পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

সাতখন ৰাজ্যত ভাৰ্চুৱেল আউটৰীচ কৰ্মশালাৰ জৰিয়তে পঞ্চায়তসমূহৰ বিত্তীয় স্বাৱলম্বিতাক উদগনি যোগাইছে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে

আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীৰ অধীনত নিজা উৎসৰ ৰাজহৰ মাপকাঠী পূৰণ কৰা পঞ্চায়তসমূহক উদ্ভাৱনীমূলক প্ৰকল্পৰ প্ৰস্তাৱ জমা দিবলৈ আমন্ত্ৰণ

प्रविष्टि तिथि: 14 JUL 2026 6:02PM by PIB Guwahati

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ১৩ আৰু ১৪ জুলাই, ২০২৬ত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীৰ অধীনত ভাৰ্চুৱেল আউটৰীচ কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাত সাতখন ৰাজ্য ক্ৰমে ছত্তীশগড়, পঞ্জাৱ, অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উত্তৰাখণ্ড আৰু হিমাচলপ্ৰদেশৰ অংশগ্ৰহণকাৰীসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাখনে অংশগ্ৰহণকাৰীসকলক বৰ্ধিত নিজা উৎসৰ ৰাজহ (অ’এছআ)ৰ জৰিয়তে বিত্তীয়ভাৱে স্বাৱলম্বী পঞ্চায়তসমূহক শক্তিশালী কৰাৰ বাবে দৃষ্টিভংগী, উদ্দেশ্য আৰু ৰূপায়ণৰ গাঁথনিৰ সৈতে পৰিচিত কৰায়। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক ভৰদ্বাজে অংশগ্ৰহণকাৰীসকললৈ প্ৰেৰণ কৰা তেওঁৰ বাৰ্তাত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক বহনক্ষম ৰাজহৰ উৎস গঢ়ি তুলিবলৈ স্থানীয় সম্পদ আৰু উদ্ভাৱনীমূলক ধাৰণাসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰে যে বিত্তীয়ভাৱে সৱল পঞ্চায়তসমূহেই হৈছে বিকশিত ভাৰতৰ আধাৰ। বিত্তীয় স্বাৱলম্বিতাৰ দিশত আত্মবিশ্বাসী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে পঞ্চায়তসমূহক এনে ধাৰণাসমূহ সফল, স্ব-বহনক্ষম প্ৰকল্পলৈ ৰূপান্তৰিত কৰাত সহায় কৰিবলৈ মন্ত্ৰালয়ে নিৰন্তৰ কাৰিকৰী নিৰ্দেশনা আৰু সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান (আৰজিএছএ)ৰ অধীনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীৰ উদ্দেশ্য হৈছে পঞ্চায়তসমূহৰ নিজা উৎসৰ ৰাজহ শক্তিশালী কৰি বিত্তীয় স্বাৱলম্বিতা বৃদ্ধি কৰা। এই কাৰ্যসূচীৰ অধীনত, এক স্বচ্ছ ৰাষ্ট্ৰীয় প্ৰত্যাহ্বান প্ৰক্ৰিয়াৰ জৰিয়তে, পঞ্চায়তসমূহক স্থানীয় শক্তিৰ ওপৰত প্ৰতিষ্ঠিত উদ্ভাৱনীমূলক ৰাজহ উৎপাদনকাৰী প্ৰকল্পৰ ধাৰণা জমা দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে, যিবোৰে অব্যৱহৃত সম্পত্তি আৰু অপ্ৰকাশিত স্থানীয় সুযোগসমূহক উৎপাদনশীল কামত ব্যৱহাৰ কৰিব পাৰে। নিম্নতম ৫০ লাখ টকাৰ অ’এছআৰ থকা গাঁও পঞ্চায়ত আৰু নিম্নতম ১ কোটি টকাৰ অএছআৰ থকা ব্লক পঞ্চায়তসমূহ, যাৰ কাৰ্যকাল অন্ততঃ তিনি বছৰ বাকী আছে, তেওঁলোকে আবেদন কৰিবলৈ যোগ্য হ’ব। নিৰ্বাচিত প্ৰস্তাৱসমূহে বেংকযোগ্য প্ৰকল্প হিচাপে বিকশিত হ’বলৈ কাৰিকৰী সহায় লাভ কৰিব, যাৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব, কৰ্পোৰেট সামাজিক দায়বদ্ধতা, বেংক বিত্ত আৰু চৰকাৰী আঁচনিসমূহৰ সংমিশ্ৰণৰ জৰিয়তে পুঁজিৰ যোগান ধৰা হ’ব। নাৱাৰ্ড আৰু হাডকো (HUDCO) হৈছে এই কাৰ্যসূচীৰ প্ৰতিষ্ঠানিক অংশীদাৰ, যিয়ে প্ৰকল্প উন্নয়ন আৰু বিত্তীয় সুবিধা প্ৰদানৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। কৰ্মশালাৰ সময়ত অংশগ্ৰহণকাৰীসকলক বহনক্ষম ৰাজহ উৎপাদনৰ বাবে স্থানীয় সুযোগসমূহ চিনাক্ত কৰিবলৈ উৎসাহিত কৰা হয়। এই অধিবেশনসমূহত নাৱাৰ্ড আৰু হাডকোৰ দ্বাৰা উপস্থাপন, কাৰ্যসূচীৰ নীতি-নিৰ্দেশনাৰ এক আভাস, আত্মনিৰ্ভৰ পঞ্চায়ত পৰ্টেলৰ প্ৰত্যক্ষ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰীসকলক কাৰ্যসূচী আৰু ইয়াৰ ৰূপায়ণৰ গাঁথনি সম্পৰ্কে এক ব্যাপক বুজাবুজি লাভ কৰিবলৈ এটা মত বিনিময়মূলক প্ৰশ্নোত্তৰ অনুষ্ঠান অন্তৰ্ভুক্ত আছিল।

ইয়াৰ লগে লগে, পূৰ্বে হায়দৰাবাদ (তেলেংগানা, ২ মে’ ২০২৬), গান্ধীনগৰ (গুজৰাট, ৯ জুন ২০২৬) আৰু কোচি (কেৰালা, ৭ জুলাই ২০২৬) ত অনুষ্ঠিত মুখামুখি আৰু উচ্চ পৰ্যায়ৰ কৰ্মশালাৰ পিছত, এতিয়া দেশৰ ১০খন ৰাজ্যলৈ আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীৰ পৰিসৰ সম্প্ৰসাৰিত হ’ল। বৰ্তমান ১০খন ৰাজ্য ক্ৰমে তেলেংগানা, গুজৰাট, কেৰালা, ছত্তীশগড়, পঞ্জাৱ, অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশলৈ এই কাৰ্যসূচী সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত, মন্ত্ৰালয়ে দেশৰ যোগ্য পঞ্চায়তসমূহক এই সুযোগ গ্ৰহণ কৰিবলৈ আৰু বিকশিত ভাৰতৰ বাবে এক বিত্তীয়ভাৱে স্বাৱলম্বী, আত্মনিৰ্ভৰ পঞ্চায়ত গঢ়ি তোলাৰ আন্দোলনত যোগদান কৰিবলৈ তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণাসমূহ লৈ আগবাঢ়ি আহিবলৈ আমন্ত্ৰণ জনাইছে।

 

***

AA/DB


(रिलीज़ आईडी: 2284682) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali-TR , Gujarati