প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ

प्रविष्टि तिथि: 09 JUL 2026 12:35PM by PIB Guwahati

 

ক্ৰমিক নং

শীৰ্ষক

চমু বিৱৰণ

প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় যুটীয়া ঘোষণা পত্ৰ

২০০৯ চনৰ সুৰক্ষা সম্পৰ্কীয় যুটীয়া ঘোষণা পত্ৰখন নৱীকৰণ কৰে। ই সশস্ত্ৰ বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা, ক্ষমতা বৃদ্ধি, সামুদ্ৰিক ক্ষেত্ৰ, প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, চাইবাৰ নিৰাপত্তা আৰু প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী অভিযান, দুৰ্যোগ প্ৰশমন আৰু সাহায্য তথা ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্মিলন, আছিয়ান, পেচিফিক আইলেণ্ড ফ’ৰাম আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনত একত্ৰিত দৃষ্টিভংগীক সহযোগিতাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে।

সামুদ্ৰিক নিৰাপত্তা সহযোগিতাৰ ৰোডমেপ

তথ্যৰ আদান-প্ৰদা, ক্ষমতাৰ বিকাশ আৰু কাৰ্যক্ষম সমন্বয় বৃদ্ধিৰ জৰিয়তে সামুদ্ৰিক নিৰাপত্তা সহযোগিতা শক্তিশালী কৰে।

শক্তি নিৰাপত্তা সম্পৰ্কীয় ভাৰত-অষ্ট্ৰেলিয়া যৌথ বিবৃতি

ভূ-ৰাজনৈতিক উত্তেজনাৰ সন্মুখীন হৈ শক্তি সুৰক্ষাৰ প্ৰতি দুয়োখন দেশৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

ভাৰত-অষ্ট্ৰেলিয়া অসামৰিক পাৰমাণৱিক চুক্তিৰ প্ৰশাসনিক ব্যৱস্থা চূড়ান্তকৰণ

২০১৪ চনত স্বাক্ষৰিত ভাৰত-অষ্ট্ৰেলিয়া অসামৰিক পাৰমাণৱিক চুক্তিক কাৰ্যক্ষম কৰি তোলে আৰু অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ ইউৰেনিয়াম যোগান ধৰাটো সম্ভৱ কৰি তোলে।

চাইবাৰ, গুৰুত্বপূৰ্ণ প্ৰযুক্তি আৰু যোগান শৃংখলৰ বাবে অষ্ট্ৰেলিয়া-ভাৰত অংশীদাৰিত্ব

২০২০ চনৰ চাইবাৰ আৰু চাইবাৰ চালিত গুৰুত্বপূৰ্ণ প্ৰযুক্তি সহযোগিতা সম্পৰ্কীয় গাঁথনিগত ব্যৱস্থাৰ ভিত্তিত ইয়াক গঢ়ি তোলা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক নিৰাপত্তাক সমৰ্থন কৰা, গুৰুত্বপূৰ্ণ যোগান শৃংখলসমূহক অধিক সহনশীল কৰাৰ বাবে সহযোগিতাক প্ৰসাৰিত কৰা আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, চাইবাৰ নিৰাপত্তা তথা ডিজিটেল সহনশীলতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা।

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু অষ্ট্ৰেলিয়াৰ মেৰিটাইম বৰ্ডাৰ কমাণ্ডৰ মাজত বুজাবুজিৰ চুক্তি

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু অষ্ট্ৰেলিয়াৰ মেৰিটাইম বৰ্ডাৰ কমাণ্ডৰ মাজত সামুদ্ৰিক আইন বলবৎকৰণ, ক্ষেত্ৰভিত্তিক সজাগতা আৰু সামুদ্ৰিক সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা স্থাপন কৰে।

২০২৮-২৯ চনৰ বাবে অষ্ট্ৰেলিয়ান ডিফেন্স কলেজত এজন ভাৰতীয় সামৰিক প্ৰশিক্ষকৰ বাবে অষ্ট্ৰেলিয়াৰ আমন্ত্ৰণ

২০২৮-২৯ চনত অষ্ট্ৰেলিয়ান ডিফেন্স কলেজত এজন ভাৰতীয় সামৰিক প্ৰশিক্ষক নিয়োগ কৰাৰ কথা ঘোষণা কৰে

খনি আৰু খনি সঁজুলি, প্ৰযুক্তি তথা সেৱা খণ্ডত এটা উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে দক্ষতা বিকাশ আৰু উদ্যোগশিলতা মন্ত্ৰালয় আৰু পশ্চিম অষ্ট্ৰেলিয়া চৰকাৰৰ কাৰিকৰী আৰু অতিৰিক্ত শিক্ষা প্ৰতিষ্ঠানৰ মাজত বুজাবুজিৰ চুক্তি

খনন কাৰ্য্যকলাপ, খনিৰ সুৰক্ষা, খনিজ প্ৰক্ৰিয়াকৰণ, খনিৰ যন্ত্ৰপাতি আদিৰ উপ-ডমেইনসমূহত শৈক্ষিক উৎকৰ্ষতাৰ কেন্দ্ৰ গঢ়ি তুলিবলৈ নেচনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট (এন এছ টি আই), ভুৱনেশ্বৰত খনন সঁজুলি, প্ৰযুক্তি আৰু সেৱাৰ উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰে।

ভাৰতত (বেংগালুৰু) কেম্পাছ স্থাপনৰ বাবে ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ক আগ্ৰহ পত্ৰ  প্ৰদান কৰা

বেংগালুৰুত ফ্লিন্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপন কৰাটো সম্ভৱ কৰি তোলে।

১০

ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ আৰু অষ্ট্ৰেলিয়ান স্কিলছ কোৱালিটি অথৰিটীৰ মাজত সন্মতি পত্ৰ স্বাক্ষৰ

কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ (টিভিইটি)ত গুণগত নিশ্চয়তাৰ গুৰুত্ব স্বীকাৰ কৰে। ই বৃত্তিমূলক প্ৰশিক্ষণ ব্যৱস্থাৰ নিয়ন্ত্ৰণ কাঠামো শক্তিশালী কৰিব, অগ্ৰাধিকাৰ খণ্ডত বৃত্তিগত মানদণ্ডৰ সহ-বিকাশ আৰু প্ৰান্তিককৰণ, আৰু বিষয়াসকলৰ সামৰ্থ্য বিকাশ, কৰ্মচাৰী বিনিময়, যৌথ কৰ্মশালা/গৱেষণা কাৰ্য্যকলাপ সক্ষম কৰিব।

১১

ভাৰতীয় শিল্পাকৃতিৰ প্ৰত্যাৱৰ্তন

৩ টা ভাৰতীয় প্ৰাচীন সামগ্ৰী ঘূৰাই আনে:

 

ক. শিৱৰ বাহন পবিত্ৰ ম'হ নন্দি [বিৱৰণ: তামিলনাডু, ভাৰত, একাদশ শতিকাৰ পৰা দ্বাদশ শতিকাৰ গ্ৰেনাইট]।

খ. শুভ কালিৰ সৈতে ত্ৰিশূল [ভদ্ৰকালি][বিৱৰণ: তামিলনাডু, ভাৰত, একাদশ শতিকাৰ ব্ৰঞ্জ]।

গ. ছয়মূৰীয়া স্কন্ধ (কাৰ্টিকেয়া) [বিৱৰণ: তামিলনাডু, ভাৰত, দ্বাদশ শতিকাৰ বেছাল্ট]।

১২

ৰুফটপ ছ’লাৰ ট্ৰেনিং একাডেমীৰ কাৰ্যক্ষমকৰণ

জলবায়ু পৰিৱৰ্তন, পৰিৱেশ আৰু জল বিভাগ (ডিচিইইডব্লিউ), ভাৰতৰ সেউজ চাকৰিৰ খণ্ড দক্ষতা পৰিষদ (এছএছচিজিজে), ৰিনিউৰ সহযোগত গান্ধীনগৰৰ পণ্ডিত দীনদয়াল শক্তি বিশ্ববিদ্যালয়ত স্থাপন আৰু কাৰ্যকৰী কৰা হৈছে। ২০০০ গৰাকী মহিলা আৰু যুৱক-যুৱতীক সৌৰ কাৰিকৰী/ইনষ্টলাৰ/হেল্পাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ লক্ষ্য। ২০২৪ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ দ্বাৰা আৰম্ভ কৰা পিএম সূৰ্য্য ঘৰ যোজনা, আৰু ভাৰতৰ সেউজ শক্তি যাত্ৰাক সমৰ্থন কৰে

১৩

অষ্ট্ৰেলিয়া-কানাডা-ভাৰত প্ৰযুক্তি আৰু উদ্ভাৱন অংশীদাৰিত্বৰ অধীনত বুজাবুজিৰ চুক্তি

অষ্ট্ৰেলিয়া–কানাডা–ভাৰত প্ৰযুক্তি আৰু উদ্ভাৱন (এচিআইটিআই) অংশীদাৰিত্বৰ অধীনত, উদীয়মান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ত্ৰিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছে

১৪

জিঅ’ছায়েন্স অষ্ট্ৰেলিয়া আৰু ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ মাজত বুজাবুজিৰ চুক্তি

২০১৫ চনত স্বাক্ষৰিত বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তিৰ আধাৰত ইয়াক গঢ়ি তোলা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে উন্নত অন্বেষণ পদ্ধতি গ্ৰহণ, ক্ষমতা বৃদ্ধি আৰু দক্ষতাৰ বিকাশ কৰা, আৰু ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ আন্তঃগাঁথনিৰ প্ৰযুক্তিগত উন্নীতকৰণ আৰু আধুনিকীকৰণ সম্ভৱ কৰা।

১৫

বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ আৰু আইপি অষ্ট্ৰেলিয়াৰ মাজত পৰম্পৰাগত জ্ঞানৰ ডিজিটেল পুথিভঁৰাল ব্যৱহাৰৰ চুক্তি

আইপি অষ্ট্ৰেলিয়াক পৰম্পৰাগত জ্ঞানৰ ডিজিটেল পুথিভঁৰালৰ তথ্যভঁৰাল ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে।

১৬

বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ আৰু মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি

ঔষধৰ লক্ষ্য নিৰ্ধাৰণৰ দিশত যৌথ গৱেষণা কাৰ্যসূচী, প্ৰশিক্ষাৰ্থী কাৰ্যসূচী আৰু শিক্ষক আদান-প্ৰদান কাৰ্যসূচীসহ ভৱিষ্যতৰ সহযোগিতাৰ বাবে দুয়োটা প্ৰতিষ্ঠানৰ মাজত সংযোগ স্থাপন কৰে।

১৭

কলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট আৰু অষ্ট্ৰেলিয়াৰ চাউথ ব্ৰিছবেনৰ গ্ৰিফিথ ফিল্ম স্কুলৰ মাজত বুজাবুজিৰ চুক্তি

যৌথ বিদ্যায়তনিক কাৰ্যকলাপ আৰু কৰ্মশালা, চিনেমা আৰু আনুষংগিক ক্ষেত্ৰত যৌথ প্ৰকল্পৰ বিকাশ, আৰু হ্ৰস্বম্যাদী কৰ্মশালা বা গ্ৰীষ্মকালীন স্কুলৰ সহযোগিতা অন্তৰ্ভুক্ত কৰি সহযোগিতাৰ বাবে এক নমনীয় আৰু মুকলি গাঁথনি স্থাপন কৰে।

১৮

ভিক্টোৰিয়া বিশ্ববিদ্যালয়ক অনুমোদন পত্ৰ প্ৰদান

ভিক্টোৰিয়া বিশ্ববিদ্যালয়ক গুৰুগ্ৰামত নিজৰ কেম্পাছ স্থাপন আৰু পৰিচালনা কৰাৰ অনুমতি প্ৰদান কৰে।

****

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2283103) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam