গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ আহমেদাবাদ পৌৰ নিগম, স্বেচ্ছাসেৱকসকল আৰু গান্ধীনগৰ লোকসভা সমষ্টিৰ জনসাধাৰণক মিয়াৱাকি পদ্ধতিত এঘণ্টাৰ ভিতৰত লাখ লাখ গছপুলি ৰোপণ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰাৰ বাবে অভিনন্দন
গান্ধীনগৰ লোকসভা সমষ্টিত মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি এঘণ্টাৰ ভিতৰত এক লাখতকৈও অধিক গছপুলি ৰোপণ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি
গণ গছপুলি ৰোপণ অভিযানৰ অধীনত গান্ধীনগৰ লোকসভা সমষ্টিৰ জনসাধাৰণে ৰোপণ কৰে এক কোটি ২৬ লাখতকৈও অধিক গছপুলি
এই অভিযানৰ অধীনত নাগৰিকসকলৰ ৪০৪ টা ৰাজহুৱা স্থানত ১ কোটিৰো অধিক আৰু ব্যক্তিগত পৰিসৰত ১১ লাখৰো অধিক গছপুলি ৰোপণ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 'এক পেড় মা কে নাম' অভিযানে পৰিৱেশ সংৰক্ষণক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাত পালন কৰিছে এক গুৰুত্বপূৰ্ণ ভূমিকা
प्रविष्टि तिथि:
12 JUL 2026 7:59PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী তথা গান্ধীনগৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী অমিত শ্বাহে আজি আহমেদাবাদ পৌৰ নিগম, অভিযানটোৰ সৈতে জড়িত ২৫,০০০ ৰো অধিক স্বেচ্ছাসেৱক আৰু গান্ধীনগৰ লোকসভা সমষ্টিৰ জনসাধাৰণক মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি মাত্ৰ এঘণ্টাৰ ভিতৰতে ৩.৬১ লাখতকৈ অধিক গছপুলি ৰোপণ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিৱেশ সংৰক্ষণ বিষয়টোৱে আজি জন আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। 'এক পেড় মা কে নাম' অভিযানে সমগ্ৰ দেশৰ কোটি কোটি নাগৰিকক প্ৰকৃতি সুৰক্ষাৰ এই মহান অভিযানৰ সৈতে সংযোগ কৰিছে। তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰি এই আন্দোলনত নতুন শক্তি প্ৰয়োগ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে মিয়াৱাকি কৌশলৰ জৰিয়তে মাত্ৰ এঘণ্টাৰ ভিতৰতে ৩.৬১লাখতকৈও অধিক গছপুলি ৰোপণ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰাটো জনসাধাৰণৰ অংশগ্ৰহণ, নিখুঁত পৰিকল্পনা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সমাজৰ দায়বদ্ধতাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ আহমেদাবাদ পৌৰ নিগম, এই অভিযানৰ সৈতে জড়িত সকলো বিভাগ, স্বেচ্ছাসেৱী সংগঠন ২৫ হাজাৰতকৈও অধিক স্বেচ্ছাসেৱক আৰু সমষ্টিৰ জনসাধাৰণক অভিনন্দন জনাই এই উল্লেখযোগ্য সাফল্যত তেওঁলোকৰ অমূল্য অৱদানক প্ৰশংসা কৰে।
গান্ধীনগৰৰ জনসাধাৰণে সমগ্ৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ গণ গছপুলি ৰোপণ অভিযানৰ অধীনত ১.২৬ কোটিতকৈও অধিক গছপুলি ৰোপণ কৰে। ইয়াৰ ভিতৰত, ৪০৪ টা ৰাজহুৱা স্থানত গছ ৰোপণ কৰাৰ উপৰি নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিগত পৰিসৰত ১১ লাখতকৈও অধিক গছপুলি ৰোপণ কৰে। ৰাজহুৱা স্থানত, সানন্দ বিধানসভা সমষ্টিৰ ১৮৬ টা স্থানত ৫৩,৬৪,৫০৪ টা, গান্ধীনগৰ উত্তৰ বিধানসভা সমষ্টিৰ ৯৭ টা স্থানত ১৮,০৯,৮৫০, কালোল বিধানসভা সমষ্টিৰ ৭৭টা স্থানত ১৬,৬৪,৬৭৫, ঘাটলোদিয়া বিধানসভা সমষ্টিৰ ১৮টা স্থানত ৮,৩২,৩৭০ টা, বেজলপুৰ বিধানসভা সমষ্টিৰ ১০ টা স্থানত ১৭,৫৪,০০০ টা আৰু সবৰমতী বিধানসভা সমষ্টিৰ ৬টা স্থানত ৮২,৩১৪ টা ৰোপণ কৰা হয়। এই ব্যাপক প্ৰচাৰ অভিযানে জন অংশগ্ৰহণৰ দ্বাৰা পৰিচালিত পৰিৱেশ সংৰক্ষণৰ এক দৃষ্টান্তমূলক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "প্ৰকৃতিৰ সৈতে প্ৰগতি" আৰু বহনক্ষম উন্নয়নৰ দৃষ্টিভংগী গান্ধীনগৰ লোকসভা অঞ্চলত অক্সিজেন পাৰ্কৰ উন্নয়ন, বৃহৎ পৰিমাণৰ গছপুলি ৰোপণ, পুখুৰীৰ পুনৰুদ্ধাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে উৎসর্গীকৃত বিভিন্ন ৰাজহুৱা অভিযানৰ জৰিয়তে বাস্তৱলৈ ৰূপান্তৰিত কৰা হৈছে। তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টি আজি পৰিৱেশ সুৰক্ষা আৰু সেউজ উন্নয়নৰ ক্ষেত্ৰত দেশৰ বাবে এক অনুপ্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে গছপুলি ৰোপণৰ দায়িত্ব কেৱল গছ ৰোপণৰ সৈতেই শেষ নহয়; সেইবোৰৰ সুৰক্ষা আৰু লালন-পালনো সমানেই গুৰুত্বপূৰ্ণ। তেওঁ সকলো নাগৰিকক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'এক পেড় মা কে নাম' অভিযানত যোগদান কৰি অধিক গছপুলি ৰোপণ কৰিবলৈ আৰু তেওঁলোকে ৰোপণ কৰা গছ-গছনিৰ যত্ন লোৱাৰ দায়িত্ব ল'বলৈ আহ্বান জনায়। তেওঁ আস্থা প্ৰকাশ কৰে যে জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰা পৰিচালিত এনে প্ৰচাৰ অভিযানসমূহে ভৱিষ্যত প্ৰজন্মৰ বাবে এক পৰিষ্কাৰ, সেউজ আৰু সন্তুলিত পৰিৱেশ নিশ্চিত কৰাৰ লগতে এক বিকশিত ভাৰত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকিব।
***
RK/RR/PR/PS/DD
(रिलीज़ आईडी: 2284023)
आगंतुक पटल : 14