প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এক ক্ৰীড়া অনুষ্ঠানৰ বাবে মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 JUL 2026 8:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-অষ্ট্ৰেলিয়া ক্ৰীড়া সম্পৰ্ক উদযাপন কৰা এক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু ভিক্টোৰিয়াৰ প্ৰধান জেচিন্টা এলেনৰ সৈতে মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভ্ৰমণ কৰে। ষ্টিভ ৱ’ আৰু লিজা স্থালেকাৰকে ধৰি অষ্ট্ৰেলিয়াৰ কেইবাগৰাকীও ক্ৰীড়া কিংবদন্তি অনুষ্ঠানত উপস্থিত আছিল। এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তম্ভ হিচাপে ক্ৰীড়া, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজৰ বৰ্ধিত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে ভাৰত-অষ্ট্ৰেলিয়া ক্ৰীড়া সহযোগিতা ৰূপৰেখা মুকলি কৰে, যি ক্ৰীড়া প্ৰশিক্ষণ আৰু সামৰ্থ্য নিৰ্মাণ, ক্ৰীড়া বিজ্ঞান আৰু প্ৰযুক্তি, ক্ৰীড়া উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব। তদুপৰি ই ভাৰত-অষ্ট্ৰেলিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ আয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দুয়োগৰাকী নেতাই ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি পোৱা সহযোগিতাক আদৰণি জনায়।
উপস্থিতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক একত্ৰিত কৰাত ক্ৰীড়াৰ অনন্য ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু উল্লেখ কৰে যে এই ৰূপৰেখাই দুয়োখন দেশৰ ক্ৰীড়া অংশীদাৰিত্বত বৈচিত্ৰতা আনিবলৈ সক্ষম কৰিব। তেওঁ ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ মহিলা দলটোক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু অষ্ট্ৰেলিয়াই একেলগে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত এক গুৰুত্বপূৰ্ণ দশকত প্ৰৱেশ কৰিছে, য’ত ভাৰতে ২০৩০ চনত কমনৱেলথ গেমছ আৰু ২০৩২ চনত অষ্ট্ৰেলিয়াই ব্ৰিছবেন অলিম্পিক আয়োজন কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই উন্নয়নসমূহে ক্ৰীড়া আৰু আনুষংগিক উদ্যোগসমূহত ঘনিষ্ঠ দ্বিপাক্ষিক সহযোগিতাৰ বাবে স্বাভাৱিক সুযোগ সৃষ্টি কৰে।
এই ভ্ৰমণকালত নেতাকেইগৰাকীয়ে কাবাদী, অষ্ট্ৰেলিয়ান ফুটবল আৰু প্ৰদৰ্শনীমূলক ক্ৰিকেট খেলত অংশগ্ৰহণ কৰা যুৱ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে।
এই ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰীড়া আৰু জনসাধাৰণৰ মাজৰ উজ্জীৱিত সম্পৰ্ক প্ৰদৰ্শন কৰে।
***
MJPS/SS/ST/HS
(रिलीज़ आईडी: 2283214)
आगंतुक पटल : 12