধিক ফলপ্ৰসূ আৰু সময়োপযোগী কৰি তোলে; আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতিপথ সম্পৰ্কে অধিক গভীৰ বুজাবুজি গঢ়ি তোলাত সহায় কৰে।

তথ্যসূত্ৰসমূহ

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2284450&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2277392&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2255933&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2269286&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249336&reg=3&lang=1

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2284139&reg=3&lang=1

পি.আই.বি. আৰ্কাইভ

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=157804&ModuleId=3&reg=48&lang=2

pdf চাবলৈ ইয়াত ক্লিক কৰক

****

পিআইবি গৱেষণ


(रिलीज़ आईडी: 2284755) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati