গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত জয়প্ৰকাশ নাৰায়ণ পুথিভঁৰাল উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ প্ৰতি উৎসৰ্গিত এই পুথিভঁৰালটোৱে যুৱ প্ৰজন্মৰ বাবে জ্ঞান আৰু বৌদ্ধিক বিকাশৰ এক নতুন কেন্দ্ৰ হিচাপে কাম কৰিব

এখন দেশৰ ভৱিষ্যত কেৱল কৃষি, বজাৰ বা উদ্যোগৰ দ্বাৰা গঢ় নলয়, বৰঞ্চ ইয়াৰ পুথিভঁৰালত গোট খোৱা যুৱক-যুৱতীৰ ভিৰেও সেয়া নিৰ্ধাৰণ কৰে

জ্ঞান আৰু প্ৰজ্ঞাই হৈছে এখন দেশ গঢ়ি তোলা তথা উন্নীত কৰি তোলাৰ প্ৰচেষ্টাৰ ভেটি , পুথিভঁৰাল হৈছে সেইবোৰক লালন-পালন কৰিবলৈ সৰ্বোত্তমভাৱে সজ্জিত প্ৰতিষ্ঠান

কথা কোৱাৰ আগতে চিন্তা কৰা উচিত আৰু চিন্তা কৰাৰ আগতে পঢ়া উচিত। এনে মূল্যবোধৰ কৰ্ষণ কেৱল পুথিভঁৰালৰ জৰিয়তেহে কৰিব পাৰি

গৃহমন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলক পুথিভঁৰালৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আহ্বান জনাই কয় যে এবাৰ অধ্যয়নক অভ্যাসত পৰিণত কৰিব পাৰিলেই শুদ্ধ আৰু ভুলৰ পাৰ্থক্য নিৰ্ধাৰণৰ ক্ষমতা স্বাভাৱিকভাৱে গঢ় লৈ উঠে

১ কোটি বিনামূলীয়া ই-বুকেৰে সজ্জিত এই পুথিভঁৰালটোৱে পাঠকসকলক শুনি থকা কথাৰ ওপৰত নিৰ্ভৰ নকৰি, তেওঁলোকৰ আগ্ৰহৰ বিষয়সমূহ গভীৰভাৱে অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব

দিল্লী চৰকাৰে সমগ্ৰ চহৰৰ সকলো পুথিভঁৰাল একত্ৰিত কৰি, বিদ্যালয়ৰ সৈতে সংযোগ কৰি পুথিভঁৰালৰ পৰিৱেশ তন্ত্ৰক অধিক চহকী আৰু অধিক সুলভ কৰি তুলিব লাগে,ৰামধাৰী সিং ‘দিনকৰ’ৰ ৰচনা নপঢ়াকৈ ভাৰতৰ আত্মা, ইয়াৰ সংস্কৃতি, আত্মসন্মান, সংগ্ৰাম সঁচা অৰ্থত বুজিব নোৱাৰি আৰু সেই উদ্দেশ্য সফল কৰিবলৈ পুথিভঁৰালবোৰ আটাইতকৈ শক্তিশালী মাধ্যম হ’ব পাৰে

লোকনায়ক জয়প্ৰকাশ নাৰায়ণে তদানীন্তন প্ৰধানমন্ত্ৰীৰ ক্ষমতাৰ লোভ আৰু জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সাহসেৰে বিৰোধিতা কৰিছিল আৰু বিহাৰৰ গান্ধী ময়দানৰ পৰাই সমগ্ৰ দেশক "সম্পূৰ্ণ ক্ৰান্তি"ৰ ঐতিহাসিক আহ্বান জনাইছিল
জৰুৰীকালীন অৱস্থাৰ সময়ত যেতিয়া বিৰোধী নেতাসকলক কাৰাগাৰত বন্দী কৰা হৈছিল, বাতৰি কাকত চেঞ্চৰ কৰা হৈছিল, তেতিয়া জয় প্ৰকাশৰ শ্লোগানটোৱেই হৈ পৰিছিল একমাত্ৰ আশাৰ ৰেঙনি

এই আন্দোলনৰ ফলত অৱশেষত পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত ৰায়বৰেলীৰ পৰা তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে পৰাজয় বৰণ কৰে
গান্ধীনগৰৰ প্ৰতিখন গাঁৱতে এটা পুথিভঁৰাল স্থাপন কৰি কেন্দ্ৰীয় পুথিভঁৰাল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে; আজি যদি কোনো গাঁৱৰ কোনো শিশুৱে স্থানীয় পুথিভঁৰালত কোনো বিশেষ কিতাপৰ বাবে অনুৰোধ কৰে, তেন্তে সেই কিতাপখন গাঁৱতে উপলব্ধ কৰা হয়

प्रविष्टि तिथि: 11 JUL 2026 3:31PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত জয়প্ৰকাশ নাৰায়ণ পুথিভঁৰাল উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, দিল্লী চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত পৰ্বেশ ভাৰ্মা, নতুন দিল্লী পৌৰ পৰিষদৰ অধ্যক্ষ শ্ৰীযুত কেশৱ চন্দ্ৰকে ধৰি কেইবাগৰাকীও  বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

WhatsApp Image 2026-07-11 at 15.12.05.jpeg

উদ্বোধনী অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে এজন মহান চিন্তাবিদে এবাৰ মন্তব্য কৰিছিল যে এখন দেশৰ বজাৰত থকা ভিৰ বা ইয়াৰ উদ্যোগৰ সংখ্যাৰ দ্বাৰা দেশ খনৰ ভৱিষ্যতৰ মূল্যায়ন কৰিব নোৱাৰি। বৰঞ্চ ইয়াৰ পুথিভঁৰালত অধ্যয়ন কৰা যুৱক-যুৱতীৰ সংখ্যাৰ দ্বাৰা ইয়াক  জুখিব পাৰি। তেওঁ কয় যে জ্ঞান আৰু প্ৰজ্ঞাই সকলো কাৰ্য্যকলাপৰ ভেটি গঠন কৰে , যিয়ে এখন দেশক আগুৱাই লৈ যায়, দেশ  গঠনত অৰিহণা যোগায় আৰু ইয়াক সমৃদ্ধিৰ দিশলৈ লৈ যায়। তেওঁ লগতে কয় যে এনে জ্ঞান সঁচাকৈয়ে পুথিভঁৰালৰ জৰিয়তেহে প্ৰদান কৰিব পাৰি।

WhatsApp Image 2026-07-11 at 15.13.49.jpeg

শ্ৰী অমিত শ্বাহে নৱ প্ৰজন্মক আহ্বান জনায় যে এবাৰ হ’লেও পুথিভঁৰাল এটাৰ লগত নিজকে জড়িত কৰাটো অভ্যাস কৰি লোৱা উচিত। তেওঁ কয় যে পুথিভঁৰাল এটাৰ সৈতে জড়িত হৈ থাকিলে মানুহৰ ব্যক্তিত্বত এক উল্লেখযোগ্য পৰিশোধন ঘটে। নিজৰ অভিজ্ঞতা ব্যক্ত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যিখন সৰু চহৰত তেওঁ জন্মগ্ৰহণ কৰি শৈশৱ কটাইছিল , সেইখন সৰু চহৰত আছিল  এটা  সুসজ্জিত পুথিভঁৰাল। তেওঁ কয়  যে সেই পুথিভঁৰালটোৰ সৈতে তেওঁৰ সম্পৰ্কই তেওঁৰ জীৱনত এক গভীৰ পৰিৱৰ্তন আনিছিল। তেওঁ কয় যে কিতাপ পঢ়ি থাকোঁতে তেওঁ ক্ৰমান্বয়ে নিজকে গম নোপোৱাকৈয়ে বেদ আৰু উপনিষদ অধ্যয়নৰ বাবে আকৃষ্ট হৈছিল। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি তেওঁ প্ৰেক্ষাগৃহত লিখা এটা বাক্য  লক্ষ্য কৰিছে- “কোৱাৰ  আগতে চিন্তা কৰা উচিত, কাৰণ বাক্য  কেতিয়াও ঘূৰি নাহে।” তেওঁ কয়  যে কথা কোৱাৰ আগতে সদায় চিন্তা কৰিব লাগে, আৰু   কি ভাবিব লাগে জানিবলৈ প্ৰথমে পঢ়িব লাগিব—আৰু এনে সুযোগ  পুথিভঁৰালৰ জৰিয়তেহে লাভ কৰিব পাৰি।

WhatsApp Image 2026-07-11 at 15.18.01.jpeg

শ্ৰী অমিত শ্বাহে কয় যে তেওঁৰ জীৱন গঢ় দিয়াত পুথিভঁৰালসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। তেওঁ কয়  যে তেওঁ নিজৰ সংসদীয় সমষ্টিত এটা সৰু পদক্ষেপ গ্ৰহণ কৰিছে, য’ত প্ৰায় প্ৰতিখন গাঁৱতে এটা পুথিভঁৰাল স্থাপন কৰা হৈছে, প্ৰতিটোতে  প্ৰায় ৩,০০০ৰ পৰা ৪,০০০খন কিতাপ আছে। এই পুথিভঁৰালসমূহ এটা কেন্দ্ৰীয় পুথিভঁৰালৰ সৈতে সংযুক্ত হৈ আছে , য’ত ১.২৫ লাখৰো অধিক কিতাপৰ সংগ্ৰহ আছে। ইয়াৰ উপৰি  চাৰিখন  ভ্ৰাম্যমাণ পুথিভঁৰাল ভেনো  আছে। তেওঁ কয় যে গাঁৱৰ শিশুসকলে পুথিভঁৰালত  শিৰোনাম লিখি নিজৰ পছন্দৰ যিকোনো কিতাপৰ বাবে  অনুৰোধ কৰিব পাৰে আৰু প্ৰতি শুকুৰবাৰে অনুৰোধ কৰা কিতাপসমূহ নিজ নিজ গাঁৱলৈ প্ৰেৰণ কৰা হয়। তেওঁ লগতে কয় যে প্ৰতিটো পুথিভঁৰালক বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টাও গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী চৰকাৰক সমগ্ৰ চহৰৰ সকলো পুথিভঁৰাল আন্তঃসংযোগ কৰি বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে গ্ৰন্থপ্ৰেমীসকলক পুথিভঁৰালৰ সৈতে জড়িত হ’বলৈ উৎসাহিত কৰিবলৈ এক সুনিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। তেওঁ জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা পুথিভঁৰালৰ কৰ্মচাৰীসকলক নতুন দিল্লীৰ আশে-পাশে থকা দহটা বিধানসভা সমষ্টিৰ সকলো বিদ্যালয়লৈ সহায়ৰ হাত আগবঢ়াবলৈ, যুৱক-যুৱতীসকলক পুথিভঁৰালৰ সৈতে সংযোগ কৰিবলৈ আৰু তেওঁলোকক পুথিভঁৰাললৈ যোৱাৰ বাবে প্ৰেৰণা যোগাবলৈ আহ্বান জনায়। তেওঁ কয় যে যুৱক-যুৱতীসকলে এবাৰ পঢ়াৰ অভ্যাস গঢ়ি তুলিলে তেওঁলোকে পিছলৈয়ো সেই অভ্যাস অব্যাহত ৰাখিব পাৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পুথিভঁৰাল এটাই জ্ঞানৰ বিশাল সাগৰত ডুব যোৱাৰ সাহস দিয়ে আৰু ইয়াৰ গভীৰতাত লুকাই থকা মুকুতা তথা  ৰত্নবোৰ তুলি অনাৰ বাবে মানুহক অনুপ্ৰাণিত কৰে। তেওঁ কয় যে জ্ঞানৰ সন্ধানত আৱিষ্কাৰ কৰা এই মুকুতা আৰু প্ৰজ্ঞাৰ ৰত্নবোৰে ব্যক্তিৰ ব্যক্তিত্বক পৰিশোধন কৰে, দেশক আগুৱাই লৈ যায় আৰু দেশখনক সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল, সংস্কৃতিৱান, শিক্ষিত তথা নিৰাপদ কৰি তোলাত সহায় কৰে। তেওঁ লগতে কয় যে দেশৰ যুৱক-যুৱতীসকলে সাহিত্যিক ৰামধাৰী  সিং ‘দিনকৰ’ৰ ৰচনা নপঢ়ালৈকে তেওঁলোকে ভাৰতক সঁচা অৰ্থত বুজিব নোৱাৰে আৰু পুথিভঁৰালসমূহে এনে বহু মহান ব্যক্তিত্বৰ বিষয়ে জানিবলৈ এক দুৱাৰ মুকলি কৰি দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা পুথিভঁৰালত ৩২ হাজাৰৰো অধিক গ্ৰন্থৰ সংকলন আছে। এই পুথিভঁৰালটোত গৱেষকৰ বাবে বিশেষ  সুবিধা, আধুনিক বহুমুখী প্ৰেক্ষাগৃহ, সমসাময়িক পঠন ক্ষেত্ৰ, শিশু অঞ্চল, গৱেষণা কেন্দ্ৰ, এক কোটি অনলাইন কিতাপৰ সুবিধা প্ৰদান কৰা ই-লাইব্ৰেৰী আদি আছে। সমগ্ৰ লাইব্ৰেৰীতে বিনামূলীয়া ৱাই-ফাই উপলব্ধ। কেইবাটাও মনিটৰো ইনষ্টল কৰা হৈছে, যাৰ ফলত দৰ্শকে টোকা লিখি ল'ব পাৰে, সমল ডাউনলোড কৰিব পাৰে আৰু অধ্যয়ন কৰাৰ সময়ত তেওঁলোকৰ ধাৰণাসমূহ অধিক বিকশিত কৰিব পাৰে। তেওঁ কয় যে পুথিভঁৰালটোত অত্যাধুনিক আৰ এফ আই ডি ভিত্তিক কিতাপ ব্যৱস্থাপনা ব্যৱস্থা আছে। অপিএচি (OPAC- Online Public Access Catalogue)ৰ জৰিয়তে ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ সৈতেও সংযোগ কৰা হ’ব।

শ্ৰী অমিত শ্বাহে যুৱক-যুৱতীসকলক তেওঁলোকৰ আগ্ৰহৰ বিষয় বাছি ল’বলৈ আৰু সেই ক্ষেত্ৰসমূহৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বিশিষ্ট ব্যক্তিসকলৰ কৰ্মৰাজি অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে। তেওঁ উল্লেখ কৰে যে এই পুথিভঁৰালটোৱে এক কোটি ই-বুকৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত দিল্লীৰ যুৱক-যুৱতীসকলে এক কোটি ই-বুক আৰু ৩২ হাজাৰৰো অধিক  কিতাপ বিনামূলীয়াকৈ লাভ কৰাৰ এক  সুযোগ  আহি পৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে জয়প্ৰকাশ নাৰায়ণ (জেপি) এজন দূৰদৰ্শী চিন্তাবিদ আৰু বিপ্লৱী আছিল , যিয়ে গোটেই জীৱন বৈচিত্ৰ্যময় মতাদৰ্শক আঁকোৱালি লৈছিল আৰু প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ ভাৰত ত্যাগ আন্দোলনৰ অন্যতম আগশাৰীৰ ব্যক্তি আছিল। স্বাধীনতাৰ পিছত তেওঁ চৰকাৰত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল। পাছলৈ তেওঁ সমাজবাদক আঁকোৱালি লৈ সমাজবাদী কংগ্ৰেছ প্ৰতিষ্ঠা কৰি বিনোৱা ভাবেৰ ভূ-দান আন্দোলন আৰু সৰ্বোদয়ৰ দৰ্শন দেশৰ গাঁৱে-ভূঞে বিয়পোৱাৰ কাম কৰিছিল। তেওঁ চম্বাল অঞ্চলৰ ২০০ৰো অধিক ডকাইতকো  আত্মসমৰ্পণ বুজনি দিছিল। ।

WhatsApp Image 2026-07-11 at 15.15.28.jpeg

শ্ৰী শ্বাহে কয় যে জৰুৰীকালীন অৱস্থাৰ  সময়ত জে পিয়ে তদানীন্তন প্ৰধানমন্ত্ৰীৰ কেতবোৰ  কাৰ্যকলাপৰ  দৃঢ় বিৰোধিতা কৰিছিল, বিহাৰ আৰু গুজৰাটত ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিছিল আৰু সম্পূৰ্ণ ক্ৰান্তিৰ আহ্বান জনাইছিল।

তেওঁ উল্লেখ কৰে যে জৰুৰীকালীন অৱস্থাত জে পি, অটলজী, আদৱানী জী আৰু আন হাজাৰ হাজাৰ নেতাক কাৰাগাৰত বন্দী কৰা হৈছিল। এই সময়ছোৱাতে ৰামধাৰী সিং 'দিনকৰ'ৰ দ্বাৰা ৰচনা কৰা শ্লোগান—"আন্ধেৰে মে এক প্ৰকাশ, জয়প্ৰকাশ"— সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছিল। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ৰায়বৰেলীৰ পৰা পৰাজিত হৈছিল  আৰু প্ৰথমবাৰৰ বাবে দেশত অ-কংগ্ৰেছী চৰকাৰ ক্ষমতালৈ আহিছিল।

গৃহমন্ত্ৰীয়ে দিল্লীৰ সকলো কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীক জ্ঞানৰ পিয়াহ দূৰ কৰাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰা জয়প্ৰকাশ নাৰায়ণ পুথিভঁৰালৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ যুৱক-যুৱতীসকলক পুথিভঁৰালৰ জৰিয়তে নিজৰ জীৱন সমৃদ্ধ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাত অৰিহণা যোগাবলৈও আহ্বান জনায়।

****

RK/PR/PS/DM


(रिलीज़ आईडी: 2284387) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Kannada