ক'অপাৰেশ্বন মন্ত্ৰালয়
১৩ জুলাইত গুজৰাটৰ দহেগমত এ পি এম চিৰ অমৃত মহোৎসৱ অনুষ্ঠানৰ সময়তে নতুন শাক-পাচলিৰ ছাব-য়াৰ্ড উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
শ্ৰী অমিত শ্বাহে ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত গছপুলি ৰোপণ কৰাৰ লগতে অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা এখন স্মাৰক গ্ৰন্থও উন্মোচন কৰিব
प्रविष्टि तिथि:
12 JUL 2026 4:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “সহকাৰ ছে সমৃদ্ধি” নীতিৰৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত চলি থকা বিভিন্ন পদক্ষেপৰ ফলত দেশৰ সমবায় খণ্ডই কৃষকৰ সমৃদ্ধি সুনিশ্চিত, কৃষি বিপণন আধুনিকীকৰণ আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ দিশত অহৰহ অৱদান আগবঢ়াইছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ১৩ জুলাই, ২০২৬ত গুজৰাটৰ গান্ধীনগৰ জিলাৰ দহেগামত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতি—এ পি এম চি—ৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি নতুন শাক-পাচলিৰ ছাব য়াৰ্ড উদ্বোধন কৰিব। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, দহেগাম এ পি এম চিৰ অধ্যক্ষ শ্ৰীযুত সুমেৰু আমিন, সমবায় প্ৰতিনিধি, এ পি এম চিৰ সদস্য আৰু আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
এই কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত গছপুলি ৰোপণ কৰাৰ লগতে এ পি এম চিয়ে নিৰ্মাণ কৰা নতুন শাক-পাচলিৰ ছাব-য়াৰ্ড খনো উদ্বোধন কৰিব।
শ্ৰী অমিত শ্বাহে এ পি এম চিৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰিব। এই কাৰ্যসূচীৰ সময়ত তেওঁ দহেগাম এ পি এম চি ব’ৰ্ডৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব।
****
AK/DM
(रिलीज़ आईडी: 2284037)
आगंतुक पटल : 7