ৰেল মন্ত্ৰালয়
ভাৰতৰ মালবাহী পৰিবহন ব্যৱস্থাক শক্তিশালী কৰিবলৈ ‘সংস্কাৰ এক্সপ্ৰেছ’ৰ অধীনতআৰু আঠটা গাঁথনিগত সংস্কাৰ ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ
লজিষ্টিক ব্যয় হ্ৰাস, যোগান শৃংখলাৰ উন্নতি, ব্যক্তিগত বিনিয়োগক উদগনি আৰু অধিক পৰিষ্কাৰ মালবাহী পৰিবহনক প্ৰসাৰিত কৰিবলৈ নতুন নীতি
সংস্কাৰসমূহে দ্ৰুত প্ৰকল্প ৰূপায়ণ সক্ষম কৰিব আৰু ৰে’ল পৰিস্থিতিতন্ত্ৰত উদ্ভাৱনক উদগনি যোগাব: অশ্বিনী বৈষ্ণৱ
प्रविष्टि तिथि:
14 JUL 2026 5:50PM by PIB Guwahati
‘সংস্কাৰ এক্সপ্ৰেছ’ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি ভাৰতীয় ৰে’লৱেক আধুনিকীকৰণ কৰাৰ বাবে আৰু আঠটা গাঁথনিগত সংস্কাৰৰ কথা ঘোষণা কৰে। ইয়াৰ সৈতে এই পদক্ষেপৰ অধীনত ৰূপায়িত মুঠ সংস্কাৰৰ সংখ্যা ১৭টাত উপনীত হৈছে। এই নতুন সংস্কাৰসমূহে মালবাহী পৰিবহন, লজিষ্টিক, নিৰ্মাণ কাৰ্য, প্ৰকল্প ৰূপায়ণ, ডবা ডিজাইন, দক্ষতা বিকাশ আৰু সুচল ব্যৱসায় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব।
নতুন দিল্লীৰ ৰে’ল ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰী বৈষ্ণৱে কয় যে ভাৰতীয় ৰে’লৱেই ভৱিষ্যতৰ বাবে প্ৰস্তুত ৰে’ল ব্যৱস্থা গঢ়ি তুলিবলৈ ধাৰাবাহিকভাৱে সংস্কাৰ সাধন কৰিছে। কাৰ্যক্ষমতা বৃদ্ধি, উদ্ভাৱনক উদগনি আৰু ৰে’ল পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰাৰ বাবে মন্ত্ৰালয়ে ৫২ সপ্তাহত ৫২টা সংস্কাৰ ৰূপায়ণৰ যি লক্ষ্য লৈছে, এই সংস্কাৰসমূহ তাৰে অংশ। শ্ৰী বৈষ্ণৱে কয় যে সংস্কাৰ এক্সপ্ৰেছ পদক্ষেপৰ অধীনত পূৰ্বে ঘোষণা কৰা সংস্কাৰসমূহে ইতিমধ্যে উৎসাহজনক ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে।
সংস্কাৰ ১০: ফ্লাই আশ্ব (Fly Ash) পৰিবহন
শ্ৰী বৈষ্ণৱে কয় যে ভাৰতত বাৰ্ষিক প্ৰায় ৩৪০ নিযুত টন ফ্লাই আশ্ব (ছাই) উৎপাদন হয়, যাৰ ভিতৰত প্ৰায় ৯৬ নিযুত টন চিমেন্ট উদ্যোগে ব্যৱহাৰ কৰে। ভাৰতীয় ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ১৩ নিযুত টন ফ্লাই আশ্ব পৰিবহন কৰিছিল, যিটো দেশৰ মুঠ ফ্লাই আশ্ব উৎপাদনৰ প্ৰায় চাৰি শতাংশ।

তেওঁ কয় যে পৰম্পৰাগতভাৱে ফ্লাই আশ্ব খোলা ৱাগনৰ জৰিয়তে পৰিবহন কৰা হৈছিল, যাৰ ফলত বোজাই কৰা, পৰিবহন কৰা আৰু নমোৱাৰ সময়ত ধূলি প্ৰদূষণ হৈছিল। তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ ডাঙৰ ছাই ভাণ্ডাৰত ফ্লাই আশ্ব জমা কৰি ৰখাটোও এক ডাঙৰ পৰিৱেশগত প্ৰত্যাহ্বান আছিল।
এই সমস্যাসমূহ সমাধানৰ বাবে ভাৰতীয় ৰে’লৱেই ফ্লাই আশ্বৰ বাবে এক নতুন কণ্টেইনাৰাইজড পৰিবহন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। নতুন নীতিৰ অধীনত, পৰিবহনৰ বাবে বিশেষভাৱে ডিজাইন কৰা আইএছঅ-মানদণ্ডৰ কণ্টেইনাৰ ব্যৱহাৰ কৰা হ’ব। এই কণ্টেইনাৰসমূহ ওপৰৰ পৰা বোজাই কৰা ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ বিদ্যুৎ প্ৰকল্পৰ পৰা বোজাই কৰিব পৰা যাব আৰু ধূলি প্ৰদূষণ সৃষ্টি নকৰাকৈ চাইড-ডিচাৰ্জ বা নিউমেটিক ব্যৱস্থা ব্যৱহাৰ কৰি খালী কৰিব পৰা যাব।

শ্ৰী বৈষ্ণৱে কয় যে বন্ধ-কণ্টেইনাৰ ব্যৱস্থাই প্ৰদূষণমুক্ত পৰিবহন সক্ষম কৰিব, চিমেন্ট কাৰখানাসমূহত সামগ্ৰীৰ প্ৰয়োজন নোহোৱালৈকে সুৰক্ষিত সঞ্চয়ৰ সুবিধা কৰিব আৰু লজিষ্টিক কাৰ্যক্ষমতা উল্লেখনীয়ভাৱে বৃদ্ধি কৰিব। এই কণ্টেইনাৰসমূহ ৰীচ ষ্টেকাৰৰ জৰিয়তে পৰিচালনা কৰিব পৰা যাব, যাৰ ফলত বিদ্যুৎ প্ৰকল্পৰ পৰা চিমেন্ট কাৰখানালৈ কোনো বাধা নোহোৱাকৈ পোনপটীয়া চলাচল সম্ভৱ হ’ব। এই সংস্কাৰৰ ফলত ৰে’লেৰে ফ্লাই আশ্বৰ চলাচল বৃদ্ধি পাব, পথ পৰিবহনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু এটা পৰিৱেশগত প্ৰত্যাহ্বানক অৰ্থনৈতিকভাৱে উৎপাদনশীল সম্পদত পৰিণত কৰিব বুলি আশা কৰা হৈছে।
সংস্কাৰ ১১: কণ্টেইনাৰ খণ্ডত সংস্কাৰ
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বৃহৎ সামগ্ৰীৰ বাহিৰেও ৰে’লৱেৰ মালবাহী পৰিবহনৰ বহুমুখীকৰণৰ বাবে অধিক কণ্টেইনাৰাইজেশ্যনৰ প্ৰয়োজন। কণ্টেইনাৰ যাতায়তক উদগনি যোগাবলৈ ভাৰতীয় ৰে’লৱেই কণ্টেইনাৰ ট্ৰেইন অপাৰেটৰ অনুজ্ঞাপত্ৰ গাঁথনিত এক ডাঙৰ গাঁথনিগত সংস্কাৰ কৰিছে।
তেওঁ কয় যে বৰ্তমানৰ ব্যৱস্থাত কণ্টেইনাৰ ট্ৰেইন অপাৰেটৰ অনুজ্ঞাপত্ৰ চাৰিটা শ্ৰেণীত (শ্ৰেণী I-IV) প্ৰদান কৰা হৈছিল, য’ত শ্ৰেণী-I ৰ বাবে পঞ্জীয়ন মাচুল ৫০ কোটি টকা আৰু আন প্ৰতিটো শ্ৰেণীৰ বাবে ১০ কোটি টকা আছিল, লগতে পথ-নিৰ্দিষ্ট নিষেধাজ্ঞা আৰু বিভিন্ন পঞ্জীয়নৰ প্ৰয়োজনীয়তা আছিল। ইয়াক এতিয়া সমগ্ৰ ভাৰতৰ বাবে এটা একক একীকৃত কণ্টেইনাৰ ট্ৰেইন অপাৰেটৰ অনুজ্ঞাপত্ৰৰ দ্বাৰা সলনি কৰা হৈছে।
নতুন গাঁথনিৰ অধীনত, অপাৰেটৰসকলে শ্ৰেণী-ভিত্তিক নিষেধাজ্ঞা নোহোৱাকৈ সমগ্ৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্কত কণ্টেইনাৰ ৰে’ল চলাব পাৰিব। সকলো পথৰ বাবে প্ৰযোজ্য ২৫ কোটি টকাৰ এক সমান অপৰিশোধীয় পঞ্জীয়ন মাচুলৰ জৰিয়তে পঞ্জীয়ন ব্যৱস্থাও সৰল কৰা হৈছে।
শ্ৰী বৈষ্ণৱে লগতে কয় যে এই অনুমতিসমূহ বিছ বছৰৰ বাবে বৈধ থাকিব আৰু ইয়াৰ পিছত সফল পৰিচালনাৰ সাপেক্ষে কোনো নবীকৰণ বা সম্প্ৰসাৰণ মাচুল নোলোৱাকৈ ম্যাদ বৃদ্ধি কৰিব পৰা যাব। এই সৰলীকৃত অনুজ্ঞাপত্ৰ গাঁথনিয়ে ব্যৱসায় কৰাৰ সহজীকৰণ উন্নত কৰিব, অধিক ব্যক্তিগত অংশগ্ৰহণক উৎসাহিত কৰিব, কণ্টেইনাৰাইজেশ্যন বৃদ্ধি কৰিব, ৰে’লৱেলৈ অধিক অ-বৃহৎ কাৰ্গ’ আকৰ্ষণ কৰিব, লজিষ্টিক ব্যয় হ্ৰাস কৰিব আৰু দেশৰ মালবাহী পৰিবহন ব্যৱস্থাক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
সংস্কাৰ ১২: সাৰ পৰিবহন
কৃষি খণ্ডৰ বাবে সাৰ পৰিবহনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী বৈষ্ণৱে কয় যে ভাৰতীয় ৰে’লৱেই বৰ্তমান দেশৰ সাৰ পৰিবহনৰ প্ৰায় ৮৫ শতাংশ চম্ভালে।
তেওঁ কয় যে বৰ্তমানৰ মালবাহী মাচুল ব্যৱস্থাত প্ৰায় ৫০টা বিভিন্ন শ্লেব আছিল, যাৰ ফলত পৰিচালনা জটিল হৈ পৰিছিল। নতুন সংস্কাৰৰ অধীনত, তিনিটা ভিন্নতা থকা এক যুক্তিসংগত শুল্ক গাঁথনিৰ সৈতে প্ৰতি টন প্ৰতি কিলোমিটাৰ ভিত্তিত মালবাহী মাচুল সৰল কৰা হৈছে।
এই সংস্কাৰে কণ্টেইনাৰৰ জৰিয়তেও সাৰ পৰিবহনৰ অনুমতি দিছে। আগৰ ব্যৱস্থাৰ বিপৰীতে, য’ত এটা নিৰ্দিষ্ট স্থানত সম্পূৰ্ণৰূপে খালী নকৰালৈকে গোটেই ৰেকটো আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল, এতিয়া চাহিদা অনুসৰি ব্যক্তিগত কণ্টেইনাৰসমূহ ৰেক পইন্টত নমাই সংৰক্ষণ কৰিব পৰা যাব। ইয়াৰ ফলত বিতৰকসকলৰ প্ৰয়োজনীয়তা আৰু বহন ক্ষমতাৰ ওপৰত ভিত্তি কৰি পৰ্যায়ক্ৰমে বিতৰণ সম্ভৱ হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় যে কণ্টেইনাৰাইজড চলাচলে ৱাগনৰ ঘূৰি অহাৰ সময় উন্নত কৰিব, ৰেক আবদ্ধ হৈ থকাটো হ্ৰাস কৰিব, নমনীয় বিতৰণৰ সুবিধা কৰিব, বৰষুণ আৰু বতৰ সম্পৰ্কীয় ক্ষতিৰ পৰা সাৰ সুৰক্ষিত কৰিব আৰু সামগ্ৰিক লজিষ্টিক কাৰ্যক্ষমতা বৃদ্ধি কৰিব।
সংস্কাৰ ১৩: ৰে’ল প্ৰকল্প আৰু কাৰ্যত খনিকৰসকলৰ দক্ষতা বিকাশৰ নীতি
শ্ৰী বৈষ্ণৱে কয় যে ৰে’ল আন্তঃগাঁথনি প্ৰকল্পসমূহ সুৰক্ষা-সংবেদনশীল পৰিচালনাৰ সৈতে জড়িত, যাৰ বাবে বিশেষ দক্ষতা, নিখুঁত অভিযান্ত্ৰিকতা আৰু কঠোৰ মানদণ্ড বজাই ৰখাৰ প্ৰয়োজন।
সক্ষম জনশক্তি নিয়োগ নিশ্চিত কৰিবলৈ, ভাৰতীয় ৰে’লৱেই ৰে’ল প্ৰকল্প আৰু কামত নিয়োজিত খনিকৰসকলৰ দক্ষতা বিকাশৰ বাবে এক ব্যাপক নীতি প্ৰৱৰ্তন কৰিছে। এই নীতিয়ে ৱেল্ডিং, ফিটিং, ৰাজমিস্ত্ৰী আৰু অন্যান্য বিশেষ নিৰ্মাণ কাৰ্যৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱসায়ত নিয়োজিত শ্ৰমিকসকলৰ চিনাক্তকৰণ, মূল্যায়ন আৰু প্ৰমাণীকৰণৰ বাবে এক প্ৰণালীবদ্ধ গাঁথনি প্ৰতিষ্ঠা কৰে।
নতুন গাঁথনিৰ অধীনত, প্ৰকল্প-নিৰ্দিষ্ট দক্ষতাৰ প্ৰয়োজনীয়তা সংজ্ঞায়িত কৰা হ’ব আৰু শ্ৰমিকসকলে নিৰ্দিষ্ট পৰীক্ষণ কৰ্তৃপক্ষৰ জৰিয়তে ব্যৱহাৰিক আৰু মৌখিক মূল্যায়নৰ মাজেৰে যাব লাগিব। সফল প্ৰাৰ্থীসকলে এটা লাইভ ভেৰিফিকেশ্যন ডাটাবেছৰ সৈতে সংযোগ থকা কিউআৰ কোড-যুক্ত দক্ষতা প্ৰমাণপত্ৰ লাভ কৰিব।
মন্ত্ৰীগৰাকীয়ে কয় যে দলং আৰু সুৰংগকে ধৰি গুৰুত্বপূৰ্ণ আৰু জটিল ৰে’ল প্ৰকল্পসমূহৰ পৰা এই নীতিৰ ৰূপায়ণ আৰম্ভ হ’ব আৰু অহা ছব্বিশ মাহৰ ভিতৰত সকলো মণ্ডল ৰে’লৱে আৰু উৎপাদন গোটলৈ সম্প্ৰসাৰিত কৰা হ’ব।
তেওঁ কয় যে এই পদক্ষেপে বিশেষ ৰে’ল কামত কেৱল প্ৰমাণিত খনিকৰ আৰু পৰিদৰ্শকসকলকহে নিয়োগ কৰাটো নিশ্চিত কৰিব, সমগ্ৰ ভাৰতীয় ৰে’লৱেত দক্ষতা মূল্যায়নৰ মানকীকৰণ কৰিব, প্ৰমাণপত্ৰৰ ৰিয়েল-টাইম পৰীক্ষণৰ সুবিধা কৰিব, কাৰুকাৰ্য উন্নত কৰিব, মানদণ্ডৰ নিশ্চয়তা শক্তিশালী কৰিব আৰু দেশৰ আন্তঃগাঁথনি খণ্ডত দক্ষতাৰ উন্নীতকৰণক প্ৰসাৰিত কৰিব।
সংস্কাৰ ১৪: নিৰ্মাণ খণ্ডৰ সংস্কাৰ
শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই বছৰৰ আৰম্ভণিতে প্ৰৱৰ্তন কৰা ঠিকাদাৰৰ অৰ্হতা সংস্কাৰৰ সফলতাৰ পিছত, ভাৰতীয় ৰে’লৱেই এতিয়া নিৰ্মাণ পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰিবলৈ আৰু প্ৰকল্প ৰূপায়ণৰ উন্নতি সাধন কৰিবলৈ আন এক বৃহৎ সংস্কাৰ হাতত লৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই সংস্কাৰসমূহৰ উদ্দেশ্য হৈছে গুৰুত্বপূৰ্ণ আৰু সক্ষম ঠিকাদাৰসকলক উৎসাহিত কৰা, নিৰ্মাণৰ মানদণ্ড উন্নত কৰা, বিবাদ হ্ৰাস কৰা আৰু ৰে’ল আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰা।
সংস্কাৰৰ অংশ হিচাপে, চলিত বিলৰ পৰা কর্তন কৰি সংগ্ৰহ কৰাৰ পৰিৱৰ্তে এতিয়া চুক্তিৰ আৰম্ভণিতেই ১০ শতাংশ কাৰ্যক্ষমতা সুৰক্ষা লাভ কৰা হ’ব। ইয়াৰ ফলত কেৱল গুৰুত্বপূৰ্ণ ঠিকাদাৰসকলেহে ৰে’ল প্ৰকল্পত অংশগ্ৰহণ কৰাটো নিশ্চিত হ’ব আৰু ৰূপায়ণৰ সময়ত জবাবদিহিতা শক্তিশালী হ’ব।
গোচৰ-কেন্দ্ৰিক চুক্তি প্ৰথাক নিৰুৎসাহিত কৰিবলৈ অধিক কঠোৰ অৰ্হতাৰ মাপকাঠীও প্ৰৱৰ্তন কৰা হৈছে। যিসকল ঠিকাদাৰৰ অমীমাংসিত গোচৰ তেওঁলোকৰ নিকা সম্পত্তিৰ (net worth) ৫০ শতাংশতকৈ অধিক, তেওঁলোকে ৰে’লৱেৰ নিবিদাত অংশগ্ৰহণ কৰিবলৈ যোগ্য নহ’ব।
এই সংস্কাৰসমূহে প্ৰকল্প ৰূপায়ণৰ সময়ত বিপদাশংকা ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু নিৰ্মাণ সম্পৰ্কীয় বিপদাশংকাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ কন্ট্ৰেক্টৰ অল ৰিস্ক ইনছ্যুৰেঞ্চ আৰু প্ৰফেচনেল ইনডেম্নিটি ইনছ্যুৰেঞ্চ প্ৰৱৰ্তন কৰিছে।
শ্ৰী বৈষ্ণৱে কয় যে ভাৰতীয় ৰে’লৱেই বিবাদ কম কৰিবলৈ আৰু সময়মতে প্ৰকল্প আৰম্ভ কৰাৰ সুবিধাৰ্থে এক স্পষ্টভাৱে সংজ্ঞায়িত আৰু ক্ৰম অনুসৰি ভূমি হস্তান্তৰ প্ৰক্ৰিয়াও প্ৰতিষ্ঠা কৰিছে।
মন্ত্ৰীগৰাকীয়ে ভূমি অধিগ্ৰহণৰ সৰ্বাংগীন ব্যৱস্থাপনাৰ বাবে ক্ৰাইছৰ দ্বাৰা বিকশিত ৱেব-ভিত্তিক প্লেটফৰ্ম ‘ৰে’ল ভূমি’ৰ কথাও উল্লেখ কৰে। এই প্লেটফৰ্মে IRPSM, IPAS আৰু HRMS কে ধৰি বিভিন্ন ৰে’লৱে এপ্লিকেশ্যনসমূহক একত্ৰিত কৰে, যাৰ ফলত তথ্যৰ নিৰৱচ্ছিন্ন আদান-প্ৰদান, ভূমি অধিগ্ৰহণৰ প্ৰধান পৰ্যায়সমূহৰ অনলাইন প্ৰক্ৰিয়াকৰণ, কাৰ্যক্ষম কৰ্মপ্ৰবাহ ব্যৱস্থাপনা আৰু ড্যাশবৰ্ড তথা ব্যৱস্থাপনা তথ্য প্ৰণালীৰ জৰিয়তে ৰিয়েল-টাইম নিৰীক্ষণ সম্ভৱ হয়। এই পৰ্টেলে ভূমি অধিগ্ৰহণ খৰতকীয়া কৰিব, প্ৰকল্প পৰিকল্পনা উন্নত কৰিব আৰু ৰে’ল আন্তঃগাঁথনি কাৰ্যৰ সময়মতে ৰূপায়ণৰ সুবিধা কৰিব বুলি আশা কৰা হৈছে।
সংস্কাৰ ১৫: ৱাগন ডিজাইন অনুমোদনৰ নীতি
আন এক ডাঙৰ গাঁথনিগত সংস্কাৰৰ ওপৰত আলোকপাত কৰি শ্ৰী বৈষ্ণৱে ৱাগন ডিজাইন অনুমোদনৰ বাবে এক নতুন নীতি ঘোষণা কৰে, যাৰ উদ্দেশ্য হৈছে উদ্ভাৱনক প্ৰসাৰিত কৰা আৰু বিশেষ মালবাহী ৱাগন ডিজাইন কৰাত উদ্যোগসমূহৰ অংশগ্ৰহণ সক্ষম কৰা।
মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ ব্যৱস্থাত ৱাগনৰ ডিজাইনসমূহ মূলতঃ ৰিচাৰ্চ ডিজাইনছ এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যনৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল, য’ত বগী, কাপলাৰ আৰু ব্ৰেকিং চিষ্টেমৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ উপাদান নিৰ্ধাৰিত মানদণ্ডৰ ভিতৰতে সীমিত আছিল। ই ডিজাইনৰ নমনীয়তা সীমিত কৰিছিল আৰু উদ্ভাৱনত বাধাৰ সৃষ্টি কৰিছিল।
নতুন নীতিৰ অধীনত, ডিজাইনাৰ, নিৰ্মাতা আৰু উদ্যোগসমূহে নিৰ্দিষ্ট সামগ্ৰী আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ ৱাগন ডিজাইন প্ৰস্তুত আৰু প্ৰস্তাৱ কৰিব পাৰিব।
আৰডিঅছঅয়ে প্ৰস্তাৱিত ডিজাইনটো মূল্যায়ন কৰিব আৰু নীতিগত অনুমোদনৰ পিছত প্ৰট’টাইপ প্ৰস্তুত কৰাৰ অনুমতি দিব। বিতং ডিজাইন, প্ৰট’টাইপ নিৰ্মাণ আৰু কঠোৰ ষ্টেটিক তথা ডাইনামিক পৰীক্ষণৰ পিছত, সুৰক্ষা প্ৰমাণীকৰণ, ৰে’ল সুৰক্ষাৰ মুখ্য আয়ুক্তৰ দ্বাৰা পৰিদৰ্শন আৰু সেৱাত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰে’লৱে বোৰ্ডৰ অনুমোদনৰ পূৰ্বে এটা সম্পূৰ্ণ ৰেকৰ ফিল্ড ট্ৰায়েল (ক্ষেত্ৰভিত্তিক পৰীক্ষণ) কৰা হ’ব।
শ্ৰী বৈষ্ণৱে কয় যে এই নতুন গাঁথনিয়ে তীখা, পেট্ৰ’লিয়াম, ৰাসায়নিক পদাৰ্থ, গাখীৰ, প্লাষ্টিক আৰু কাষ্টমাইজড পৰিবহন সমাধানৰ প্ৰয়োজন হোৱা অন্যান্য উদ্যোগসমূহৰ দৰে খণ্ডৰ বাবে বিশেষ ৱাগনৰ বিকাশ সহজ কৰিব। এই সংস্কাৰে ৱাগন ডিজাইন আৰু নিৰ্মাণৰ বাবে এক নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিব, প্ৰযুক্তিগত উদ্ভাৱনক উৎসাহিত কৰিব আৰু বিভিন্ন খণ্ডত মালবাহী কাৰ্যক্ষমতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
সংস্কাৰ ১৬: পেট্ৰ’লিয়ামজাত সামগ্ৰী পৰিবহন
শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পেট্ৰ’লিয়াম, তেল আৰু লুব্ৰিকেণ্ট সামগ্ৰী পৰিবহনৰ বাবে বিশেষ টেংক ৱাগনৰ প্ৰয়োজন হয়। তেওঁ কয় যে বৰ্তমানৰ ব্যৱস্থা, যাৰ অধীনত ভাৰতীয় ৰে’লৱেই সকলো টেংক ৱাগনৰ মালিৰ্ক আছিল, ই তেল কোম্পানীসমূহৰ বাবে তেওঁলোকৰ পৰিচালনাৰ প্ৰয়োজনীয়তা অনুসৰি বিশেষ ৱাগন প্ৰৱৰ্তন কৰাৰ নমনীয়তা সীমিত কৰিছিল।
এই সমস্যা দূৰ কৰিবলৈ ভাৰতীয় ৰে’লৱেই পেট্ৰ’লিয়াম টেংক ৱাগনৰ ডিজাইন আৰু অন্তৰ্ভুক্তিক নিয়ন্ত্ৰণ কৰা গাঁথনিগত হেঙাৰসমূহ আঁতৰাই পেলাইছে। তেল কোম্পানীসমূহে এতিয়া পোনপটীয়াকৈ বিশেষ ৱাগন ক্ৰয় কৰিব পাৰিব বা লীজিং এজেন্সীৰ জৰিয়তে লীজত ল’ব পাৰিব আৰু বিশেষ প্ৰয়োজনীয়তাৰ বাবে ভাৰতীয় ৰে’লৱে নেটৱৰ্কত ব্যৱহাৰ কৰিব পাৰিব।
মন্ত্ৰীগৰাকীয়ে কয় যে এই সংস্কাৰে বিশেষ টেংক ৱাগন প্ৰৱৰ্তন কৰাত সহায় কৰিব, লজিষ্টিক পৰিকল্পনা উন্নত কৰিব, পৰিবহন ব্যয় হ্ৰাস কৰিব, ৰে’লৰ জৰিয়তে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ অধিক চলাচল বৃদ্ধি কৰিব আৰু পথ পৰিবহনৰ সৈতে জড়িত বিপদাশংকা (সামগ্ৰীৰ লোকচান আৰু ভেজালকে ধৰি) হ্ৰাস কৰিব।
সংস্কাৰ ১৭: খাদ্যশস্য, আটা আৰু দালি পৰিবহন
শ্ৰী বৈষ্ণৱে কয় যে ভাৰতীয় ৰে’লৱেই মালবাহী মাচুল সৰল কৰি আৰু কণ্টেইনাৰাইজড চলাচলক প্ৰসাৰিত কৰি খাদ্যশস্য, আটা আৰু দালি পৰিবহনৰ বাবেও এটা ডাঙৰ সংস্কাৰ আনিছে।
নতুন নীতিৰ অধীনত, পূৰ্বৰ জটিল শ্লেব-ভিত্তিক মালবাহী গাঁথনিটো এটা সৰলীকৃত প্ৰতি টন প্ৰতি কিলোমিটাৰ হাৰৰ গাঁথনিৰ দ্বাৰা সলনি কৰা হৈছে। এই সংস্কাৰে কণ্টেইনাৰৰ জৰিয়তে খাদ্যশস্য, আটা আৰু দালি পৰিবহনৰ অনুমতি দিয়ে, যাৰ ফলত সহজ পৰিচালনা, নমনীয় সংৰক্ষণ আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পৰ্যায়ক্ৰমে বিতৰণ সম্ভৱ হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় কণ্টেইনাৰসমূহ বিক্ৰেতা বা ক্ৰেতাৰ চৌহদত সংৰক্ষণ কৰিব পৰা যাব আৰু গোটেই ৰেকটো আৱদ্ধ নকৰাকৈ চাহিদা অনুসৰি বিতৰণ কৰিব পৰা যাব। যিহেতু কণ্টেইনাৰসমূহ বন্ধ হৈ থাকে, সেয়েহে দূষিত হোৱাৰ সম্ভাৱনা লক্ষণীয়ভাৱে হ্ৰাস পায়, যাৰ ফলত লজিষ্টিক কাৰ্যক্ষমতা বৃদ্ধি পোৱাৰ লগতে খাদ্যশস্য পৰিবহনৰ সুৰক্ষা আৰু মানদণ্ড উন্নত হয়।
সংস্কাৰ এক্সপ্ৰেছ পদক্ষেপৰ অধীনত ভাৰতীয় ৰে’লৱেই পূৰ্বে ৯ টা প্ৰধান গাঁথনিগত সংস্কাৰ ৰূপায়ণ কৰিছিল, যিবোৰৰ ভিতৰত আছিল ধাৰাবাহিকভাৱে চলন্ত ৰে’ল পৰিষ্কাৰ কৰা, গতি শক্তি কাৰ্গ’ টাৰ্মিনেলৰ সম্প্ৰসাৰণ, ৰে’লটেক নীতি আৰু পৰ্টেল, ৰে’লৱে ক্লেইমছ ট্ৰিব্যুনালৰ ডিজিটেলকৰণ, নিমখ আৰু মটৰগাড়ী পৰিবহনৰ বাবে বিশেষ কণ্টেইনাৰ, সাতটা নিৰ্মাণ-মানদণ্ড সংস্কাৰ, সৰলীকৃত টিকট বাতিল আৰু ধন ঘূৰাই পোৱাৰ নিয়ম, আৰু ডিজিটেল পদ্ধতিৰে বৰ্ডিং পইন্ট সলনি কৰা।
শ্ৰী বৈষ্ণৱে কয় যে নতুন সংস্কাৰসমূহে মালবাহী যাতায়তৰ এক বৃহৎ অংশ পথৰ পৰা ৰে’ললৈ স্থানান্তৰ কৰাত সহায় কৰিব, যাৰ ফলত লজিষ্টিক ব্যয় হ্ৰাস পাব আৰু উল্লেখনীয় পৰিৱেশগত লাভালাভ হ’ব। তেওঁ উল্লেখ কৰে যে ৰে’ল পৰিবহনে পথ পৰিবহনতকৈ প্ৰায় ৯০ শতাংশ কম কাৰ্বন নিৰ্গমন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্ত সামগ্ৰীৰ ক্ৰমান্বয়ে কণ্টেইনাৰাইজেশ্যনে পৰম্পৰাগত বৃহৎ কাৰ্গ’ৰ বাহিৰেও ভাৰতীয় ৰে’লৱেৰ মালবাহী তালিকাক বহুমুখী কৰিব আৰু ইয়াৰ মালবাহী ব্যৱসায়িক আৰু অধিক শক্তিশালী কৰিব।
*****
Dharmendra Tewari/ Ritu Raj/ Manik Sharma/DB
(रिलीज़ आईडी: 2284697)
आगंतुक पटल : 5